অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মীন পালন

মীন পালন

উল্লেখযোগ্য যে বানে ক্ষতি কৰাৰ পিছতো নতুনকৈ মীন পালন কৰিব পাৰি। এই কৌশল বা প্ৰযুক্তিৰ প্ৰতি বানাক্ৰান্ত অঞ্চলৰ মীনপালকসকলে গুৰুত্ব দিয়া উচিত। পানী শুকোৱাৰ পিছত আগষ্ট-ছেপ্টেম্বৰ মাহমানৰপৰা মাৰ্চ-এপ্ৰিললৈ ন-উদ্যেমেৰে স্ংমিশ্ৰিত মীন পালন কৰি ইতিমধ্যে হোবা ক্ষতিৰ কিছু হলেও জোৰা মাৰিব পাৰি।

পানী ক্ৰমাৎ শুকোৱাৰ লগে লগে অতি সাৱধানেৰে পুখুৰীৰ ভগা বা আন ক্ষতি হোৱা অংশসমূহ মেৰামতি কৰি লব লাগে।তাৰ পিছত পুখুৰীটোত জমা হোবা বিভিন্ন জলজ অপতৃন যেনে-মেটেকা,এৰালি,দল ঘাঁহ,পুনি ভেঁট,পদুম আদি আঁতৰত লাগে।অপতৃন নিৰ্মূল কৰিবলৈ পৰাপক্ষত কায়িক শ্ৰম কৰা উচিত।যদিও ৰাসায়নিক ঔষধ প্ৰয়োগৰে অপতৃন নিৰ্মূল কৰিব পাৰি তথাপি পৰাপক্ষত ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰা উচিত নহয়।পুখুৰীটো অপতৃনমুক্ত হোৱাৰ পিছত বানপানীৰ সময়ত সোমোৱা বিভিন্ন অবাঞ্ছিত মাছ,যেনে-শল,শাল,বৰালি গৰৈ চেঙেলী কাৱৈ আদি উঠাই পেলোবাৰ ব্যৱস্থা কৰিব লাগে। পুখুৰীত পালন কৰা স্ংগত প্ৰজাতিৰ মাছসমূহ বাদে আন সকলো মাছ মীন পালনৰ পৰিপ্ৰেক্ষিতত অৱাঞ্ছিত মাছ বুলি গন্য কৰা হয়।ঘন টনা জালেৰে এইসমূহ উঠাই পেলোৱাটোৱেই উত্তম।এই মাছবোৰ  তলৰ বোকা আদিত সোমাই থাকিব পাৰে।সেয়ে কেইবাবাৰো জাল মাৰি এইসমূহ কোনো মাছৰ পোনা মেলা নহয়,তাৰ প্ৰ্তি নজৰ ৰাখিব লাগিব।

ব্লিচিং পাউডাৰৰ বিষক্ৰিয়া শেষ হোবাৰ পিছত পুখুৰীটোত চূন প্ৰয়োগ কৰিব লাগে।ব্লিচিং পাউডাৰ প্ৰয়োগ নকৰিলে অবাঞ্ছিত মাছ নিৰ্মূল কৰাৰ পিছদিনাই পুখুৰীত চূন প্ৰয়োগ কৰিব পাৰি।পৰাপক্ষত খোবা চূন বা কুইক লাইম প্ৰয়োগ কৰা উচিত।কেলচিয়াম অক্সাইড নামে পৰিচিত এইবিধ চূন হেক্টৰে প্ৰ্তি ১০০ কিলোগ্ৰাম হিচাপত প্ৰয়োগ কৰিব লাগে।তাৰ ৭-১০ দিন পিছত পুখুৰীত পোনা মেলিব লাগে।পোনা মেলাৰ পৰৱৰ্তী মাহবোৰৰ নিদিষ্ট তাৰিখত প্ৰ্থমতে প্ৰয়োগ কৰা হিচাপত চূন প্ৰয়োগ কৰা হয়।মনত ৰাখিব লাগিব যাতে চূন প্ৰ্তি মাহৰ নিদিষ্ট তাৰিখ আৰু নিদিষ্ট নিৰিখতহে প্ৰয়োগ কৰা হয়।মনত ৰাখিব লাগিব যাতে চূন প্ৰ্তি মাহৰ নিদিষ্ট তাৰিখ আৰু সময়ত নিদিষ্ট নিৰিখতহে প্ৰয়োগ কৰা হয়।চূনখিনি ভালকৈ গলাই ঠাণ্ডা হোৱাৰ পিছত পুখুৰীৰ ওপৰিভাগত ছতিয়াই সমভাবে মিহলাই দিব লাগে।

মনত ৰখা উচিত যে পুখুৰীত ১০-১৫ ছেন্টিমিটাৰ গড় দৈৰ্ঘ্য আৰু ২০-২৫ গ্ৰাম গড় ওজনৰ পোনাহে মেলিব লাগে।আগষ্ট ছেপ্টেম্বৰ মাহত এই জোখৰ পোনা পোৱা বৰ অসুবিধাজনক নহয়।পোনা বিঘাই প্ৰ্তি ৮০০ টা হিচাপত দিব লাগে।দৰকাৰ হলে হিচাপটো কমাই দিব লাগে কিন্ত বঢ়াব নালাগে।পৰাপক্ষত বানপানীৰ পিছৰ পালনত বাহু মাছৰ পোনা মেলিব নালাগে।ছিলভাৰ কাৰ্প(৩০ শতাংশ)গ্ৰাছ কাৰ্প(২০ শতাংশ)ৰৌ(১৫ শতাংশ)মিৰিকা(২০শতাংশ)আৰু কমন কাৰ্প(১৫ শতাংশ) পোনা মেলিব লাগে।বাহু মাছৰ পোনা মেলিব খুজিলে হিচাপটো বেলেগ হব।তেতিয়া বাহু (১৫ শতাংশ)ৰৌ(১৫ শতাংশ)কমন কাৰ্প(১০ শতাংশ)ছিলভাৰ কাৰ্প(২৫ শতাংশ)মিৰিকা (২৫ শতাংশ)আৰু গ্ৰাছ কাৰ্প(১০ শতাংশ)মেলিব লাগিব।

পোনা মেলাৰ ২-৩ দিন পিছৰ পৰা মাছক খাদ্য দিব লাগে।পৰিপূৰক বিভিন্ন খাদ্য বজাৰত পোৱা যায় যদিও সহজতে উপলভ্য চাউলৰ মল আৰু সৰিয়হৰ খলিহৈ সম অনুপাতত(১,১)মিহলাই পুখুৰীত থকা মাছৰ মুঠ ওজনৰ ৪-৫ শতাংশ হিচাপত পুখুৰীত যোগান ধৰিলে উৎকৃষ্ট পৰিপূৰক খাদ্যৰ যোগান নিশ্চিত কৰিব পাৰি।সৰিয়হৰ খলিহৈখিনি নিশা তিয়াই থৈ পিছদিনা সমপৰিমানৰ চাউলৰ মল মিহলাই লাডু কৰি ডলা বা খৰাহিৰ সহায়ত তিনিটা তৰপত দিব পৰাটো উত্ত্ম।বস্তাত ফুটা কৰিও তিনিটা বেলেগ বেলেগ তৰপত খাদ্যসহ বস্তাকেইটা ডুবাই মাছক খাদ্য দিব পাৰি।বানপানীত লগত যথেষ্ঠ জৈবিক পদাৰ্থ আৰু পোষক দ্ৰব্য   পুখুৰীত জমা হয়।সেয়ে সাধাৰনতে পুখুৰীত বেচি সাৰ প্ৰয়োগৰ বিশেষ দৰকাৰ নহয়।যদিহে পুখুৰীটোত শেলাইৰ অতিচাৰ নাথাকে তেন্তে নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী আৰু ফ্ৰেবুৱাৰী মাহত বিঘাই প্ৰ্তি ৭০ কিলোগ্ৰাম হাৰত কেচাঁ গোবৰ আৰু অজৈবিক সাৰৰ ভিতৰত ছিংগল ছুপাৰ ফছফেট ২ কিলোগ্ৰামকৈ আৰু ইউৰিয়া১,৫ কিলোগ্ৰামতকৈ প্ৰয়োগ কৰিব লাগে।কেচাঁ গোবৰ ছিংগল ছুপাৰ ফছফেট আৰু ইউৰিয়া প্ৰয়োগ বিধি স্ংমিশ্ৰিত মীন পালনৰ লগত থাকে।এইখিনিতে এটা কথা স্পষ্ট কৰি দিব বিচাৰো যে বানপানীৰ পিছত বা বানক্ৰান্ত অঞ্চলৰ মীন পালনত প্ৰয়োগ কৰিবলগীয়া সামগ্ৰীৰ হিচাপ-নিকাচ নিদিষ্টকৈ দিয়া অসুবিধা।সেই নিদিষ্ট পুখুৰীটোৰ জলবায়বীয় পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি তথা বিভিন্ন কাৰকৰ গুনাগুন অনুযায়ীহে প্ৰয়োগ কৰিবলগিয়া সামগ্ৰীৰ নিৰিখ থিক কৰা হয়।বানপানীৰ পিছৰ মীন পালনত কিন্ত মাছৰ স্বাস্থ্য সততে পৰিক্ষা কৰাটো অতি দৰকাৰী।কিবা বিস্ংগতি দেখিলে ত্ৎক্ষণাৎ মীন বিশেষজ্ঞৰ লগত যোগাযোগ কৰাটো বাঞ্চনীয়।এইদৰে বানাক্ৰান্ত অঞ্চলৰ মীনপালকসকল আগবাঢ়ি আহিলে বানপানীৰ ফলত সন্মুখীন হোবা ক্ষতিৰ কিছু হলেও জোৰা মাৰিব পাৰিব বুলি আমি নিশ্চিত।

বানপানীয়ে দীঘলীয়া সময়ৰ বাবে প্লাবিত কৰি ৰখা অঞ্চলৰসমূহত অপৰম্পৰাগত পদ্ধতিৰে সজা সাজি মীন পালন কৰিব পাৰি।বানপানীৰ সম্ভাৱনা থকা অঞ্চলত সমন্বিত ধান আৰু মীন পালন অতি উত্তম কৌশল।এনে অঞ্চলৰ মীনপালকে পুখুৰীটো নিৰ্মান কৰাৰ আগতে যথেষ্ঠ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহন কৰাটো নিতান্তই প্ৰয়োজনীয়।এইক্ষেত্ৰত পুখুৰীৰ পাৰৰ উচ্চতা সেই অঞ্চলৰ বানপানীৰ উচ্চতম সীমাৰেখাৰ পৰা কমেও ১-১,৫ মিটাৰ বেছি হব লাগে।পুখুৰীৰ পৰা প্ৰয়োজন সাপেক্ষে পানী উলিয়াই দিয়া আৰু পানী সমুৱাব পৰাকৈ আগম আৰু নিৰ্গম নলীৰ ব্যৱস্থা থাকিব লাগে।স্ংলিষ্ট সকলোবে মীন সম্পৰ্কীয় যিকোনো দিহা-পৰামৰ্শৰ বাবে স্ংলিষ্ট মীন সম্প্ৰ্সাৰন বিষয়া মীন প্ৰ্দৰ্শক বা মীন বিভাগৰ কাৰ্য্যলয়ৰ লগত যোগাযোগ কৰিব পাৰে।

ধ্ৰুৱজ্যোতি শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 3/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate