অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যাদুকৰী সোণালী সূতাৰে আন্ত:ৰাষ্টীয় বজাৰ দখল

যাদুকৰী সোণালী সূতাৰে আন্ত:ৰাষ্টীয় বজাৰ দখল

থলুৱা অসমীয়াক বাদ দি আজিৰ পৰা কেইটামান দশকৰ আগলৈকে বিশ্ব দৰবাৰত যাদুকৰী হিচাবে পৰিচিত আছিল অসমত উৎপাদিত মূগাসুতা আৰু ইয়াৰে তৈয়াৰী কাপোৰ । শেহতীয়াকৈ আন্তৰাষ্টীয় বজাৰত ক্ৰমাগত ভাবে হ্ৰাস হৈ অহাৰ বিপৰীতে অসমত ইয়াৰ উৎপাদন ক্ষেত্ৰখন দিনক-দিনে হ্ৰাস পাই আহিছে ।

অসমৰ লক্ষীমপুৰ জিলাৰ ঢকুৱাখনা মহকুমা অঞ্চল মূগ উৎপাদনৰ বাবে সকলোৰে পৰিচিত । বৰ্তমানে এই অঞ্চলৰ মূগা উৎপাদন ক্ষেত্ৰ সমূহো সংকোচিত হৈ আহিছে যদিও চলিত ২০১৩-১৪ বছৰটোত অৱশিষ্ট কম পৰিষৰৰ মূগা পামসমূহৰ বৰ্ধিত উৎপাদনে এই কৃষি খণ্ডটোৰ প্ৰতি বহুতকে আকৰ্ষিত কৰিছে ।

শেহতীয় পৰিস্থিতিত আংশিকভাৱে নৃগোষ্ঠীয় (আহোম?) কৃষি হিচাপে বিবেচিত হোৱা মূগা পালনৰ ব্যৱস্থাটো পৰম্পৰাগতভাৱে আৰু কোনো চৰকাৰী সাহাৰ্য্য আৰু বিজ্ঞান সন্মত পদ্ধতি অবিহনে ধাৰাবাহিকভাৱে জীয়াই ৰাখিছে । বছৰৰ তিনিটা ঋতুত উৎপাদন কৰিব পৰা এইবিধ কৃষিৰ গৃষ্মকালীন ঋতু অথবা জেঠ মাহত উৎপাদন প্ৰক্ৰিয়া আৰম্ভ কৰা জেঠুৱা মূগাকেই উৎকৃষ্ট মানৰ হিচাপে বিবেচনা কৰা হয় । চলিত বছৰৰ এইটো ঋতুত মৌচুমী বায়ুৰ শেহতীয়া আগমনৰ ফলত অধিক ধুমুহা আৰু বৃষ্টিপাতৰ পৰা ৰক্ষা পৰাত উৎপাদনৰ পৰিমান যথেষ্ট পৰিমানে বৃদ্ধি পায় । চাৰকাৰী পৰিসাংখ্যিকীয় হিচাপৰ অভাব পৰিলক্ষিত হোৱা এই ক্ষেত্ৰটোত স্থানীয় পৰম্পৰাগত হিচাপ অনুসৰি ঢকুৱাখনা মহকুমাৰ ঘিলামৰা উন্নয়ন খণ্ডৰ প্ৰায় ৩ জন কৃষকে ১০০ খন পৰ্যন্ত মূগা উৎপাদন কৰিবলৈ সক্ষম হয় । এই হিচাপ অনুসৰি প্ৰতি এখন মুগাত ১০০০টাকৈ মুঠ ১ লাখ সংখ্যক মুগা উৎপাদন কৰাটো এই কৃষি খণ্ডটোৰ সাফল্যতাৰ অন্যতম নিদৰ্শন । মুগা পালনৰ এই ব্যৱস্থাটো পৰম্পৰাৰ মাজতে সীমাবদ্ধ নাৰাখি বৈজ্ঞানিক পদ্ধতিৰ প্ৰয়োগৰ জৰিয়তে ইয়াৰ পৰিষৰ বৃদ্ধি কৰি আন্ত:ৰাষ্টীয় বজাৰত ইয়াৰ চাহিদা পূৰনৰ লগতে নিবনুৱা দূৰীকৰণৰ এক সূচল পথ হিচাপে নিৰ্মান কৰিলে সামুহিক উন্নয়ন সম্ভৱপৰ কৰি তুলিব পাৰি ।

-কৌস্তভ জ্যোতি গোস্বমী, তেজপুৰ বিশ্ববিদ্যালয়, অসম।

শেহতীয়া উন্নীতকৰণ: : 3/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate