অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মুছলপুৰত ব্যৱসায়িক ভিত্তিত আনাৰসৰ খেতি :

মুছলপুৰত ব্যৱসায়িক ভিত্তিত আনাৰসৰ খেতি :

 

ফলৰ ৰজা আমৰ পিছতে ৰসাল এবিধ ফল হ’ল আনাৰস। বহুতে ইয়াক মাটিকঁঠাল বুলিও কয়। জুন মাহ আৰম্ভ হোৱাৰেপৰা ৰাজ্যৰ চৌদিশৰ বজাৰত আনাৰসৰ দম দেখিবলৈ পোৱা যায়। বাকসা জিলাৰ সদৰ মুছলপুৰৰ সমীপৱৰ্তী ভূটানখুঁটীৰ এজন লোকে ব্যৱসায় ভিত্তিত আনাৰসৰ খেতি কৰিছে। লোকজনৰ নাম হৈছে দেৱব্ৰত গয়াৰী। কৃষিকেই জীৱনৰ আলম হিচাপে লৈ গয়াৰীয়ে ঘৰৰ চৌপাশৰ সাত বিঘা মাটিত আনাৰসৰ খেতি কৰিছে। অনুসৰণ কৰিছে সমন্বিত কৃষি আঁচনি। সেইমতে সাত বিঘা মাটিত তেওঁ তামোল গছ ৰোপণ কৰি তাৰ মাজে মাজে আনাৰস, নেমু আদিৰ খেতি কৰিছে। তেওঁৰ খেতিডৰাত সম্প্ৰতি ছিংগাপুৰী আৰু বিলাতী জাতৰ আনাৰস পোৱা যায়। তুলনামূলকভাৱে ছিংগাপুৰীতকৈ বিলাতী জাতৰ আনাৰস আকাৰত ডাঙৰ আৰু অধিক সোৱাদযুক্ত।

নিজৰ আনাৰসৰ খেতিৰ সম্পৰ্কে কৃষক দেৱব্ৰত গয়াৰীয়ে কয়, ‘মই ব্যৱসায় ভিত্তিত আনাৰসৰ খেতি কৰিছোঁ’। ছিংগাপুৰী জাতৰ আনাৰস বছৰত দুবাৰকৈ ক্ৰমে মাৰ্চ আৰু জুন মাহত আৰু বিলাহী জাতৰ আনাৰসবিধ এপ্ৰিল-জুলাই মাহত বছৰত মাত্ৰ এবাৰ ছিঙিব পাৰি। উৎপাদিত আনাৰসবোৰ নিজে নিকাছি বজাৰত গোটে পোন্ধৰ টকাকৈ বিক্ৰী কৰি প্ৰায় ত্ৰিশ হাজাৰ টকা লাভ কৰিছোঁ। আজিৰ নৱ-প্ৰজন্মই চাকৰি বিচাৰি ইফালে-সিফালে ঘূৰি লটিঘটি হৈ থকাতকৈ উপযুক্ত মাটি বিচাৰি লৈ আনাৰসৰ খেতি কৰি স্বনিয়োজনৰ পথ বাছি ল’ব পাৰে’।

দেৱব্ৰত গয়াৰীয়ে এই আনাৰসৰ খেতি সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাত কৰিছে। ইয়াত নাই কোনো চৰকাৰী সাহায্য।

লেখক: কাৰ্তিক দাস(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 2/19/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate