অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুৰ মৰুময় চাপৰিত কৃষকৰ সেউজ বিপ্লৱ : কৃষি অৰ্থনীতিলৈ যোগাত্মক বাৰ্তা

মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুৰ মৰুময় চাপৰিত কৃষকৰ সেউজ বিপ্লৱ : কৃষি অৰ্থনীতিলৈ যোগাত্মক বাৰ্তা

 

ব্ৰহ্মপুত্ৰৰ উৰ্বৰা ভূমিয়ে সৃষ্টি কৰা এটা ৰসাল চাপৰি । মাজুলীৰ কমলাবাৰীৰ পৰা দহ কি:মি: দক্ষিণ-পশ্চিম দিশত অৱস্থিত মাজুলীৰ বুকুৰে অন্য এক মাজুলী হিচাপে পৰিচিত নাম ভকত চাপৰি । খহনীয়াৰ কবলত পৰি দিশহাৰা, গৃহহাৰা হোৱা নামনি মাজুলীৰ দুৰ্ভগীয়া লোক সকলৰ এঘৰ এঘৰকৈ আহি চাপৰিটোত সোতৰ খনকৈ গাও সৃষ্টি হলহি এই ভকত চাপৰি অঞ্চল।

অত্যন্ত কষ্ট কৰিব পৰা চাপৰিটোৰ বাসিন্দা সকলে নিজা কষ্ট তথা জৈৱিক কৃষি কৰ্মৰ যোগেদি বালিময় চাপৰিটো ক্ৰমে সেইজীয়া চাপৰিলৈ ৰূপান্তৰ কৰি তোলে। ভকত চাপৰি এতিয়া মাজুলীৰ শইচৰ ভঁৰাল হিচাপে পৰিচিত হৈ পৰিছে ।

বাৰ মাহত তেৰটা খেতি কৰি কৃষক সকলে এক সেউজ বিপ্লৱৰ সুচনা কৰিছে চাপৰিটোত। আধুনিক বিজ্ঞানসন্মত কৌশল তথা কোনো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ পৰম্পৰাগত পদ্ধতিৰে সম্পূৰ্ণ বিশুদ্ধ আৰু স্বাস্থ্যসন্মত গুৰ উৎপাদন কৰি দৃষ্টি আকৰ্ষণ কৰিছে মাজুলীৰ ভকত চাপৰিৰ কৃষক ৰাইজে।

বৰ্তমান বিহুৰ বতৰত উশাহ লবলৈও সময় নোপোৱা এইসকল কৃষকে দিনৰ দিনটো আৰু নিশা এপৰলৈকে কুঁহিয়াৰ সমুহ পৰিস্কাৰ কৰি শালত চেপি ৰস উলিয়াই ঢালাইত পগোৱাৰ পৰা আৰম্ভ কৰি ২ কিলোগ্ৰামৰ পৰা ১০ কিলোগ্ৰামলৈকে বিভিন্ন আকাৰৰ চাঁকি বা ঢালা গুৰ তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে।

চাপৰিটোৰ প্ৰায় ৪০০ পৰিয়াল এই কুঁহিয়াৰ খেতি আৰু গুৰ উৎপাদনৰ লগত জড়িত। অন্যান্য কৃষিৰ উপৰি এইসকল কৃষকে এইটো বৰ্ষত মুঠ ১০০০ বিঘা মাটিত কুঁহিয়াৰ খেতি কৰিছে। তথ্য অনুসৰি প্ৰতি বিঘা মাটিত উৎপাদিত কুঁহিয়াৰৰ পৰা ১২ কুইণ্টলকৈ গুৰ উৎপাদন হৈছে।

ব্যৱসায়ী সকলে কৃষক সকলৰ পৰা কুইণ্টলে প্ৰতি ৪০০০ টকাকৈ ক্ৰয় কৰি মাজুলীৰ লগতে ধেমাজি, লক্ষিমপুৰ, যোৰহাট, ডিব্ৰুগড় পৰ্যন্ত গুৰৰ বজাৰখন সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য এই বৰ্ষত গুৰৰ পৰাই ভকত চাপৰিৰ কৃষক সকলে ৪ কোটি ৮০ লাখ টকা উপাৰ্জন কৰিছে । ই মাজুলীৰ গ্ৰাম্য অৰ্থনীতিলৈ এক যোগাত্মক বাৰ্তা কঢ়িয়াই আনিছে । ভকত চাপৰিৰ এই লাভজনক কুঁহিয়াৰ খেতিত নামি পৰিছে অঞ্চলটোৰ বহু শিক্ষিত যুৱক ।

লেখক: মিটু খাটনিয়াৰ (সেউজ চিন্তা)

শেহতীয়া উন্নীতকৰণ: : 1/11/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate