অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লুপ্তপ্ৰায় থলুৱা জাতৰ ধানৰ সংৰক্ষণেৰে উজলি উঠা যুৱ কৃষক দিপেন বৰুৱা

লুপ্তপ্ৰায় থলুৱা জাতৰ ধানৰ সংৰক্ষণেৰে উজলি উঠা যুৱ কৃষক দিপেন বৰুৱা

যোৰহাটৰ চাৰিঙ্গীয়া গাওঁৰ কৃষক দিপেন বৰুৱা। কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ মানসেৰে ২০ বিঘা মাটিত কৰ্ম জীৱন আৰম্ভ কৰা স্নাতক ডিগ্ৰীধাৰী এই যুৱ কৃষক জনে অধ্যৱসায়, লক্ষ্যত উপনীত হোৱাৰ দৃঢ়তা আৰু একাগ্ৰতাৰ জড়িয়তে নিজকে সাব্যস্ত কৰিছে ২০১১-১২ বৰ্ষৰ যোৰহাট জিলাৰ শ্ৰেষ্ঠ কৃষক হিচাপে।

দিপেন বৰুৱাই যিটো ব্যতিক্ৰমী কামৰ বাবে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সেয়া হ’ল থলুৱা প্ৰজাতিৰ ৩০ বিধতকৈও অধিক ধানৰ সংৰক্ষণ। সুৱাগমণি বৰা, সুৱাগমণি, বেতগুটি, বৰজাহিঙা, মণিকুট, গৰুন্দ্ৰ পক্ষী, ঘি বৰা, বিলবাও, হোম শালি, চেনি লাহি আদিৰ দৰে মহঙা থলুৱা জাত সমূহৰ খেতিৰ লগতে এই সমূহৰ সংৰক্ষণৰ দৰে মহান দায়িত্ব পালন কৰি তেওঁ নিজৰ ঘৰ খনক পৰিণত কৰিছে এক আকৰ্ষণীয় সংগ্ৰহালয়লৈ।

দিপেন বৰুৱাই সংৰক্ষণ কৰা থলুৱা ধানৰ সঁচৰ তালিকা

সুৱাগমণি বৰা

গৰুন্দ্ৰ পক্ষী

গুটি শালি

সুৱাগমণি

ঘি বৰা

নেঘেৰি বাও

বেতগুটি

চৈমাৰি

ক’লা শালি

বৰজাহিঙা

এৰেপি ধান

ধনাগুৰি

বৰজহা

বিলবাও

চেনিলাহি

কণজহা

ক’লা অমনা

শ’লপোনা

বগাজহা

কেকোৱা

বাদাম লাহি

মণিকূট

ৰঙা বাও

আকি শালি

মালভোগ

হোম শালি

তৰাৱলী

বংশী শালি

বকুল বৰা

থুপি বৰা

ভোগপ্ৰসাদ

 

মাটিকেই ‘আই মাতৃ, বুলি অনুভৱ কৰা বৰুৱাৰ পথাৰ বছৰটোৰ সকলো সময়তেই পৰিপূৰ্ণ হৈ থাকে বিভিন্ন শস্যৰে। মাটি চন পেলাই নাৰাখি বছটোত তিনিটা খেতি কৰাটো তেওঁৰ অন্যতম মৰ্তব্য বুলি বিবেচনা কৰে। অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিভাগে অনুষ্ঠিত কৰা কৃষিৰ স্থূল পৰিচালনা ব্যৱস্থাপনা, শস্যত জল ব্যৱস্থাপনা, কৃষিত বিপদাশংকাৰ মূল্যাংকন আৰু কৃষি বীমাৰ দৰে বিভিন্ন প্ৰশিক্ষণ গ্ৰহণ কৰিছে এই গৰাকী কৃষকে। ‘বানাক্ৰান্ত অঞ্চলত থলুৱা প্ৰজাতিৰ ধানৰ জাত নিৰ্বাচন’ শীৰ্ষক আঁচনিৰ অধীনত স্বৰ্ণ চাব-১, প্ৰফুল্ল, গিতেশ, পানীন্দ্ৰ, জলশ্ৰী আদিৰ দৰে বানাক্ৰান্ত অঞ্চলত ধান খেতি কৰিও অভিজ্ঞতা অৰ্জন কৰিছে এই গৰাকী প্ৰগতিশীল কৃষকে।

দিপেন বৰুৱাৰ কৃষি কৰ্মৰ সফলতাক কৃষি বিভাগ আৰু কৃষি বিশ্ববিদ্যালয়ে স্বীকৃতিও দি আহিছে বিভিন্ন সময়ত। ২০১১ চনৰ ভিতৰত থকা আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰই অনুষ্ঠিত কৰা কৃষক দিৱস উদ্বোধন কৰাৰ দৰে মৰ্যাদা পূৰ্ণ দায়িত্বও পালন কৰিছিল বৰুৱাই। বৰুৱাই টিয়কত থকা কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰামৰ্শ দাতা সমিতিৰ কৃষক সদস্য হিচাপেও দায়িত্ব পালন কৰি আহিছে।

সম্প্ৰতি ৩০ বিঘা মাটিলৈ নিজৰ কৃষি কাৰ্য সম্প্ৰসাৰিত কৰা প্ৰগতিশীল এই কৃষক জনে শ্ৰী পদ্ধতিৰে ধান খেতি, জৈৱিক কৃষি পদ্ধতি, কেঁচুসাৰ উৎপাদন গোট, ধান খেতিত এজোলাৰ প্ৰয়োগ, সমন্বিত পদ্ধতিৰে ধান আৰু মাছৰ খেতি, সেউজ সাৰ, ফেৰোমেন ট্ৰেপকে ধৰি বিভিন্ন উন্নত কৃষি পদ্ধতিৰ প্ৰয়োগ কৰি অভিজ্ঞতা আহৰণ কৰিছে। পথাৰ ভিত্তিক শস্যৰ লগতে উদ্যান শস্যৰ খেতিৰ প্ৰতিও বৰুৱা সমানে আগ্ৰহী। তেওঁ নাৰ্জি ফুল, ব্ৰ’কলি আদিৰ খেতি কৰি ব্যৱসায়ীক ভাৱে লাভৱান হোৱাৰ উপৰিও কপৌফুলৰ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ বাবে ১৫০ জোপা কপৌফুল তামোল গছত লগাইছে। নাৰ্জি ফুলৰ খেতিৰ পৰা বৰুৱাই উপাৰ্জন কৰিছে ১৮ হাজাৰ টকা। বৰুৱাই মৌ পালন, গো-পালন আদিৰেও উপাৰ্জনৰ ধাৰা অব্যাহত ৰাখিবলৈ সমৰ্থ হৈছে। বৰুৱাৰ আছে এখন পুলিবাৰী। পথাৰত উৎপাদিত সামগ্ৰীৰ লগতে কৃষকৰ বাবে প্ৰয়োজনীয় কৃষি সঁজুলি আদি বিক্ৰী কৰিবৰ বাবে খনামুখ তিনিআলিত নিজাকৈ খুলিছে এটা বিক্ৰী কেন্দ্ৰ।

দিপেন বৰুৱাই বিভিন্ন শ্ৰেণীৰ ধান খেতি কৰে ২০ বিঘা মাটিত। সৰিয়হ ৪ বিঘাত, আলু ২ বিঘাত, জাতিলাও ২ বিঘাত, বেঙেনা আৰু বিলাহী ২ বিঘাত, মাটিত বগোৱা তিতা কেৰেলাৰ লগতে থলুৱা পিয়াঁজ কৰিছিল এবিঘাত। শালি ধান চপাই সেই মাটিতে কৰে আলু আৰু বেঙেনাৰ দৰে পাচলিৰ খেতি। আলুৰ সৈতে ৰঙালাও কৰে মিশ্ৰিত কৃষি হিচাপে। আলু চপোৱাৰ পাছতে সেই মাটিত বাঢ়ি আহে লেচেৰা মাহ। ‘কৃষি দাপোণ’ক জনোৱা মতে বৰুৱাই মুঠ ৩০ বিঘা মাটিত কৰা কৃষি কাৰ্যৰ পৰা বছৰি আহৰণ কৰে ৩ ৰ পৰা ৩.৫ লাখ টকা। বিভিন্ন দিহা পৰামৰ্শৰে অনুপ্ৰাণিত কৰি অহা কৃষি উন্নয়ন বিষয়া ৰবিন য়েইন, অসম গ্ৰামীণ বিকাশ বেংকৰ তামুলীচিগা শাখা, ‘অমৰ আস্থা’ নামৰ স্থানীয় এটই বেচৰকাৰী সংস্থা আদিৰ ওচৰত তেওঁ কৃতজ্ঞ বুলিও ‘কৃষি দাপোণ’ক জনাইছে।

উৎস: কৃষি দাপোণ।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate