অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাদ্ৰাছাৰ চাকৰি এৰি নাৰ্ছাৰী ব্যৱসায়েৰে স্বাৱলম্বন :

মাদ্ৰাছাৰ চাকৰি এৰি নাৰ্ছাৰী ব্যৱসায়েৰে স্বাৱলম্বন :

 

যিটো সময়ত চৰকাৰী-বেচৰকাৰী খণ্ডত চাকৰি বিচাৰি ৰাজ্যখনৰ শইক্ষিত যুৱক-যুৱতীসকলে হাহাকাৰ কৰি ফুৰিবলগীয়া হৈছে, তেনে সময়তে মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চলৰ এজন যুৱকে মাদ্ৰাছাৰ চাকৰি এৰি নাৰ্ছাৰীৰ ব্যৱসায়ত নামি পৰা ঘটনাই এক আদৰ্শৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এই ব্যতিক্ৰমী যুৱকজন হৈছে লাহৰীঘাট অঞ্চলৰ তিনিচুকীয়া মহমাৰা গাঁৱৰ নজৰুল আলাম আৰু উমে কুমচুমৰ সন্তান ইয়াহিয়া আলম। ফল-ফুল আৰু বৃক্ষৰ পৰিচৰ্যাই যেন এইজন যুৱকক বাল্যকালৰেপৰা হাতবাউলি দি আহিছিল। ফলস্বৰূপে ঘৰৰ কাষতে থকা তিনিচুকীয়া  বানাত মাদ্ৰাছাত আৰু বেংগালুৰুৰ এখন মাদ্ৰাছাত চাকৰি কৰিও যেন সুখী হ’ব পৰা নাছিল তেওঁ। সেয়ে পাঁচ বছৰৰ পূৰ্বে মাদ্ৰাছাৰ চাকৰি এৰি যুৱকজনে মাত্ৰ ৩,৫০০ টকাৰে আৰম্ভ কৰে এখন ক্ষুদ্ৰ নাৰ্ছাৰী। ঘৰৰ চোতালতে আৰম্ভ কৰা ক্ষুদ্ৰ নাৰ্ছাৰীখনেৰে যুৱকজনে সম্প্ৰতি মাহেকত ১০-১২ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। এই ধনৰাশিৰে যুৱকজনে নিজৰ পাঁচজনীয়া সদস্যৰ পৰিয়ালটি নিয়াৰিকৈ চলাই গৈছে। যুৱকজনে জনোৱা মতে, জিলাখনৰ কুশতলি, বৈদ্যবড়ী আৰু গেৰুৱা সাপ্তাহিক বজাৰত ফল-ফুল আৰু বিভিন্ন উন্নত জাতৰ গছ-গছনিৰ পুলি বিক্ৰী কৰি আহিছে। তদুপৰি জিলাখনৰ কছাৰীবড়ী, বৰংগাবাৰী, লাহৰীঘাট, টেঙাগুৰি আদি অঞ্চলৰ গাঁওসমূহত এখন মটৰ চাইকেলেৰে ফল-ফুল আৰু গছ-গছনিৰ পুলি কঢ়িয়াই নিয়ো তেওঁ বিক্ৰী কৰি আহিছে। হাঁহিমুখীয়া আৰু অতি অমায়িক যুৱকজনে সকলোৰে আকৰ্ষিত কৰি নিজৰ ব্যৱসায় আগুৱাই নিবলৈ সক্ষম হৈছে। ইফালে, ধনৰ অভাৱত নাৰ্ছাৰীখন ডাঙৰ কৰিবলৈ আশা কৰিও থমকি ৰ’ব লগা হৈছে যুৱকজন। এই সন্দৰ্ভত তেওঁ জনোৱা মতে, নাৰ্ছাৰীখনৰ প্ৰসাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে স্থানীয় বেংক আৰু জিলা কৃষি বিভাগৰ লগত বহুবাৰ যোগাযোগ কৰিও তেওঁ কোনো সুফল পোৱা নাই। তথাপি তেওঁ আশাবাদী বেংক নতুবা কৃষি বিভাগে ঋণ বা সহায়-সাহায্য প্ৰদান কৰিলে তেওঁ নাৰ্ছাৰী ব্যৱসায়ৰ জৰিয়তে অধিক উপাৰ্জন কৰিবলৈ সক্ষম হ’ব। তথাপি কম মূলধনেৰে কম উপাৰ্জন কৰিলেও তেওঁ বহুত সুখী। তেওঁ ‘দৈনিক অসম’ক জনোৱা মতে, এতিয়াৰ উপাৰ্জিত ধনেৰে তেওঁ নিজা ব্যৱসায় পৰিচালনাৰ বাবে এখন মটৰ চাইকেলো ক্ৰয় কৰিছে আৰু এই মটৰ চাইকেলখনেৰে জিলাখনৰ উত্তৰাঞ্চলটোত নাৰ্ছাৰীৰ ফল-ফুলৰ পুলিসমূহ বিক্ৰী কৰি আহিছে। একেদৰে সেই মটৰ চাইকেলখনেৰে ক্ষেত্ৰী আৰু লংকাৰ নাৰ্চাৰীসমূহৰপৰা নিজা ব্যৱসায়ৰ বাবে প্ৰয়োজনীয় পুলিসমূহ কঢ়িয়াই আহিছে।

উৎস: দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 2/9/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate