অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লিচু বিক্ৰীৰে লক্ষাধিক টকা উপাৰ্জন

লিচু বিক্ৰীৰে লক্ষাধিক টকা উপাৰ্জন

জীৱন যাপনৰ কাৰণে যেন সকলোকে লাগে এটা চাকৰি। কিন্ত বৰ্তমানৰ মহঙা দিনত চাকৰিৰ পিছত দৌৰি বহুতে হাবুডুবু খাব লগা হয়। তথাপি কিন্ত কোনোৱে নকয়, মই এগৰাকী ভাল কৃষক হ’ম বুলি। অৱশ্যে ইয়াৰ মাজতে একাংশই খেতি কৰি নিজৰ পৰিয়ালৰ লগতে দেশবাসীক এমুঠি অন্ন যোগান ধৰাৰ কথা চিন্তা কৰে। সেইসকলৰ আকৌ অভাৱ ভূমি আৰু মূলধনৰ। আনফালে অন্য অকাংশৰ আকৌ পৈতৃক সম্পত্তিৰে নদন-বদন অৱস্থা যদিও চাকৰিৰ পিছত ঘূৰি উৎকোচ দিয়াৰ নামত সকলো বেছি, বন্ধকত দি সৰ্বস্বান্ত হোৱাৰ দিশে গতি কৰে। কিন্ত ইয়াৰে এজন ব্যতিক্ৰ্মী যুৱক হ’ল মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত বাটবড়ি গাঁৱৰ প্ৰয়াত বানেশ্বৰ বৰদলৈ আৰু ভাৰতী বৰদলৈৰ পুত্ৰ হেমেন বৰদলৈ। এসময়ৰ উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ হেমেনে চাকৰিৰ কথা চিন্তা নকৰি এদিন সপোন দেখিলে ফল-মূলৰ উদ্যান আৰু মিশ্ৰিত পদ্ধতিৰে মৎস্য পালন কৰি এজন সফল কৃষক হোৱাৰ। চেষ্টাৰ অসাধ্য একো নাই। অসমীয়াত এষাৰ কথা আছে- ‘মন কৰিলেই ছন, বাকৰি মাটিতে ধন’। এই আপ্ত বাক্যষাৰিকে সাৰোগত কৰি যুৱকজনে পৈতৃক সম্পত্তি হিচাপে লাভ কৰা ৬ বিঘা ৩ কঠা মাটিত মিশ্ৰিত পদ্ধতিৰে সৰু-বৰ কেইবাটাও পুখুৰী খান্দি বিগত পাঁচ বছৰ ধৰি মৎস্য পালন কৰি আহিছে। ইফালে, এই পুখুৰীৰ আলি অৰ্থাৎ পাৰসমূহত বিভিন্ন প্ৰজাতিৰ লিচু, কঁঠাল, তামোল, বৰ্ণসংকৰ জাতৰ মধুৰিআম, আম আদি ৰোপণ কৰি ফল-মূলৰ উদ্যান স্থাপন কৰে। উদ্যানখনৰ স্বত্ত্বাধিকাৰ তথা উৎসাহী যুৱক হেমেনে এই প্ৰতিবেদেকক জনোৱা মতে, মিশ্ৰিত মৎস্য পালনসহ উদ্যানখন তেঁওৰ জন্মদাতৃ মাতৃ ভাৰতী বৰদলৈৰ নামত উৎসৰ্গিত কৰিছে। এই উদ্যানখনিত আছে ৩৫০ জোপা তামোল, বৰ্ণসংকৰ জাতৰ মধুৰিআম ২৫০ জোপা, লিচু (মুজাফৰ, ছীডলেছ জাত)১৬০ জোপা, আম ২০ জোপা আৰু কঁঠাল ২০ জোপা। উল্লেখ্য যে এইজন উদীয়মান কৃষকে এই বছৰ উন্নত জাতৰ লিচু বিক্ৰী কৰি এতিয়ালৈ প্ৰায় ১ লাখ ২০ হাজাৰ টকা লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়াও আৰু বহু লিচু গছত আছে। উদ্যান কৃষকজনে মুঠতে এইবছৰ লিচু বিক্ৰী কৰি প্ৰায় ডেৰ লাখ টকা পাব বুলি আশা কৰিছে। তদুপৰি নিজৰ গাঁওখনৰ লগতে অঞ্চলটোৰ প্ৰায় সকলো লোকৰ মাজত তেঁও লিচু বিতৰণ কৰিছে। তেঁও জনোৱা মতে, যোৱা বছৰ লিচু প্ৰথমবাৰ লগা বাবে গোটেইবোৰ লিচু বিভিন্নজনৰ মাজত কেৱল বিতৰণেই কৰি শেষ কৰে। আনহাতে, যোৱা বছৰ তেঁও মধুৰিআম বিক্ৰী কৰি প্ৰায় ২০ হাজাৰ টকা উপাৰ্জন কৰে। তদুপৰি চিতল, ৰৌ, চন্দা, ভাঙন, কমনকাৰ্প আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছো তেওঁ পালন কৰি আহিছে। প্ৰতি বছৰে মাছ বিক্ৰী কৰি কৃষকজনে পায় ২.৫০-৩ লাখ টকা। এইগৰাকী উদ্যান কৃষক তথা মৎস্য পালকে পুনৰ গাঁওখনৰে অন্য এটা দিশত পিতৃ বানেশ্বৰ বৰদলৈৰ স্মৃতিত আঢ়ৈ বিঘা মাটিত ছীডলেছ নেমু, লিচু আৰু আম ৰোপণ কৰি অন্য এখন উদ্যান স্থাপন কৰিছে। উদ্যান আৰু মৎস্য পালনেৰে স্বাৱলম্বী যুৱকজন সম্প্ৰতি অঞ্চল তথা গাঁওবাসীৰ বাবে আদৰ্শ হৈ পৰিছে। এইজন যুৱকৰ কাৰ্যকে অনুসৰণ কৰি জনজাতীয় গাঁওখনৰ ৰাজু বৰদলৈ, সন্তৰাম বৰদলৈ, মৃণাল পাতৰকে ধৰি বহুতো যুৱক ওলাই আহিছে ফল-মূলৰ উদ্যান আৰু মৎস্য পালন কৰিবলৈ। আনকি ইয়াকে লৈ ইতিমধ্যে গাঁওখনত গঠন হৈছে এটি পৰিবেশ স্ংঘও।

লিখক: বিষ্ণু ডেকা।

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate