অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মীনপালনো হব পাৰে আত্মনিয়োগৰ উৎকৃষ্ট পথ

মীনপালনো হব পাৰে আত্মনিয়োগৰ উৎকৃষ্ট পথ

নুন্যতম মূলধন তথা আন্ত:গাঠনিৰ মীন পালন আৰম্ভ কৰি নিষ্ঠা সততা আৰু কৰ্মদ্যমৰে সচ্ছলভাৱে আত্মস্ংস্থানৰ প্ৰশস্ত কৰা স্নাতক দিগ্ৰীধাৰী দৰঙৰ লখিমপুৰ গাঁৱৰ চফল ডেকা মোহন শৰ্মা(৯৫৭৭৯-৬১৯৩০)নিশ্চিতভাৱে আজিৰ শিক্ষিত নিৱনুৱাসকলৰ বাবে আদৰ্শনীয় চানেকি।অতি দুখীয়া পৰিয়ালৰ সন্তান মোহনে পৈতৃক নামমাত্ৰ বাৰীখনতে মালভোগ কল আৰু ভোট জলকীয়াৰ খেতিৰে স্কুলীয়া দিনৰ পঢ়া খৰচ উলিয়াছিল।ঘৰৰে ডেৰ কঠামান জলকালিৰ পুখুৰী এটা আছিল যদিও নাছিল কোনো বিজ্ঞানসন্মত মীনপালন।ইতিমধ্যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ অগ্ৰনী মীন সমবায় সমিতি লখিমপুৰ আঞ্চলিক মীনমহল সমবায় সমিতিৰ কাম কাজ তথা উত্তৰনে মোহনক বাৰুকৈয়ে প্ৰভাৱাণ্বিত কৰে।১৯৯০ চনত ঘৰৰ পুখুৰীটোতে লখিমপুৰ আঞ্চলিক মীন মহল সমবায় সমিতিৰ পৰা ভ্ৰূন পোনা আনি আঙুলিজোখলৈ প্ৰ্তিপালন কৰি  মোহনে ব্যৱসায় আৰম্ভ কৰে।প্ৰথম বছৰতে দেখিলে অপ্ৰত্যাশিত লাভৰ মুখ।প্ৰ্তি বছৰে বাঢ়ি গল লাভৰ পৰিমান।১৯৯৯ চনত আৰম্ভ কৰে সমন্বিত ধান আৰু মীন পালন।ইয়াতো মোহনৰ আশাতীত লাভৰ মুখ।প্ৰ্তি বছৰে লাভাংশৰ এটা বিনিয়োগ কৰি মোহনে পাম সম্প্ৰসাৰন কৰাৰ লগতে কিছু মাটি-বাৰী আৰু ঘৰো কৰিলে।ধান আৰু মাছৰ সমন্বিত পালনৰ ফলত ধানৰ উৎপাদন বৃদ্ধি পোৱাৰ লগতে মাছৰ পৰা ওপৰিঞ্চভাৱে পঞ্চাশ হেজাৰমান টকা বোনাছ হিচাপে আহৰন কৰিবলৈ ললে।ইতিমধ্যে স্নাতক ডিগ্ৰীধাৰী হোৱা মোহনে স্থানীয় বিদ্যালয় এখনৰ আমন্ত্ৰনমৰ্মে শিক্ষকতা কৰিছিল যদিও মাটি পানী আৰু মাছৰ দুৰ্বাৰ আৰ্কষনত মীন পালনত পূৰ্নকালীনভাৱে জড়িত হোৱাৰ বাবে কিছুদিনৰ পিচতে শিক্ষকতা বাদ দিয়ে।মোহনৰ ভাষাত-দুয়োটা কাম সমান্তৰালভাৱে কৰিবলৈ গৈ এটাৰ লগত দায়িত্ব আৰু কৰ্তব্যত আপোচ কৰাতকৈ নিজে তুলনামূলকভাৱে মানসিক সন্তষ্টি লাভ কৰা ,কামক অগ্ৰাধিকাৰ দিব লাগে।ইতিমধ্যে মীন বিভাগেও অসম গ্ৰাম্য আন্ত:গাঠনি আৰু কৃষি সেৱা প্ৰকল্পৰ অন্তৰ্গত আচঁনি অনুমোদনেৰে মোহনক উপকৃত কৰে।বৰ্তমান সফলতাৰে মীনপালন আৰু পোনা প্ৰ্তিপালন কৰি থকা মোহন সততে পোনাৰ গুনাগত মানৰ প্ৰ্তি সচেষ্ট।সেয়ে গুনগাত ,মানৰ ভ্ৰূন পোনা সংগ্ৰহ কৰে লখিমপুৰ মীন মহল সমিতি নতুবা ভেৰগাৱৰঁ পোনা উৎপাদক ধৰ্মেশ্বৰ ৰাভাৰ পৰা।সেয়ে এবাৰ যি মোহনৰ পৰা পোনা নিছে সি পৰৱৰ্তী সময়ত দুনাই আহিছে।বৰ্তমান নিজৰ আৰু বন্দৱস্তিত লোৱা মুঠ ১,৫ হেক্টৰ জলকালিৰ মীনপালনৰপৰা সকলো খৰচ বাদ দি মোহনৰ হাতত বছৰেকত থাকে প্ৰায় তিনি লাখ টকা।তদুপৰি মাছৰ লগত সমন্বিতভাৱে কৰা উদ্যান শস্য আৰু সোনালী গাই পালনৰ পৰা মোহনৰ হাতলৈ আহে ওপৰিঞ্চ ধন।উল্লেখযোগ্য যে অঞ্চলটোত প্ৰথম সোনালী গাই পালনৰ সূচনা কৰিছিল মোহনে।মোহনৰ আৰ্দশৰে অনুপ্ৰানিত হৈ এক বুজনস্ংখ্যক শিক্ষিত নিৱনুৱা যুৱক যুৱতীয়ে মীন পালনলৈ আগবাঢ়ি অহাটো শুভ লক্ষন।এদিন উৰুখা পজাঁত আকাশৰ তৰা লেখি লেখি দুবেলা দুমুঠি অৰ্ধাহাৰে অনাহাৰে কটোৱা মোহন শৰ্মা আজি অধিকভাৱে সচ্ছল এটা সুখী পৰিয়ালৰ গৰাকী।পিতৃ মাতৃ পত্নী আৰু তিনি সন্তানৰ মোহন শৰ্মাৰ পৰিয়ালটোৰ সুখৰ আধাৰ মীন পালন।আপুনিও এবাৰ মোহন শৰ্মাৰ পাম পৰিদৰ্শন কৰি বা বাৰ্তালাপ কৰি লাভৱান হব পাৰে।

ড:ধ্ৰুৱজ্যোতি শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 3/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate