অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মৎস্য ব্যৱসায়েৰে স্বাৱলম্বী বঙালমৰাৰ যুৱক

মৎস্য ব্যৱসায়েৰে স্বাৱলম্বী বঙালমৰাৰ যুৱক

অসমত নৈ, বিল, জান-জুৰি আদি পৰ্যাপ্ত পৰিমাণে থকা সত্ত্বেও ৰাজ্যখনৰ বাবে প্ৰয়োজনীয় প্ৰায় ষাঠি হেজাৰ ম্ৰেটিক টন মাছ প্ৰতি বছৰে আন ৰাজ্যৰ পৰা আমদানি কৰিবলগীয়া হয়। এক তথ্য অনুসৰি অসমত প্ৰ্তি বছৰে প্ৰায় দুই লাখ মেট্ৰিক টন মাছৰ প্ৰয়োজন হয় যদিও ৰাজ্যখনত বছৰি মাছ উৎপাদন হয় ১.৪০ লাখ মেট্ৰিক টনৰ পৰা ১.৫৫ লাখ মেট্ৰিক টনহে। ফলত মাছৰ নামত প্ৰতি বছৰে অসমৰ পৰা বৃহৎ পৰিমাণৰ ধন বহিঃৰাজ্যলৈ ওলাই যায়। এনে সসয়তে লক্ষিমপুৰ জিলাৰ বঙালমাৰাৰ বহু মীনপালকে থলুৱা প্ৰজাতিৰ বিভিন্ন প্ৰকাৰৰ মাছৰ পোনা উৎপাদন আৰু ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। মাছৰ পোনাৰ বিক্ৰীৰ বাবে তিনিঠেঙীয়াত এটা বৃহৎ কেন্দ্ৰ গঢ় লৈ উঠিছে। নামনি অসমৰ বৰপেটা জিলাৰ লগতে পশ্চিমবংগৰ পৰাও অঞ্চলটোলৈ দৈনিক ৬/৭ ট্ৰাক বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা আমদানি হয়। পোনা বিক্ৰী কেন্দ্ৰত নিয়োজিত শ্বাহা আলী আৰু জুবেদ আলী নামৰ যুৱক দুজনে জানিবলৈ দিয়া মতে কেন্দ্ৰটোৰ পৰা উজনি অসমৰ লক্ষিমপুৰ, ধেমাজী, চিলাপথাৰ, জোনাই, মাজুলী, গহপুৰ, ঢলপুৰ, হাৱাজান আদি ঠাইৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈও দৈনিক বিভিন্ন প্ৰকাৰৰ থলুৱা প্ৰজাতিৰ ৰৌ, বাহু, কুঢ়ি, কমনকাৰ্প, গাছকাৰ্প, মিৰিকা আদি মাছৰ পোনা ৰপ্তানি হয়। দৈনিক ৪ৰ পৰা ৫ লাখ টকাৰ মাছৰ পোনা বিক্ৰীৰ জৰিয়তে অঞ্চলটোৰ প্ৰায় ১২ ৰ পৰা ১৩ জন নিবনুৱা যুৱকে স্বাৱলম্বীকতাৰ নিদৰ্শন দেখুৱাইছে।

উৎসঃ অসমীয়া প্ৰতিদিন

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate