অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মিলন ৰাজহুৱা পুখুৰী গোট আৰু একাংশ আশাহত লোকৰ আশাৰ ৰেঙণি

মিলন ৰাজহুৱা পুখুৰী গোট আৰু একাংশ আশাহত লোকৰ আশাৰ ৰেঙণি

বৰপেটা জিলাৰ বজালী মহকুমাৰ সদৰ পাঠশালাৰ সমীপৱৰ্তী এখন সৰু কিন্ত শৃংখলাবদ্ধ গাঁৱৰ নাম গেৰ্গেৰীয়া।প্ৰায় ৮০ টা পৰিয়ালৰ সমষ্টি গাওঁখনৰ অৰ্থনৈতিকভাৱে কিমান আঢ্যবন্ত,সেইটো ডাঙৰ কথা নহয়।গুৰুত্বপূৰ্ন কথাটো হল সকলোৰে অৰ্থনৈতিক  উত্তৰণৰ ৰেখাচিত্ৰ্ডাল প্ৰায় সমানুপাতিক।সকলোৱে এজনে আনজনৰ হাতত ধৰাধৰিকৈ আগবাঢ়িছে উন্নয়নৰ পথত।কাম-কাজ,সুখ-দুখ,হাহিঁ-কান্দোন,ঐশ্বৰ্য-বিষাদ সকলো গাওঁখনত উমৈহতীয়া।সকলোখিনি ভগাই লয় হৃদয়ৰ তাগিদাৰে আৰু এই সকলোখিনিৰ চালিকা শক্তিৰ মূলতেই হল মীন পালন।প্ৰকৃতাৰ্থত গাওঁখনৰ প্ৰ্তিটো পৰিয়ালেই নীল বিপ্লৱৰ পটভূমিত একো একোজন অগ্ৰনী সৈনিক।অৱশ্যে কিছু বছৰৰ আগলৈ গাঁওখনৰ অৱস্থা আজিৰ দৰে নাছিল।গাওঁখনৰ বাটচৰাতে কালদিয়া নৈৰ এৰা সুঁতিয়ে অতীজতে সৃষ্টি কৰা বৃহৎ পিটনিসদৃশ পৰিত্যক্ত জলভাগ আছিল গাওঁখনৰ চকুলো।কাৰন এই অভিশাপটোৰ বাবে খেতি-বাটি যাতায়াত,পৰিৱেশানুকুল আদি কোনো পিনৰপৰাই গাঁওখনৰ সুচল নাছিল।তদুপৰি ইয়াতেই আছিল বিভিন্ন হিংস্ৰ জীৱ-জন্তৰ মুকলি আৱাসভূমি।কথিত আছে যে গাওঁখনৰ নামটোৰ লগতো০ এই পিটনিখন সম্পৰ্কিত।দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ভূটীয়াসকলে অঞ্চলটোত বাহৰ পাতিছিল।পানীৰ বাবে হাহাকাৰ কৰি পিটনিত নামিছিল পানী বিচাৰি।ভূটীয়াৰ ভৰিৰ গেৰ গেৰ শব্দই অঞ্চলটোলৈ আনিছিল অন্য এক ঝ্ংকাৰৰ মাদকতা।তাৰপৰাই অঞ্চলটোৰ নাম হল গেৰগেৰীয়া।

ইতিমধ্যে পৰৱৰ্তী প্ৰজন্মই পিটনিখনক দুৰ্ভাগ্যৰপৰা সম্ভাৱনালৈ ৰুপান্তৰ কৰিবলৈ চিন্তা কৰিবলৈ ললে।মীনপালনকে আদি কৰি বিভিন্ন উৎপাদনমুখী চিন্তা মনলৈ আহিল যদিও সকলোখিনি নিয়াৰিকৈ বাস্তৱায়িত কৰাটো ইমান উজু নহয়।যথেষ্ঠ মূলধনী ব্যয়ৰো প্ৰয়জনো হয় আন্তগাঁথনীমূলক কামখিনিৰ বাবে।এনেতে ১৯৮৮ চন্ত গাওঁবাসীৰ তৰফৰপৰা মীনপালক উন্নয়ন স্ংস্থাই আয়োজন কৰা প্ৰ্শিক্ষনতো অংশগ্ৰহন কৰে।১৯৯২ চনত জালাহ উন্নয়ন খণ্ডত আয়োজিত মীন বিষয়ক সজাগতা সভাতো অংশগ্ৰহন কৰে গাওঁবাসীয়ে।সাতে সোতৰেই মিলি গাওঁবাসী মীনপালনৰ প্ৰ্তি বাৰুকৈয়ে আগ্ৰ্হান্বিত হল।১৯৯৯ চনত ৰাইজৰ স্ংগৃহিত ধনৰে পিটনিখন চাফা কৰাৰ প্ৰাৰম্ভিক প্ৰস্ততি চলিল।সকলোবে কায়িক শ্ৰমৰে হাতে-কামে জড়িত হল।লাহে লাহে আৰম্ভ হল মীন পালন।সামান্তৰালভাবে আহিল অভাবনীয় অৰ্থনৈতিক সফলতা।সম্ভাৱনীয়তা অনুযায়ী কৰনীয় বহুখিনিয়ে আছিল যদিও ৰাইজে বহুখিনিয়ে আছিল যদিও ৰাইজে পৰ্য্যায়ক্ৰমে যৎপৰোনাস্তি কাম-কাজেৰে আহৰন কৰিবলৈ ললে অৰ্থনৈতিক মুনাফা।ফলত গাঁওবাসীৰ অৰ্থনৈতিক উত্তৰনৰ লগে লগে আৰ্থ সামাজিক উন্নয়নো প্ৰশস্ত হল অতি মসৃনভাৱে।বিভিন্ন উন্নয়নমূলক কাম কৰিবলৈ ললে ৰাইজে।২০০৬ চনত জিলা মীন সম্প্ৰসাৰনৰ পৰামৰ্শদাতা কল্পজিৎ কলিতাৰ লগত যোগাযোগ হয় গাওঁবাসীৰ।সৰবৰহী যুবক কলিতাই এটা আশাৰ ৰেঙনি দেখি গাওঁবাসীক সহায় কৰিবলৈ আগবাঢ়ি আহিল।যাৱতীয় দিহা-পৰামৰ্শৰ উপৰি বিশ্ব বেংকৰ ধনৰে ৰুপায়িত অসম কৃষি সামৰ্থ্যবৰ্দ্ধন প্ৰকল্পৰ আওতাৰে জলাশয়টোৰ উন্নয়ন কৰাৰ ব্যৱস্থা কৰা হল।গাওঁবাসীৰ সামৰি গঠন কৰা হল “মিলন ৰাজহুৱা পুখুৰী উন্নয়ন গোট”।বিভাগীয় পৃষ্ঠপোষকতাত প্ৰায় দুই হেক্টৰ পৰিত্যক্ত জলকালি মীন পামলৈ ৰুপান্তৰ কৰা হল।ৰাইজৰ উৎসাহৰ সীমা নোহোৱা হল।প্ৰথম বচৰতে উৎপাদন পালে প্ৰায় ৭৮ কুইন্টল মাছ।পৰৱৰ্তী বৰ্ষসমূহতো অনুৰুপ সফলতা আহিল।২০১১ চনত পুনৰ ১,৮ হেক্টৰ পতিত জলকালি মীন পামলৈ ৰুপান্তৰ কৰা হল।আজি গাঁওখনৰ ডেকা,বুঢ়া,পুৰুষ-মহিলা,সকলোৱে হৃদয়ৰ আহ্বানেৰে মীন পালনত জড়িত হৈ আচ আছে।গাওঁখনৰ ৮০টা পৰিয়ালেই সাধাৰন সদস্য হিচাপে থকা সমিতিখন ১৫ জন কাৰ্যনিৰ্বাহক সদস্যৰে গঠিত।সভাপতি আৰু সম্পাদক ক্ৰমে মৃনাশ শৰ্মা আৰু উমেশ দাস।মীনপালনৰপৰা আহৰিত ধনৰে ভৱিষ্য অৰ্থনৈতিক সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে বিভিন্ন সম্পতি কৰিছে সমিতিয়ে।তাৰ ভিতৰত ৩৫ বিঘা ভূমি ক্ৰয় উল্লেখযোগ্য।তদুপৰি মীমপালনৰপৰা লাভাংশৰ ধনৰে মন্দিৰ নিৰ্মান,সমিতীৰ ভৱন নিৰ্মান,জিৰনি ঘৰ নিৰ্মান,বাট-পথ নিৰ্মান,উচ্চ শিক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীলৈ আৰ্থিক অনুদান দুখীয়া পৰিয়ালৰ লৰা-ছোৱালীৰ বিয়াত এককালীন সাহায্য আদি বিভিন্ন জনহিতকৰ কাম কৰা হয়।মাঘ বিহুৰ উৰুকাত প্ৰ্তিটো পৰিয়ালে প্ৰায় তিনি কিলোগ্ৰামতকৈ বিনামূলীয়া মাছ।সভাপতি মৃনাশ শৰ্মাই জনোৱা মতে বচৰকেত মীনপালনৰপৰা অৰ্জন হয় প্ৰায় ১০ লাখ টকা।ধান খেতি আৰু অন্যান্য উৎসৰপৰা আহৰিত আৰ্জনৰ হিচাপটো আছেই।আৰ্জনৰ কিছু অংশ সদস্য পৰিয়ালৰ মাজত ভাগ হয় যদিও গৰিষ্ঠ অংশটি ব্যয় হয় জনহিতকৰ কামত।ভৱিষ্যতৰ সমিতিৰ নিজাকৈ মীন পোনা উৎপাদন কেন্দ্ৰ আৰু মাছৰ খাদ্য প্ৰ্স্ততকাৰক গোট স্থাপনৰ ইচ্ছা আছে।সমিতিয়ে অৱশ্যে আজিৰ উত্তৰনৰ্‌ মীন বিভাগৰ কেইবাজনো বিষয়া-কৰ্মাচাৰীৰ নাম কৃতজ্ঞতাৰে স্বীকাৰ কৰে।তাৰ ভিতৰত প্ৰাক্তন জিলা বিষয়া ভূৱন চন্দ্ৰ বৰঠাকুৰ,সাৰংগপানি ওজা,হেমেন শৰ্মা, আৰু প্ৰাক্তন মীন সম্প্ৰ্সাৰন বিষয়া ত্ৰৈলোক্য শালৈ,বৰ্তমানৰ  জিলা মীন সম্প্ৰসাৰন পৰামৰ্শদাতা কল্পজিৎ কলিতা,জিলা মীন অভিযান্ত্ৰীক পৰামৰ্শদাতা নাজিবুৰ ইছলাম,সম্প্ৰসাৰন বিষয়া কৃষ্ণ কলিতা আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য।মিলন ৰাজহুৱা পুখুৰী গতি আৰু প্ৰগতিৰ সপক্ষে এক নতুন দিগন্তৰ ৰেঙনি।এনধৰনৰ কাম-কাজেৰে ৰাজ্যৰ বিভিন্ন অঞ্চলত আৰ্থ-সামাজিক উন্নয়ন প্ৰ্শস্ত কৰিব পাৰি।আপুনিও এবাৰ মিলন ৰাজহুৱা পুখুৰী চাই যাব পাৰে।আপোনাক এই ভ্ৰমনে দিব এক অনাবিল আনন্দৰ মাদকতা।লগতে দিব মীন পালন সম্পৰ্কীয় বিভিন্ন জ্ঞান তথা বিশ্বাস।

ধ্ৰুৱজ্যোতি শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate