অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মীনপালনেৰে স্বাৱলম্বী দম্পতী ডালিম বড়ো আৰু সৰলা বড়ো

মীনপালনেৰে স্বাৱলম্বী দম্পতী ডালিম বড়ো আৰু সৰলা বড়ো

চমু বিৱৰণ

মীনপালন এক লাভজনক কৃষি পদ্ধতি| ইতিমধ্যে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ বহুতো নিৱনুৱা যুৱক-যুৱতী মীনপালনৰ দৰে লাভজনক ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হ’ব পাৰিছে| ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে বাগ্‌ছা জিলাৰ তামুলপুৰ অঞ্চলৰ মাজদিয়া গাঁৱৰ দম্পতী ডালিম বড়ো আৰু সৰলা বড়ো মীনপালনৰ জৰিয়তে স্ব-নিৰ্ভৰশীল হ’ব পাৰিছে|

সফলতাৰ আঁৰৰ কাহিনী

অশেষ কষ্টৰে ধান খেতি-বাতিৰে সীমিত আয়েৰে জীৱিকা অৰ্জন কৰি পৰিয়াল ভৰণ-ভোষণ দিয়া ডালিম বড়ো আৰু সৰলা বড়োই স্থানীয় মীনপালক হৰেন্দ্ৰ নাথ ৰাভাৰ পৰা অনুপ্ৰেৰণা লাভ কৰি মীনপালনৰ বাবে প্ৰায় দুবিঘাৰ পুখুৰী খান্দে| এই দুবিঘা পুখুৰীত মীনপোনা প্ৰতিপালন আৰম্ভ কৰি যথেষ্ট লাভৱান হৈ নিজৰ মীনপামখন প্ৰায় আঠ বিঘালৈ সম্প্ৰসাৰণ কৰে| মীন পালন আৰু গাহৰি পালন (সমন্বিতভাৱে) ৰ লাভালাভ অনুধাৱন কৰি তেওঁ পুখুৰীৰ পাৰত গৰাল সাজি গাহৰি পালনো আৰম্ভ কৰে| ধান খেতিৰ সমন্বয়ত মীনপালনৰ সম্ভাৱনীয়তাৰ গম পাই নিজৰ চাৰি বিঘা মাটিত ধানখেতিৰ লগতে মাছ পালনৰ ব্যৱস্থা হাতত লৈছে| অকল মীনপালন কৰিয়েই ন-জনীয়া পৰিয়ালটো ভোৰণ-পোষণ দিয়াৰ উপৰিয়ো দুজনীকৈ ছোৱালীক পঢ়া-পাতিৰ ব্যৱস্থা কৰা তামুলপুৰ অঞ্চলৰ মাজদিয়া গাঁৱৰ এই আদৰ্শ দম্পতীক অনুসৰণ কৰি অঞ্চলটোৰ কেইবাটাও মহিলা গোট মীনপালনৰ বাবে আগবাঢ়ি আহিছে| নিজৰ চেষ্টা, কৰ্তব্যনিষ্ঠা আৰু সততাৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা ডালিম বড়ো আৰু সৰলা বড়োৰ আদৰ্শৰে ৰাজ্যখনৰ নিৱনুৱা যুৱক-যুৱতী সকলক মীনপালনৰ বাবে আগবাঢ়ি আহিলে ৰাজ্যখন মীন উৎপাদনত স্বাৱলম্বী হোৱাৰ লগতে নিৱনুৱা সমস্যায়ো বহু পৰিমাণে লাঘৱ বুলি আশা কৰিব পাৰি|

লেখক:- ড° সঞ্জয় শৰ্মা

উৎস:- অসমীয়া খবৰ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate