অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যুৱ –প্ৰজন্মৰ আদৰ্শ কৃষক নলতলিৰ গৌতম বৰা

যুৱ –প্ৰজন্মৰ আদৰ্শ কৃষক নলতলিৰ গৌতম বৰা

 

কলিয়াবৰৰ কৃষি মহকুমাটোত কেইবাজনো যুৱ উদ্যোগী কৃষকে ন ন চিন্তাৰে কৃষিকৰ্ম কৰি  বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।এইসকলৰ ভিতৰত অন্যতম হৈছে ইয়াৰ নলতলিৰ গৌতম বৰা।যুৱকজনে কৰা অন্যান্য কৃষিকৰ্মৰ লগতে ষ্ট্ৰ’বেৰী ,ব্ৰেণ্ড নেমু,ভোট জলকীয়া ,চেৰী,আঙুৰ আৰু লতা বেলৰ খেতিয়ে অঞ্চলটোৰ কৃষক ৰাইজক আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে।প্ৰয়াত তীখৰ বৰা আৰু চেনীমাই বৰাৰ একমাত্ৰ পুত্ৰ গৌতমে ২০১৩ চনৰ ৫ জুনৰ পৰিৱেশ দিৱসৰ দিনা পাঁচশ নেমু পুলি ৰোপণেৰে কৃষি কাৰ্যত মনোনিৱেশ কৰে।তেনেকৈয়ে তেওঁ স্থাপন কৰিলে এখন নাৰ্ছাৰী।নাম ৰাখিলে কুঁহিপাত  উদ্যান শস্য নাৰ্ছাৰী।উল্লেখ্য যে বিজ্ঞানৰ স্নাতক গৌতমে কলেজীয়া জীৱন সাং কৰি চলচ্চিত্ৰ সম্পৰ্কীয় বিভিন্ন কাক্ত-আলোচনীত লেখা-মেলা কৰি পাঠক সমাজৰপৰা যথেষ্ট উৎসাহ লাভ কৰিছিল তেওঁ সেই কামত সন্ত্তষ্ট হ’ব পৰা নাছিল।সেয়ে নতুন প্ৰজন্মক কৃষিকৰ্মৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ এক সপোন মনতে পুহি ৰখা গৌতমে নিজ ঘৰৰ পাছফালৰচাৰি বিঘা কৃষি ভুমিত আৰম্ভ কৰে কৃষিকৰ্ম ।ইয়াৰ পিছত ২০১৪ চনৰ পৰা তেওঁ ষ্ট্ৰ’বেৰীৰ খেতি আৰম্ভ কৰে।

প্ৰথম অৱস্থাত ষ্ট্ৰ’বেৰীৰ উৎপাদন কম হৈছিল যদিও চলিত বৰ্ষত ষ্ট্ৰ’বেৰীৰ উৎপাদনে কৃষকজনৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে।নিজ উৎপাদন কৰা কেচুঁ সাৰ প্ৰয়োগৰে কৰা ষ্ট্ৰ’বেৰীৰ খেতিৰ পৰা তেওঁ এই বছৰৰ মুঠ ২৫,০০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।তদুপৰি গৌতমে বিভিন্ন প্ৰজাতিৰ অৰ্কিডৰ খেতি কৰিও সফলতা লাভ কৰিছে।ফল-মুলৰ খেতিৰ ভিতৰত চেৰী,আঙুৰ,মধুৰি আম,নাৰিকল,তামোল,লতাবেল আদিৰো খেতি কৰিছে তেওঁ।বৰ্তমান হেৰাই যাবলৈ ধৰা  অশ্বগন্ধা,ব্ৰ্হ্মী সাক,সৰ্পগন্ধা,সতমুল,নলটেঙা,দুপৰটেঙা আদি ঔষধি উদ্ভিদৰ খেতিও তেওঁ কৰিছে।তদুপৰি এই ঔষধি উদ্ভিদবোৰৰ বীজসমুহ তেওঁ স্ংৰক্ষণৰো চিন্তা কৰিছে।

এনেবোৰ খেতিৰে নতুন প্ৰজন্মক সংস্থাপনৰ বাট দেখুওৱা গৌতম বৰাক ৰাজ্যৰ কৃষি বিভাগে উৎসাহ যোগাব লাগিছিল যদিও সেয়া কিন্তু আজি পৰ্যন্ত তেনে পদকো দেখা পোৱা নাই।ত্ৎসত্বেও কুঁহিপাত নামেৰে উদ্যান শস্যৰ নাৰ্ছাৰী আৰম্ভ কৰা যুৱ কৃষক গৌতম নিজ গুণেই কৃষিকৰ্মত ব্যস্ত হৈ আছে।এতিয়া নেমু টেঙাৰ পুলি উৎপাদনৰ কামত তেওঁ ব্যস্ত হৈ পৰিছে।আধুনিক কৃষি কাৰ্যত ব্ৰ্তী হোৱাৰ মানসেৰে তেওঁ ইতিমধ্যে ১৭৫ বৰ্গমিটাৰ,২০০ বৰ্গমিটাৰ আৰু ৫০০ বৰ্গ মিটাৰ জোখৰ তিনিটা সেউজ গৃহ নিৰ্মাণ কৰি তাত ভোটজলকীয়া,কেপছিকাম আৰু বিভিন্ন প্ৰজাতিৰ অৰ্কিডৰ খেতি কৰিবলৈ লৈছে।তেওঁ নতুন প্ৰজন্মক চাকৰিৰ আশা বাদ দি কৃষি বিপ্লৱৰ বাবে শ্ল’গান দিবলৈ আহ্বান জনাইছে।

লেখক:তৰুণ মুক্তিয়াৰ (দৈনিক অসম)

 

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate