অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেৰাপানীত ২০০০ বিঘা মাটিত সেউজ বিপ্লৱৰ সূচনা :

মেৰাপানীত ২০০০ বিঘা মাটিত সেউজ বিপ্লৱৰ সূচনা :

 

অসমত ধান উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা থকা সত্ত্বেও ৰাজ্যখনে চাহিদা অনুপাতে ধান উৎপাদনত স্বাৱলম্বী হ’ব পৰা নাই। ৰাজ্যখনৰপৰা প্ৰতি বছৰে ধান আৰু চাউলৰ আমদানি তথা উন্নত ধানৰ বীজ ক্ৰয় কৰাৰ নামত বহিঃৰাজ্যলৈ কোটি কোটি টকা ওলায় যায়। এনে পৰিস্থিতিৰ মাজতে অসমৰ কৃষকসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে এলাইড ক্ৰপ কেয়াৰ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে। এলাইড ক্ৰপ কেয়াৰৰ সঞ্চালক দীপক কুমাৰ নেওগ আৰু শংকৰাচাৰ্য ৰাভাই অসমত প্ৰথমবাৰৰ বাবে কৃষিৰ ক্ষেত্ৰত ‘ড্ৰোন ছেনছৰ টেকন’লজী(Drone Sensor Technology)’ ব্যৱহাৰ কৰি ধানৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত আশাৰ বতৰা কঢ়িয়াই আনিছে। বীজ প্ৰস্তুত কৰা কোম্পানীটোৰ উদ্যোগত অসমৰ থলুৱা কৃষকৰদ্বাৰাই উন্নত ধানৰ বীজ উৎপাদন লক্ষ্যৰে গোলাঘাট জিলাৰ মেৰাপানীৰ চাউদাং পথাৰত শতাধিক কৃষকক লৈ প্ৰায় ২০০০ বিঘা ভূমিত ‘বীজগাঁও’ স্থাপন কৰি সেউজ বিপ্লৱৰ সূচনা কৰা হৈছে। কোম্পানীটোৱে ইতিমধ্যে গাঁওখনৰ কৃষকসকলক তেওঁলোকৰ দ্বাৰা উৎপাদিত ‘ৰঞ্জিত ছাব-১’ নামৰ উন্নত প্ৰজাতিৰ ধানৰ বীজ প্ৰদান কৰি কঠীয়া ৰোৱাৰ ব্যৱস্থা কৰিছে। শাওণৰ পথাৰত অঞ্চলটোৰ কৃষকসকলে কঠীয়া ৰোপণ কৰাৰ সময়তে এলাইড ক্ৰপৰ সঞ্চালকদ্বয়, অসম কৃষি বিশ্ববিদ্যালয় গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক গিৰিণ হাজৰিকা, গোলাঘাট জিলা কৃষি বিষয়া নৰেশ চন্দ্ৰ চাঁও, অসম কৃষি বিশ্ববিদ্যালৰ জ্যেষ্ঠ সম্প্ৰসাৰণ বিষয়া ড° ফুলেশ্বৰ নাথ, যোৰহাটৰ বীজ পৰীক্ষণ বিষয়া ড° সুমজিৎ ভূঞা আৰু গোলাঘাট জিলা কৃষি বিভাগৰ সহকাৰী কৃষি বিষয়া অসীম শৰ্মাৰ উপস্থিতিত নৰ্থ-ইষ্ট স্পেচ এপ্লিকেচন চেন্টাৰ, শ্বিলঙৰ বিজ্ঞানী ড° বিজয়কৃষ্ণ সন্দিকৈয়ে অলপতে চাউদাং পথাৰত উন্নত প্ৰযুক্তি সম্পন্ন ড্ৰোণেৰে কৃষি পথাৰ পৰ্যবেক্ষণ কৰে। জ্যেষ্ঠ বিজ্ঞানীজনে সাংবাদিকক জনোৱা মতে, কৃষকৰ পথাৰত এই ড্ৰোণ প্ৰযুক্তি ব্যৱহাৰ কৰি কৃষিভূমিৰ গুণাগুণ, ধানৰ বিভিন্ন বেমাৰ-আজাৰ, কীট-পতংগ পৰ্যবেক্ষণ কৰি ইয়াৰ নিৰাময়ৰ বাবে তৎক্ষণাত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব। এনে ব্যৱস্থা গ্ৰহণৰ জৰিয়তে কৃষকে ধানৰ উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট লাভান্বিত হ’ব। এই পৰ্যবেক্ষণৰ পিছতে দলটোৱে চাউদাং পথাৰ ৰাজহুৱা ভৱনত স্থানীয় কৃষকৰ সৈতে মত-বিনিময় কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি কৃষি বিভাগৰ লোকসকলে খেতিয়কক কৃষি সম্পৰ্কীয় বিভিন্ন পৰামৰ্শ দিয়াৰ লগতে ধান খেতিক বিজ্ঞাম ভিত্তিত কৰি তাৰপৰা অধিক উৎপাদন কৰাৰ বাবে আহ্বান জনায়। কোম্পানীটোৱে পৰৱৰ্তী সময়তো অঞ্চলটোত কৃষকৰ বাবে আঁচনি গ্ৰহণ কৰি যাব বুলি জানিবলৈ দিছে।

লেখক: হিৰণ্য গগৈ(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 3/4/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate