প্ৰায় পঞ্চাশ বছৰ বয়সীয়া কাণ সমনীয়া দুজন ব্যক্তি। সম্বন্ধত দদায়েক-ভতিজাক। তেজৰ সম্বন্ধক আৰু অধিক গতিশীল কৰি উজ্জীৱিত ৰুপত আত্মপ্ৰকাশ কৰোৱাইছে মীনপালনে। ওৰাঙৰ সমীপৱৰ্তী নতুন পাণবাৰী-বালিগাঁৱৰ মীনপালক দদায়েক-ভতিজাকদ্বয় কেশৱ শইকীয়া দৈমাৰী আৰু নন্দেশ্বৰ শইকীয়া দৈমাৰী আজি অঞ্চলবাসীৰ গৌৰৱ। পৰিয়াল দুটাৰ যৌথ মীনপাম আৰু আবাস একেলগে। থকা-মেলা, খোৱা-বোৱা, কাম-কাজ সকলো উমৈহতীয়া। সুখ-দুখ , হাঁহি কান্দোন, আনন্দ সমৃদ্ধি সকলো ভগাই লয় যৌথভাৱে। ১৯৮৫ চনলৈ যৌথ পৰিয়ালটিৰ প্ৰান্তীয় কৃষি কৰ্মৰ বাহিৰে নাছিল কোনো বিশেষ উপাৰ্জনক্ষম ব্যৱস্থা। ইতিমধ্যে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা উচ্চ শিক্ষাৰে শিক্ষিত হৈ আহিছে খুৰাক নন্দেশ্বৰ। দুয়ো মেলি কিবা এটা উৎপাদনমুখী কাম কৰাৰ কথা চিন্তা কৰিলে। সিদ্ধান্ত ল’লে মীনপালন কৰাৰ। খান্দি উলিয়ালে তিনি বিঘা জলকালিৰ মীনপাম। কোনো বিজ্ঞানসন্মত দৃষ্টিভংগী আৰু কাৰিকৰী জ্ঞানৰ ব্যতিৰেকে মীনপালন আৰম্ভ কৰি প্ৰথম বছৰতে লাভ কৰে ৩৫ হেজাৰ টকা। ই তেওঁলোকক বাৰুকৈয়ে উৎসাহিত কৰিলে-কিয়নো কথাটো তেওঁলোকৰ বাবে আছিল তেনেই অপ্ৰত্যাশিত। তদুপৰি সেই সময়ত এই অংকটো বৰ সৰু হিচাপ নহয়। এনেদৰে অভিজ্ঞতাৰ পৰা আহৰিত জ্ঞানৰ ক্ষেত্ৰভিত্তিক প্ৰয়োগেৰে চলাই গ’ল মীনপালন। এওঁলোকৰ সফলতা দেখি স্থানীয় আন কেইবাজনেও আৰম্ভ কৰে মীনপালন। ১৯৮৮ত তেওঁলোকে বিভাগীয় পৃষ্ঠপোষকতাত স্ংমিশ্ৰিত মীনপালনৰ এটি প্ৰশিক্ষণ লাভ কৰে। ইয়ে তেওঁলোকৰ আত্মবিশ্বাস দুগুণে বৃদ্ধি কৰাৰ লগতে ন উদ্যমেৰে কামত অগ্ৰসৰ হ’বলৈ অনুপ্ৰেৰণা যোগায়। ফলত ছয় বিঘা জলকালিৰ নতুন পুখুৰী খান্দিলে দৈমাৰীদ্বয়ে। লাভো হয় আশাতীতভাৱে। প্ৰতিবছৰে লাভাংশৰ এটা অংশ বিনিয়োগেৰে চলি থাকিল পাম সম্প্ৰসাৰণৰ কাম। পৰৱৰ্তী সময়ত বি টি চি অঞ্চলত ৰুপায়িত ৰামধেনু বিপ্লৱৰ জৰিয়তে সাঙুৰি লোৱা হয় দদায়েক-ভতিজাকক। বি টি চি প্ৰশাসনৰ মীন বিষয়ক নডেল বিষয়া পদ্মকান্ত হাজৰিকাই জনোৱামৰ্মে এই বিপ্লৱৰ জৰিয়তে এওঁলোকৰ পামত গুণিতম পাম পদ্ধতিৰ পোষকতা কৰা হৈছে। ৰামধেনু বিপ্লৱৰ সক্ষমতা বৃদ্ধিৰ ব্যৱস্থাৱলীৰ জৰিয়তে কেশৱ শইকীয়া দৈমাৰীয়ে ভূৱনেশ্বৰৰ কেন্দ্ৰীয় অলৱণীয় জলসংবৰ্ধন প্ৰতিষ্ঠান আৰু কলকাতাৰ কেন্দ্ৰীয় মীন শিক্ষা প্ৰতিষ্ঠানত উন্নত প্ৰশিক্ষণৰ সুযোগ পাইছে আৰু এইসমূহত লাভ কৰা জ্ঞান বাস্তৱায়িত কৰিছে নিজৰ মীন পামত। উদাহৰণস্বৰূপে তেওঁলোকে আৰম্ভ কৰিছে জৈৱিক পদ্ধতিত মীন পালন। পুখুৰী প্ৰস্তুতকৰণ, পাম পৰিচালনা, খাদ্য প্ৰয়োগ, খাদ্য প্ৰস্তুত সকলোতে সমাহাৰ ঘটিছে উদ্ভাৱনী চিন্তাৰ। সুখৰ বতৰা যে কেশৱ-নন্দেশ্বৰৰ মীন পালনৰ সফলতাই অঞ্চলটোত পৌনিক ক্ৰিয়াৰ সূচনাৰে বিভিন্নজনক মীনপালনলৈ আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে পাইছে মৰ্যাদাসহকাৰে জীয়াই থাকিবলৈ লাভজনক স্বনিয়োজনৰ পথ। বৰ্তমান কেশৱ নন্দেশ্বৰ মীন পামৰ মুঠ জলকালি ১১ বিঘা। বছৰেকীয়া আৰ্জন প্ৰায় ৫ লাখ। কেশৱ শইকীয়া দৈমাৰী আৰু নন্দেশ্বৰ শইকীয়া দৈমাৰী আজিৰ সন্দেহ, সংশয় আৰু অবিশ্বাসৰ বিপৰীতে এক আলোকৰ যাত্ৰা।
উৎসঃ অসমীয়া প্ৰতিদিন
শেহতীয়া উন্নীতকৰণ: : 6/26/2020