অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মীন পালনেৰে শিমলুগুৰি সন্মিলিত মীন পালন সমিতিৰ উত্তৰণ

মীন পালনেৰে শিমলুগুৰি সন্মিলিত মীন পালন সমিতিৰ উত্তৰণ

লখিমপুৰ জিলাৰ ধলপুৰ মৌজাৰ শিমলুগুৰিস্থিত শিমলুগুৰি সন্মিলিত মীন পালন সমিতিয়ে নিষ্ঠা, একাগ্ৰতা আৰু বিজ্ঞানসন্মত দৃষ্টিভংগীৰ সমাহাৰেৰে মীন পালন কৰি স্বাৱলম্বী হোৱাৰ লগতে অঞ্চলটোত এক আদৰ্শ হিচাপে চিহ্নিত হৈছে। সমিতিখনৰ সভাপতি ৰুদ্ৰ গগৈ আৰু সম্পাদক মিত্ৰ শৰ্মাসহ ১১ জনীয়া সমিতিখনে বৰ্তমান ৰাজ্যৰ মীনখণ্ডত মৰ্য্যাদাসহকাৰে মীনপালনক ব্ৰত হিচাপে লৈ সামাজিক প্ৰতিষ্ঠাৰ লগতে জীৱন আৰু জীৱিকাৰ প্ৰশস্ত কৰিছে। সমিতিখনে লখিমপুৰ আৰু শোণিতপুৰৰ সীমামূৰীয়া অঞ্চল তিনিকোণীয়াত চেঁচা নদীৰ এটা পৰিত্যক্ত মৰুভূমিত অসম মীন পালন বিভাগৰ ২০১২-১৩ বৰ্ষৰ ৰাজ্যিক পৰিকল্পনা ‘আমাৰ পুখুৰী’ শিতানৰ পৰা তিনি লাখ পঞ্চাশ হেজাৰ টকা অনুমোদনেৰে ৭.৫০ বিঘাৰ এটা প্ৰকাণ্ড পুখুৰী খান্দি তাত বিভিন্ন প্ৰজাতিৰ পোনা এৰি নাৰায়ণপুৰ চক্ৰৰ মীন সম্প্ৰসাৰণ বিষয়া কৃষ্ণ হাজৰিজাৰ তত্বাৱধানত মীন পালন কৰে। উক্ত অঞ্চলটোৰ পুখুৰীসমূহত বাৰমাহে পানী নথকা সমস্যাটো বৈজ্ঞানিক পদ্ধতিৰে পালন কৰিলে অধিক পৰিমাণে অৰ্থ উপাৰ্জন কৰি দুখোজ আগবাঢ়ি যাব পাৰি বুলি সমিতিখনৰ সভাপতি তথা সমাজসেৱক ৰুদ্ৰ গগৈয়ে জানিব দিয়ে। সমিতিখনে উক্ত মীন পামখনিত থলুৱা বিভিন্ন প্ৰজাতিৰ মাছৰ প্ৰজনন  ঘটাই থলুৱা মাছ সংৰক্ষণ কৰাৰ এক পদক্ষেপ হাতত লৈছে। প্ৰথম বছৰতে সমিতিখনে দেখা পাইছে আশাতীত লাভৰ মুখ।

উৎস: অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 3/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate