অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লেংটিছিঙাত কুঁহিয়াৰ খেতিৰে স্বাৱলম্বী বহুজন

লেংটিছিঙাত কুঁহিয়াৰ খেতিৰে স্বাৱলম্বী বহুজন

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নিকটৱৰ্তী লেংটিছিঙা অঞ্চলত কৃষি কাৰ্যৰে বহু লোক স্বাৱলম্বী হৈ পৰিছে। এই কৃষকসকলে উৎপাদিত কৃষিজাত সামগ্ৰী বিক্ৰী কৰি আৰ্থিকভাৱে লাভৱান হোৱাত লগতে অঞ্চলটোত এক কৃষি বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে। সম্প্ৰতি জিলাখনৰ লেংটিছিঙা অঞ্চলৰ বৃহত্তৰ চৰ-চাপৰিত তথা নৈয়ে পলস পেলাই সাৰুৱা কৰা ভূমিত বিভিন্ন প্ৰকাৰৰ খেতি কৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈ একাংশ কৃষক। তেওঁলোকে-

  • ধান,
  • মৰাপাট আৰু
  • আলু,
  • কবি,
  • মূলা,
  • বিহালী,
  • বেঙেনা,
  • সৰিয়হ আদি।

ৰবিশস্যৰ খেতিৰ লগতে-

  • মাকৈ,
  • বাদাম,
  • কুঁহিয়াৰ,
  • তৰমূজৰ খেতি কৰি কৃষিক্ষেত্ৰলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।

এইসকল কৃষকে বিগত কেইবছৰমান ধৰি হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমিত মাকৈ খেতি কৰাৰ লগতে অতি শেহতীয়াকৈ কুঁহিয়াৰ খেতিতো আত্মনিয়োগ কৰা পৰিলক্ষিত হৈছে। জানিব পৰা মতে, ব্যৱসায়ভিত্তিত কৰা এই কুঁহিয়াৰ খেতিত যথেষ্ট সফলো হৈছে। প্ৰতিবিধা কুঁহিয়াৰ খেতিৰপৰা কৃষকসকলে লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। লেংটিছিঙাৰ লগতে সন্তোষপুৰ, নসত্ৰ, ডুমেৰগুৰি, কাছাৰীপেটী আদি অঞ্চলৰ প্ৰায়বোৰ গাঁৱতে কুঁহিয়াৰ খেতি এতিয়া নদন-বদন হৈ উঠিছে। একাংশ কৃষকে জনোৱা মতে, বালিচহীয়া মাটি কুঁহিয়াৰ খেতিৰ বাবে অতি উপযোগী। এই মাটিত খেতি কৰিবলৈ হ’লে বিঘাই প্ৰতি পুলি, মাটি প্ৰস্তুত, সাৰ, ঔষধ আৰু শ্ৰমিমক বাবদ ১২-১৫ হাজাৰ টকা খৰচ হয়। ইয়াৰ বিপৰীতে খেতি ভাল হ’লে এবিঘাৰ এডৰা কুঁহিয়াৰ খেতিৰপৰা ডেৰ লাখৰপৰা আঢ়ৈ লাখ পৰ্যন্ত উপাৰ্জন কৰিব পাৰে। ন-সত্ৰৰ জহিৰুল ইছলাম, আন্দুল বাতোন, ছলেমান আলীকে ধৰি প্ৰায় ২৫ জন খেতিয়কে কুঁহিয়াৰ খেতি কৰি সন্তোষজনক উপাৰ্জনৰ পথ লাভ কৰা বুলি জানিবলৈ দিছে। পৰম্পৰাগত পদ্ধতিকে ব্যৱহাৰ কৰি কৰা কৃষিৰে আশাব্যঞ্জক ফল লাভ কৰি আহিছে যদিও খেতি-বাতিৰ আধুনিক পদ্ধতি সম্পৰ্কে দিহা-পৰামৰ্শ দিয়াৰ বাবে তেওঁলোকৰ ওচৰত কোনো দিনেই উপস্থিত হোৱা নাই কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী। খেতি-বাতিৰ যিকোনো সমস্যাৰ বাবে নিৰ্ভৰ কৰিবলগীয়া হয় বীজ, সাৰ আৰু কীটনাশক দ্ৰৱ্যৰে দোকানীৰ ওপৰত। অদূৰ ভৱিষতে কৃষি বিভাগৰপৰা সা-সুবিধা লাভ কৰিলে অঞ্চলটোত কুঁহিয়াৰ খেতিৰ এক বিল্পৱ সূচনা হ’ব বুলি মন্তব্য কৰিছে সচেতন লোকে।

লেখক: দেৱাশীষ পাঠক(দৈনিক অসম)

ভোট জলকীয়াৰ খেতিৰে লাভান্বিত নলবাৰীৰ উমেশ ডেকা -

নলবাৰী জিলাৰ বগলছ ৰোডৰ এজন লোকে নিজৰ কৃষিকাৰ্যৰে বিশেষভাৱে উজলি উঠিবলৈ সক্ষম হৈছে। এই লোকজন হৈছে গাঁওখনৰ উমেশ ডেকা। এইজন উদ্যমী কৃষকে যোৱা ