অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাজুলীৰ ভৰালী ভ্ৰাতৃদ্বয়ৰ কথা

মাজুলীৰ ভৰালী ভ্ৰাতৃদ্বয়ৰ কথা

জৈৱ বৈচিত্ৰ্যৰে চহকী আৰু ভিন্ন প্ৰাকৃতিক সমলৰে পূৰ্ন নদী-দ্বীপ মাজুলীয়ে স্বকীয় বৈশিষ্টৰ বাবেই দেশৰ ভিতৰতে লাভ কৰি আহিছে এখন সুকীয়া আসন।কৃষিৰ ক্ষেত্ৰত বিশেষ সুনাম থকা মাজুলিত স্থায়ীভাবে বাস কৰা প্ৰ্তিটো পৰিয়ালৰে নিজৰ ঘৰৰ সৈতে স্ংলগ্ন হৈ আছে একো একোখন বৃহৎ বাৰী।বিভিন্ন উদ্যান শস্য যেনে তামোল-পান আম,কঠাল,নাৰিকল,বিভিন্ন প্ৰ্জাতিৰ কল,কুহিয়াৰ,আদা,হালধি,নেমু আদিৰে ভৰি আছে প্ৰায় প্ৰ্তিখন বাৰী।ইফালে প্ৰ্তি বছৰে বানে পলস পেলাই যোৱা মাজুলিৰ কৃষিভূমিত পৰম্পৰাগতভাবে কৰি অহা আহু,বাও,শালি আদি বিভিন্ন শ্ৰেনীৰ ধান,মাহ,সৰিয়হ আদি খেতিৰ পৰাও বহু অৰ্থ উৰ্পাজন কৰে মাজুলিৰ কৃষকে। কোনো গুৰু উদ্যোগ নথকা মাজুলীৰ কৃষিক্ষেত্ৰখনৰ এনে যোগাত্মক দিশৰ কাৰনেই কৃষিজাত সামগ্ৰীক কেচাঁমাল হিচাপে ব্যৱহাৰ কৰি ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে উন্নত মানদণ্ডৰ সামগ্ৰী উৎপাদনৰে ৰাজ্যখনৰ বজাৰ দখল কৰিব পৰাৰ এটা দিশ উন্মুক্ত হৈ আছে। এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰো যথেষ্ঠ কৰনীয় আছে।

মাজুলীৰ জৈৱিকভাবে উৎপাদিত ফচলক কেঁচামাল হিচাপে ব্যৱহাৰ কৰি উৎপাদন কৰা উন্নত খাদ্যদ্ৰব্যৰে শেহতীয়াভাবে ৰাজ্যখনৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে এই নদী-দ্বীপৰেই দুগৰাকী কৰ্মোদ্যমী যুৱক।কেৱল নিজে স্বাৱলম্বী হোৱাই নহয়,দহ-বাৰগৰাকীকৈ লোককো জীবিকাৰ সুবিধা দিবলৈ সমৰ্থ হোবা কমলাবাৰীৰ ইন্দুকল্প ভৰালী(৪০) আৰু বেদব্ৰত ভৰালী(৩৮) নামৰ ভ্ৰাতৃদ্বয় আদৰ্শ হৈ পৰিছে মাজুলিবাসীৰ মাজত। কোনো চৰকাৰী চাকৰিৰ আশা নকৰি ঔদ্যোগী মন,বুদ্ধি,ধৈৰ্য্য আৰু একাগ্ৰতাক মূলধন হিচাপে লৈ সম্প্ৰ্তি দুয়োগৰাকী ভ্ৰাতৃয়ে প্ৰ্তিষ্ঠিত যুৱ ঔদ্যোগী হিচাপে থিয় দিব পাৰিছে।

