অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মৈহাটী শিংৰা মৰানদী জানৰ খননে আনিছে আশাৰ বতৰা

মৈহাটী শিংৰা মৰানদী জানৰ খননে আনিছে আশাৰ বতৰা

‘গ্ৰাম্য বিকাশ মঞ্চ’ নলবাৰী জিলাৰ এটা বেচৰকাৰী স্ংস্থা । এই স্ংস্থাটোৱে ৰঙিয়া মহকুমাৰ দক্ষিণ প্ৰান্তত থকা হাজোৰ উত্তৰ দিশত অৱস্থিত ‘ঘাইখুন্দা জান’ (এই জানটিক কোনো কোনোৱে ন-দিঙাজান বুলিও কয়)টোত খনন কাৰ্য সম্পন্ন কৰি বৃহত্তৰ অঞ্চলটোৰ কৃষকসকললৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে । উল্লেখ্য যে কমলপুৰ, ৰঙিয়া আৰু হাজো সমষ্টিক আৱৰি থকা বৃহত্তৰ অঞ্চলটোৰ কৃষিজীৱী ৰাইজৰ অভিশাপ হিচাপে চিহ্নিত হৈ অহা এই জানটোৱে বাৰিষা কালত জল নিষ্কাসন কৰিবলৈ ব্যৰ্থ হোৱাত জানটোৰ দুয়োটা পাৰৰ ৰাইজ জুৰুলা হৈ আহিছে। এই ক্ষেত্ৰ্ত গ্ৰম্য বিকাশ মঞ্চই আন্তৰিকতাৰে ৰাইজৰ দূখ মোচন কৰিবলৈ আগবাঢ়ি আহে। গ্ৰাম্য বিকাশ মঞ্চই জামছেদ জী টাটা ট্ৰাষ্টৰ সহযোগত বিভাজিত জলসিঞ্চন ব্যৱস্থাৰ উন্নতিকৰণ প্ৰকপ্লৰ অধীনত জান খনন আৰু মুকলি কৰণ কাৰ্যৰ যোগেদি কৃষিজীৱী ৰাইজক উপকৃত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰে। এনে পদক্ষেপ সাপেক্ষেই গ্ৰম্য বিকাশ মঞ্চই প্ৰায় ত্ৰিশ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই জানটোৰ বৰ্তমানলৈ দহ কিলোমিটাৰ দৈৰ্ঘ্য খনন সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে ৪০ ফুট বহল আৰু ৪ ফুট দকৈ খন্দা উক্ত জানটিত দৈনিক ৭০ জন শ্ৰমিকে কাম কৰিছে। তেওঁলোকক বিকাশ মঞ্চৰ তৰফৰপৰা একোখনকৈ কৰ্মপত্ৰ বা জবকাৰ্ড প্ৰদান কৰি প্ৰ্তিদিনে ১৬৭ টকাকৈ পাৰিশ্ৰমিক দি আহিছে। পুৱা আঠ বজাৰপৰা বিয়লি দুই বজালৈ নিয়াৰিকৈ কাম কৰা এইসকল শ্ৰমিকক প্ৰতি দহ দিনৰ মূৰত পাৰিশ্ৰামিকৰ ধন আদায় দিয়ে। স্থানীয় ৰাইজৰ সহযোগত খনন কৰি জল নিষ্কাসনৰ জৰিয়তে কৃষকক সকাহ দিয়া এই জানটোৱে অঞ্চল বিশেষে মৈহাটী শিংৰা মৰানদী, উল্টা খান্দা জান, ন-খন্দা জান, মেৰৰ জান আদি নাম লৈ গৰ্জন বিল স্ংলগ্ন হাতীপোতাজাৰা বিলত লগ লাগিছে। এই মৰা নদীটো খননৰ ফলত বাৰিষা অথবা খৰালি কৃষিজীৱী ৰাইজে যথেষ্ট উপকৃত হোৱাৰ উপৰি মৎস্যজীৱী লোকসকলো লাভাম্বিত হ’ব বুলি ৰাইজে মত পোষণ কৰিছে। আনহাতে, ৰাইজৰ অভিশাপ স্বৰুপ এই জানটো খননৰ বাবে গ্ৰাম্য বিকাশ মঞ্চৰ সমূহ কৰ্মকৰ্তাৰ লগতে স্বেচ্ছাসেৱক বিপুল কলিতা, সুভাষ দাস, বিতুপন মজুমদাৰে লোৱা তৎপৰতাৰ শলাগ লয় অঞ্চলটোৰ ৰাইজে। ইফালে, ৪০ দিনৰপৰা ১০০ দিন পৰ্যন্ত কাম কৰা এইসকল শ্ৰমিকে এনৰেগা আঁচনিতকৈ জি ভি এমৰ কাৰ্যৰ জৰিয়তে বেছি উপকৃত হোৱা বুলি শ্ৰমিক তথা স্থানীয় শিক্ষিত যুৱক প্ৰসেনজিত চৌধুৰীয়ে জানিবলৈ দিছে।

লিখক: নৰেন শৰ্মা।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate