দৰং জিলাৰ কলাইগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত লক্ষীমপুৰ আঞ্চলিক মীন মহল সমিতিয়ে পোনা মাছ উৎপাদনত অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। সমগ্ৰ দৰং আৰু ওদালগুৰি জিলাৰ লগতে শোণিতপুৰ, কামৰূপ আৰু বাক্সা জিলাৰ মীনপালকসকলে লক্ষীমপুৰ আঞ্চলিক মীন মহলত উৎপাদন কৰা গুণগত মাছৰ পোনা বিচাৰি ভিৰ কৰা পৰিলক্ষিত হৈছে। মীন মহল সমিতিৰ সভাপতি দণ্ডধৰ ডেকা আৰু সম্পাদক দীনেশ্বৰ ডেকাই জানিবলৈ দিয়া মতে, এই মীন মহলটোৰ পৰা মীনপালকসকলে দৈনিক ২০ৰ পৰা ২৫ লাখ মাছৰ পোনা ক্ৰয় কৰে। বৰ্তমান এক কোটিৰো অধিক মাছৰ পোনা মজুত থকাৰ কথা জানিবলৈ দি সমিতিখনৰ সভাপতি আৰু সম্পাদকে লগতে কয় যে প্ৰতি লাখ মাছ পোনাৰ মূল্য পাঁচশ টকা নিৰ্দ্ধাৰণ কৰা হৈছে। ৰৌ, ভকুৱা, মিৰিকা, ছিলভাৰ কাৰ্প মাছৰ পোনা বিশেষভাৱে উপলব্ধ হৈছে লক্ষীমপুৰ আঞ্চলিক মীন মহলত। ঐতিহাসিক লক্ষীমপুৰ আঞ্চলিক মীন মহল সমিতিয়ে পোনা মাছ উৎপাদনত অভিলেখ গঢ়িবলৈ সক্ষম হোৱাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।
লেখক: বাপন শৰ্মা, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 4/28/2020
গাখীৰ উৎপাদনেৰে লক্ষাধিক টকা উপাৰ্জন কৰে গুৱালজান ...
অসমত সমবায়ভিত্তিত দুগ্ধ উৎপাদন: সম্ভাৱনা আৰু প্ৰত্...
অধিক গাখীৰ উৎপাদনৰ বাবে থলুৱা জাতৰ গৰুৰ উন্নতিকৰন
গুণগত মানৰ মাগুৰ আৰু শিঙি মাছৰ পোনা উৎপাদন