ইন্দুকল্প ভৰালীয়ে ২০০৩ বৰ্ষত স্নাতক মহলাত পঢ়ি থাকোতেই যোৰহাটৰ আঞ্চলিক গৱেষনাগাৰত গ্ৰহন কৰা প্ৰ্শিক্ষনৰ ওপৰত ভিত্তি কৰি পূৰঠ আঠিয়া কলৰ সৈতে অন্য কিছু খাদ্য দ্ৰব্য মিহলাই প্ৰ্স্তত কৰিছিল সুস্বাদু মিশ্ৰ্ন। সেয়াই আৰম্ভনি।দেউতাকৰ পৰা লাভ কৰা মূলধন আৰু খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ পৰা লাভ কৰা ঋনৰ সহায়ত ভৰালীয়ে ক্ৰয় কৰে এটি মেছিন।এই যন্ত্ৰৰ সহায়ত আঠীয়া কলৰ গুড়ি, চাউলৰ গুড়ি, মগুমাহৰ গুড়ি, আৰু বিবিধ ফলৰ গুড়িৰ মিশ্ৰনৰে প্ৰ্স্তত কৰিলে সকলোৰে বাবে উপযোগী এবিধ খাদ্য মিশ্ৰন।ভীমভিটা,নামেৰে উৎপদন কৰা এই খাদ্যদ্ৰব্যবিধক মাইচোৰৰ কেন্দ্ৰীয় খাদ্য প্ৰ্স্ততি গৱেষনা প্ৰ্তিষ্ঠান আৰু অসম জনস্বাস্থ্য বিশ্লেষন গৱেষনাগাৰে উৎকৃষ্টতাৰ প্ৰমান পত্ৰ প্ৰদান কৰে।২০০৫ চণতে যোৰহাট বানিজ্য মেলাত প্ৰথমবাৰৰ বাবে ভীমভিটাৰ ব্যৱসায়ীক প্ৰচলন আৰম্ভ হয়।উক্ত বৰ্ষতেই ভীমভীটাই দ্বিতীয় শ্ৰেষ্ঠ খাদ্য দ্ৰব্যৰ সন্মান লাভ কৰাৰ লগতে বাৰ হাজাৰ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হয়।একেটা বছৰৰে জানুবাৰী মাহত গুৱাহাটীত অনুষ্ঠীত বানিজ্য মেলা আৰু ২০০৬ বৰ্ষত আন্ত:ৰাষ্ট্ৰীয় কল মহৎোসৱত ভীমভীটা প্ৰদৰ্শীত হয়।ইয়াৰ পাছৰে পৰা ভীমভীটাই সমগ্ৰ অসম জুৰি বজাৰ দখল কৰি নিজৰ অস্বিত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে।বৰ্তমান ইন্দুকল্প ভৰালীৰ সৃষ্টি উদ্যোগত ভীমভাটী উৎপাদনৰ সৈতে তিনিজন নিয়মীয়া কৰ্মচাৰীৰ লগতে আঠগৰাকী মহিলা কৰ্মচাৰী নিয়োজিত হৈ আছে।মাজুলিৰ বিভিন্ন অঞ্চলৰ পৰা পূৰঠ আঠিয়া কল স্ংগ্ৰ্হক বাবে নিয়োজিত হৈছে দহজনকৈ লোক।প্ৰ্তিটো কল ক্ৰয় কৰা হয় ৭০ পইচাকৈ।কল কটাৰ পৰা শুকোওবা গুড়ি কৰা আদি কামত ব্যৱহাৰ কৰা হয় কেইবাটাও মেচিন।সৃষ্টি উদ্যোগ বৰ্তমান প্ৰ্তিমাহে ভীমভিটা ৪০০ গ্ৰামৰ পাচঁহাজাৰটা টেমা উৎপাদন কৰে যদিও এই উৎপাদনেৰে বজাৰৰ চাহিদা পূৰন কৰিবলৈ সক্ষম হোবা নাই।ইন্দুকল্প ভৰালীয়ে জনোবা মতে কম সময়ৰ ভিতৰত নতুনকৈ স্থাপন কৰিবলৈ লোৱা মেছিনৰ সহায়ত এই উৎপাদনক্ষমতা বৃদ্ধি  কৰাৰ পৰিকল্পনা গ্ৰহন কৰা হৈছে।কেঁচামালৰ অভাৱ দূৰ কৰিবলৈ আঠিয়া কলৰ পুলি ৰোবৰ পৰিকল্পনাও কৰা হৈছে বুলি ইন্দুকল্প ভৰালীয়ে জনালে।

ভৰালীৰ ভ্ৰাতৃ বেদব্ৰত ভৰালীয়েও জেষ্ঠ ভ্ৰাতৃৰ আদৰ্শ আগত লৈ পিতৃৰ নামত স্থাপন কৰিছে মুহিধৰ ভৰালী উদ্যোগ নামেৰে মিঠাতেল পেৰা এটি ক্ষুদ্ৰ উদ্যোগ।উল্লেখযোগ্য যে মাজুলিত উৎপাদন হোবা সৰিয়হৰ প্ৰায় নব্বৈ শতাংশই মাজুলিৰ বাহিৰলৈ সৰবৰাহ হয়।বেদব্ৰ্ত ভৰালীয়ে মাজুলিত পৰ্য্যাপ্ত পৰিমানে উৎপাদন হোবা সৰিয়হৰ পৰা উন্নত মানৰ মিঠাতেল উৎপাদনৰ বাবে প্ৰধান  মন্তীৰ নিয়োগ নিশ্চিত আচঁনিৰ জৰিয়তে চাৰিলাখ টকাৰ এটি ঋন লৈ ২০১৩ চনৰ পৰা কাম আৰম্ভ কৰে।উন্নত প্ৰযুক্তিৰে “লুইট মাজুলি” ব্ৰেণ্ড নামেৰে উৎপাদন আৰু বিপনন কৰা এই মিঠাতেল প্ৰ্তি মাহত ছয় হাজাৰ লিটাৰকৈ ঊৎপাদন কৰা হয়।১ লিটাৰ ৫০০ গ্ৰাম আৰু ২০০ গ্ৰামৰ বটলিঙেৰে মিঠাতেল প্ৰ্স্তত কৰা এই উদ্যোগত অৰ্ডাৰ অনুসৰি ২০ লিটাৰৰ গেলনো পোৱা যায়।উদ্যোগটোৰ ব্যৱসায় যথেষ্ঠ উৎসাহজনক।বেদব্ৰত ভৰালীয়ে ইতিমধ্যে অসম কৃষি বিশ্ববিদ্যালয় আৰু অসম জনস্বাস্থ্য বিশ্লেষন পৰীক্ষাগাৰৰ পৰা এশ শতাংশ  বিশুদ্ধ সৰিয়হ তেল উৎপাদন কৰা বুলি প্ৰমান  পত্ৰ লাভ কৰিছে।ইন্দুকল্প ভৰালীয়ে সন্মুখীন হোৱা সমস্যাসমূহৰ দৰেই বিদুৎ,যাতায়ত আদিৰ অভাবৰ বাবে বেদব্ৰত ভৰালীয়ে চাহিদা অনুসৰি মিঠাতেলৰ উৎপাদন বৃদ্ধি কৰাত সমস্যাৰ সন্মুখীন হৈছে।ভৰালীয়ে উৎপাদন কৰা ৬ হাজাৰ লিটাৰ মিঠাতেলৰ ৩ হাজাৰ লিটাৰ মাজুলিত আৰু বাকী ৩ হাজাৰ লিটাৰ যোৰহাট,গোলাঘাট আৰু গুৱাহাটীত বিক্ৰি কৰে।বচৰটো বাৰটা মাহেই উৎপাদনৰ কাম চলি থাকে যদিও বানপানী বেছি হলে সাময়িকভাবে উৎপাদন বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি  হয়।উল্লেখযোগ্য যে লুইট মাজুলি ব্ৰেণ্ডৰ সমান্তৰালভাবে এই উদ্যোগটোত বিশেষ বৈশিষ্ট পকা তেল উৎপাদন কৰা হয়।ভাজি লোৱা সৰিয়হৰ পৰা উৎপাদন কৰা এই পকা তেলৰ মূল্য প্ৰ্তিলিটাৰ ২৫০ টকা।আনহাতে উপজাত দ্ৰব্য হিচাপে উদ্যোগটোত প্ৰ্স্তত হোবা খলিহৈৰো এখন ভাল বজাৰ আছে।এই খলিহৈ নগাঁও আৰু ত্ৰিপুৰাৰ ব্যৱসায়ীয়ে ক্ৰয় কৰে বুলি  বেদব্ৰত ভৰালীয়ে আমাক জনালে।

যাতায়াতৰ উন্নয়নে একোটা অঞ্চলৰ সামুহিক উন্নয়নকে সূচায়।অসূচল যোগাযোগ ব্যৱস্থাৰ বাবেই মাজুলিত ক্ষতিগ্ৰস্ত হৈছে এনে উদ্যোগসমূহ।ভূতৰ ওপৰত পৰা দানহৰ দৰে অনিয়মীয়া বিদুৎ যোগানেও মাধমাৰ সোধাইছে এনে ক্ষুদ্ৰ উদ্যোগসমূহক।এনে প্ৰেক্ষাপটতো নিজৰ অসাধৰন ঔদ্যোগী মনোভাব আৰু সৃষ্টিশীলতাৰে ইন্দুকল্প ভৰালী আৰু বেদব্ৰত ভৰালীয়ে মাজুলিৰ থলুৱা কৃষিজাত কেচাঁমালক নিৰ্ভৰ কৰি ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে লাভজনক বজাৰমুখী সামগ্ৰী উৎপাদনৰ যি আদৰ্শ দেখুৱাইছে সেয়া মাজুলিৰ যুৱ সমাজৰ বাবে প্ৰেৰনা আৰু আশাৰ বতৰা হৈ পৰিছে।

উৎস-এগ্ৰী-হৰ্টী প্ৰ্দৰ্শনী ২০১৫

শেহতীয়া উন্নীতকৰণ: : 5/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate