অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মৰিগাঁৱৰ প্ৰগতিশীল মীনপালক মোবাৰক হুছেইন

মৰিগাঁৱৰ প্ৰগতিশীল মীনপালক মোবাৰক হুছেইন

মীন পালনৰ দৰে লাভজনক কৃষি পদ্ধতিৰ জৰিয়তে যিবিলাক উদ্যমী মীনপালকে এক নিদৰ্শন হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে, তেনে এজন শিক্ষিত উদ্যমী মীনপালক হ’ল মৰিগাঁও জিলাৰ মৈৰাবাৰী উন্নয়ন খণ্ডৰ ডুৰাবান্ধি গাঁৱৰ মোবাৰক হুছেইন। ১৯৯৬ চনত মাত্ৰ দুবিঘা পানীকালিৰ পুখুৰীত মীন পালন আৰম্ভ কৰা এই প্ৰগতিশীল মীনপালকজনে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত মৰিগাঁও জিলা মীন বিভাগৰ জৰিয়তে মীন পোনা উৎপাদন হেচ্ছাৰী নিৰ্মাণ কৰি বৃহত্তৰ মৈৰাবাৰী অঞ্চলত গুণগত মানৰ মীনপোনা উৎপাদনেৰে মীনপালনত এক নতুন জাগৰণ আনিবলৈ সক্ষম হয়।

মীন বিভাগৰ জৰিয়তে কলকাতা, ভুবনেশ্বৰ, হায়দৰাবাদ আদিত মীন প্ৰশিক্ষণ লৈ তাত আহৰণ কৰা জ্ঞানখিনি বাস্তৱত ৰূপায়ণ কৰা এই প্ৰগতিশীল মীনপালক মোবাৰক হুছেইনে বৃহত্তৰ মৈৰাবাৰী অঞ্চলত মীন পালনক এক অতি লাভজনক কৃষি পদ্ধতিলৈ আগবঢ়াই নিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে গুণগত মীনপোনাৰ অভাৱ মৰিগাঁও জিলাৰ মীনপালকসকলৰ প্ৰধান অন্তৰায় হিচাপে দেখা দিছিল আৰু মোবাৰকৰ দৰে কেইজনমান উদীয়মান মীনপোনা উৎপাদনকাৰী আৰু মীনপোনা প্ৰতিপালনকাৰী আৰু মীনপোনা প্ৰতিপালনকাৰীৰ প্ৰচেষ্টাত জিলাখনত সকলো সময়তে পালনৰ উপযোগী গুণগত মানৰ পোনা উপলভ্য হৈছে।

জিলাখনৰ মীনপালকৰ মাজত আন এক প্ৰধান অন্তৰায় আছিল মাছৰ সঠিক মূল্য প্ৰাপ্তি। মধ্যভোগীয়ে সচৰাচৰ প্ৰকৃত উৎপাদনকাৰীক উচিত মূল্য নিদিয়াৰ বাবে বহু মীনপালক হতাশ হৈ পৰিছিল। কিন্তু মোবাৰক হুছেইনে তেওঁৰ সতীৰ্থ কেইজনমানৰ লগত মাছৰ বিপণন ইমান নিষ্ঠাৰে কৰিবলৈ ধৰিলে যে প্ৰকৃত উৎপাদনকাৰীসকলে সঠিক মূল্য পোৱাৰ বাবে দুগুণ উৎসাহেৰে মছ পালনত ব্ৰ্তী হ’বলৈ ধৰিলে।

মোবাৰকে তেওঁৰ মীন পামখনৰ পৰিসৰ তিনি হেক্টৰলৈকে বঢ়াবলৈ সক্ষম হৈছে আৰু এই পুখুৰীবোৰত তেওঁ বছৰি ৪-৫ টন/হেক্টৰ মাছ উৎপাদন কৰে। তেওঁৰ মীনপোনা উৎপাদন হেচ্ছাৰীৰ পৰা বছৰি ১০-১২ কোটি ভ্ৰূণ মীনপোনা, ৪-৫ লাখ ফ্ৰাই অৰু ১ লাখ ফিংগাৰলিং উৎপাদন কৰে।

যথেষ্ট অমায়িক, কষ্টসহিষ্ণু আৰু পৰোপকাৰী মোবাৰক হুছেইন জিলাখনৰ নিবনুৱা যুৱক-যুৱতীসকলৰ মাজত আদৰ্শৰ প্ৰতীক। মীন পালনৰ জৰিয়তে নিজৰ লগতে আন দহজনক কৰ্মসংস্থাপন দিব পৰা মোবাৰক হুছেইন মীনপালক হিচাপে ৰাজ্যখনৰে এক নিদৰ্শন হওক তাৰেই কামনাৰে……….।

লিখকঃ ড সঞ্জয় শৰ্মা, অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate