অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লিচু বাগিচাৰে ২ লাখ টকা উপাৰ্জন লাহৰীঘাটৰ হেমেন বৰদলৈৰ

লিচু বাগিচাৰে ২ লাখ টকা উপাৰ্জন লাহৰীঘাটৰ হেমেন বৰদলৈৰ

কষ্টৰ অসাধ্য একো নাই। মন কৰিলেই ছন, বাকৰি মাটিতো ধন। এনে প্ৰবচন সাৰোগত কৰি ৰাজ্যখনৰে এজন শিক্ষিত যুৱকে একমাত্ৰ লিচু বাগিচাৰ জৰিয়তে বছৰত অৰ্থাৎ ফল চপোৱাৰ বতৰত প্ৰায় ২ লক্ষ টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা ঘটনাই সমগ্ৰ ৰাজ্যখনৰ নিবনুৱা সকললৈ আশাৰ বতৰা কঢ়িয়াইছে। এই কৰ্মোদ্যমী যুৱকজন হৈছে মৰিগাওঁ জিলাৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত বাটৰবড়ী গাঁৱৰ হেমেন বৰদলৈ। উল্লেখ্য যে যুৱকজনে এইবাৰ ১৫০ জোপা বিভিন্ন প্ৰজাতিৰ গছৰ লিচু বিক্ৰী কৰি প্ৰায় ১ লাখ ৩০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আনহাতে, লিচুৰ কলম(পুলি) বিক্ৰী কৰিও প্ৰায় ৫০ হাজাৰ টকা লাভ কৰিছে। মুঠতে এইবাৰ যুৱকজনে লিচু আৰু লিচুৰ কলম বিক্ৰী কৰি প্ৰায় ২ লক্ষ টকা উপাৰ্জন কৰে। যুৱকজনে জনোৱা মতে, এই বছৰ তেওঁ ছীডলেছ, বিহাৰী আদি কেইবাটাও প্ৰজাতিৰ লিচুৰ গছত ৮০০ টা কলম দিছিল। ইয়াৰে ৪৫০ টা কলমে প্ৰাণ পাই উঠে। বৰ্তমান তেওঁ প্ৰতিটো লিচুৰ কলম ১০০-১২০ টকাত বিক্ৰী কৰিছে। স্থানীয় লোকৰ উপৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰপৰা যোৱা বিভিন্ন জনে যুৱকজনৰপৰা উন্নত প্ৰজাতিৰ লিচুৰ কলম ক্ৰয় কৰি লৈ গৈছে। পথাৰৰ প্ৰায় ৮ বিঘা কৃষিভূমিত যুৱকজনে লিচুৰ বাগিচাখন গঢ়ি তোলাৰ উপৰি ইয়াতে মিশ্ৰিত প্ৰণালীৰে মীন পালনো কৰিছে। তদুপৰি আন প্ৰায় ৪ বিঘা কৃষিভূমিত উন্নত প্ৰজাতিৰ লিচু, নেমু, জামু আৰু তামোলৰ পুলি ৰোপণ কৰিছে। যুৱকজনক অনুসৰণ কৰি জনজাতীয় গাঁওখনৰ বহু শিক্ষিত-অশিক্ষিত যুৱকে মৎস্য পালন আৰু লিচুৰ বাগিচা গঢ়ি তুলিবলৈ আগবাঢ়ি আহিছে। উল্লেখ্য যে গাঁঠিৰ ধনেৰে মৎস্য পালন আৰু লিচুৰ বাগিচা গঢ়ি আৰ্থিকভাৱে স্বচ্ছল হোৱা যুৱক হেমেনে কোৱা মতে, অন্য শস্যতকৈ উদ্যান শস্য আৰু মৎস্য পালন অধিক লাভজনক। সেয়ে স্বাৱলম্বী হ’বলৈ শিক্ষিত-অশিক্ষিত নিবনুৱাসকলে এনে কৰ্মৰ প্ৰতি আগ্ৰহী হ’ব লাগে। চৰকাৰে এনে ক্ষেত্ৰত অধিক গুৰুত্ব দিলে ৰাজ্যখনত নিবনুৱা সমস্যা হ্ৰাস পোৱাৰ সম্ভাৱনা থকা বুলিও যুৱকজনে মত প্ৰকাশ কৰে।

লেখক: বিষ্ণু ডেকা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate