অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাজুলী কৈৱৰ্ত গাঁৱৰ কৃষকৰ নিদৰ্শন

মাজুলী কৈৱৰ্ত গাঁৱৰ কৃষকৰ নিদৰ্শন

কচু খেতিৰে কৃষি বিপ্লৱৰ সূচনা


ডিব্ৰুগড় জিলাৰ লেঙেৰী অঞ্চলৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বুঢ়ীদিহিং নদীৰ প্ৰবল গৰাখহনীয়া আৰু বানপীড়িত অঞ্চল হিচাপে পৰিচিত মাজুলী কৈৱৰ্ত গাঁৱৰ কৃষকে কচু খেতিৰে কৃষি বিপ্লবৰ সূচনা কৰি আশাৰ বতৰা কঢ়িয়াই আনিছে। বছৰৰ ছটা মাহে বুঢ়ীদিহিং নদীৰ বানৰ মাজত আবদ্ধ হৈ থকা গাঁওখনৰ কৃষকসকলে এই বছৰত পানীৰ অভাৱত কঠীয়া সিচিও শস্য ৰোপণ কৰিব নোৱাৰিলে। প্ৰায় ২০০ টা পৰিয়ালে বসবাস কৰি অহা গাঁওখনৰ ৰাইজৰ জীৱন-ধাৰণৰ একমাত্ৰ সম্বল হৈছে কৃষিকৰ্ম। চৰম দৰিদ্ৰতা আৰু প্ৰায়ে হতাশাত ভুগি অহা কৃষকসকলে জেঠ মাহত বাও ধানৰ খেতি কৰিছিল যদিও পানীৰ অভাৱৰ বাবে শ শ কৃষিভূমি ধ্বংস হৈ পৰে। ৰঙালাউ, আলু, মাটিমাহকে ধৰি বিভিন্ন শস্য খেতিত উৎপাদিত ফলে বজাৰত বিক্ৰী কৰিয়েই পৰিয়ালক পোহপাল দি অহা নৈপৰীয়া কৃষকসকলে এই বছৰৰ আহিন মাহলৈ পানীৰ অভাৱৰ বাবে শস্য ৰোপণ কৰিব নোৱাৰাত মূৰে কপালে হাত দিব লগা হৈছে। চৰকাৰৰ কৃষি বিভাগ, জলসিঞ্চন বিভাগ তথা পঞ্চায়তত কোনো আঁচনিয়ে স্পৰ্শ কৰিব নোৱাৰা গাঁওখনৰ কৃষকে তেনে সময়তে কচু খেতিৰ ওপৰত ব্যস্ত হৈ পৰিছে। প্ৰতি ঘৰৰ কৃষকে এক দুই বিঘাকৈ কচু খেতিত প্ৰখৰ ৰ’দকো নেওচি ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। আহিন মাহৰ শেষৰ ভাগৰ কচুসমূহ খান্দি প্ৰতি বিঘাত উৎপাদিত ফচলৰ মূল্য ২০ হেজাৰ টকাকৈ লাভ কৰিব বুলি কৃষকসকলে জানিবলৈ দিছে।

উৎস: দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate