অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মৰিগাঁৱত মগু মাহৰ খেতিৰে অন্য এক কৃষি বিপ্লৱৰ সূচনা

মৰিগাঁৱত মগু মাহৰ খেতিৰে অন্য এক কৃষি বিপ্লৱৰ সূচনা

মৰিগাঁও জিলাত খৰালি বতৰত বৰো ধানৰ খেতিৰ বিপৰীতে অঞ্চল বিশেষে কৃষিভূমিত একমাত্ৰ মগু মাহৰ খেতিৰে অন্য এক কৃষি বিপ্লৱৰ সূচনা কৰিছে একাংশ কৃষকে । প্ৰায় ৮-১০ বছৰৰ পূৰ্বে মগু মাহৰ খেতি কৰিবলৈ লোৱা মৰিগাঁও জিলাৰ মৰিগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ বৰঙাবাৰী, কোমোৰাগুৰি আৰু ভূৰবন্ধা অঞ্চলকেইটাত এতিয়া শ শ বিঘা কৃষিভূমিত নদন-বদন হৈ উঠিছে এই খেতি । অঞ্চলকেইটাৰ প্ৰতিটো পৰিয়ালেই কম-বেছি পৰিমাণে মগু মাহৰ খেতি কৰাত মনোযোগ দিছে । উল্লেখ্য যে জিলাখনৰ উল্লিখিত অঞ্চলকেইটাৰ বৰঙাবাৰী দলৰ পথাৰ, কাছমাৰী পথাৰ, গছতল পথাৰ, ময়নগুৰি পথাৰ, নাওকটা পথাৰ, কোমোৰাগুৰি পথাৰ, কাঁহিবাৰী পথাৰ, দলৈচূবা পথাৰকে ধৰি বহুকেইখন পথাৰৰ ৪ শতাধিক বিঘা কৃষিভূমিত এইবাৰ খেতিয়কসকলে মগু মাহৰ খেতি কৰিছে । বৰঙাবাৰীৰ মগু মাহৰ খেতিয়ক বাপধন মহন্ত আৰু তিথিৰাম বৰাই জনোৱা মতে, মগু মাহৰ খেতিটো এটা লাভজনক ওপৰুৱা খেতি । প্ৰতি বিঘা মাটিত বীজ, হাল বোৱা আদিকে ধৰি মাহ উলিওৱালৈ খৰচ হয় প্ৰায় ৪ হাজাৰ টকা । ইয়াৰ বিপৰীতে খেতিয়কসকলে প্ৰতি বিঘা মাটিত মাহ প্ৰায় ৪-৫ মোন আৰু বৰ্তমান প্ৰতি মোন মগু মাহৰ বজাৰ মূল্য ২৮০০-৩০০০ টকা । সেই অনুসৰি প্ৰতি বিঘা মাটিত মাহ বিক্ৰী কৰি খেতিয়কসকলে ১১,২০০ টকাৰপৰা ১৫০০ টকা পৰ্যন্ত লাভ পায় । তেঁওলোকে জনোৱা মতে, মাঘ-ফাগুণ মাহত কৃষিভূমি দুই-তিনিবাৰ হাল-মৈ মাৰি সীৰলু কৰি বীজ ৰোপণ কৰা মগু মাহৰ খেতিত ৩-৪ বাৰ বন-পাত চিকুনাই দিব লাগে । আনহাতে, পহিলা ব’হাগৰপৰা গোটেই জেঠ মাহ পৰ্যন্ত মাহৰ সীহ অৰ্থাৎ ফল ছিঙিব পাৰি । উল্লেখ্য যে এইবিধ মগু মাহ কিন্ত খেতিপথাৰৰপৰা গছবোৰ উভালি অনাৰ বিপৰীতে গছৰপৰা পৈনত মাহবোৰহে ছিঙি আনিব লাগে । শালি-বাওধানৰ খেতি চপোৱাৰ পিছত মাঘ-ফাগুন মাহত কৃষিভূমিসমূহত মৰিগঞা কৃষকসকলে হাল মাৰি শাৰী শাৰীকৈ ৰোপণ কৰে এইবিধ মগু মাহৰ খেতি । মাত্ৰ ৫ মাহ জীৱনকালৰ এইবিধ শস্যৰ খেতি কৰি এইসকল নৰিগঞা কৃষকে প্ৰতি বছৰে ওপৰঞ্চিভাৱে হাজাৰ হাজাৰ টকা উপাৰ্জন কৰি আহিছে । খেতিয়ক কেইজনে কোৱা মতে, মগু মাহৰ খেতি জেঠ মাহত চপোৱাৰ পিছত পুনৰ সেই একেডৰা কৃষিভূমিতে শালি-বাওধানৰ খেতি কৰি তেওঁলোকে বছৰৰ ভাতমুঠি যোগাৰ কৰে । উল্লেখ্য যে এইবাৰ বৰঙাবাৰীৰ কৃষক তিথিৰাম মহন্তই ৫ বিঘা, বাবুল কোচ ৭ বিঘা, ঠগী কোচে ৫ বিঘা, ৰক্তিম বৰাই ৪ বিঘা, জয়দেৱ বৰাই ৩ বিঘা মমিন বৰাই ২ বিঘা, বাপধন মহন্তই ২ বিঘাকে ধৰি অঞ্চলটোৰ প্ৰতিটো পৰিয়ালেই অতি কমেও ২-৭ বিঘা পৰ্যন্ত মগু মাহৰ খেতি কৰিছে । এনেদৰে সম্প্ৰতি জিলাখনৰ ভিতৰতে বৰঙাবাৰী,কোমোৰাগুৰি, ময়নগুৰি, দলৈচুবা, নাওকটা আদি অঞ্চলসমূহত একমাত্ৰ মগু মাহৰ খেতিৰে অন্য এক কৃষি বিপ্লৱৰ সূচনা আৰম্ভ হোৱা বুলি মাহ খেতিয়কসকলে এই প্ৰতিবেদকক জনায় । জানিব পৰা মতে, ৮-১০ বছৰৰ পূৰ্বে বৰঙাবাৰী গাঁৱৰ লোহিত কোচ নামৰ কৃষি বিভাগৰ এজন গাড়ীচালকে যোৰহাটৰপৰা এইবিধ মগু মাহৰ বীজ লৈ আহিছিল আৰু তেৱেঁ প্ৰথমে মৰিগাঁও চহৰৰপৰা ৪-৫ কিলোমিটাৰ নিলগৰ বৰঙাবাৰী পথাৰত মগু মাহৰ খেতি কৰিছিল । তাৰ পিছতে গাঁওখনৰ লগতে আঞ্চলটোৰ বহুকেইজন খেতিয়কে নিজ খেতিপথাৰত কৰিবলৈ বীজ স্ংগ্ৰহ কৰি লৈ গৈছিল । তেতিয়াৰে পৰা বৃহত্তৰ অঞ্চলটোৰ খেতিয়কসকলে মগু মাহৰ খেতি কৰি আহিছে । তদুপৰি বৰ্তমান জিলাখনৰ অন্য বহুকেইটা অঞ্চলৰ কৃষকে উল্লিখিত অঞ্চলকেইটাৰপৰা মগু মাহৰ বীজ সংগ্ৰহ কৰা পৰিলক্ষিত হৈছে । প্ৰণিধানযোগ্য যে কৃষকে এইবাৰ পোকৰ আক্ৰমণৰ বাবে মাহ খেতিত কম উৎপাদন হোৱাৰ আশ্ংকা কৰিছে । সম্প্ৰতি খেতিপথাৰসমূহত পোক-পৰুৱাৰ উপদ্ৰৱ বৃদ্ধি পোৱাত কৃষকসকলৰ মাজত হাহাকাৰ সৃষ্টি হৈছে ।

লিখক: বিষ্ণু ডেকা।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate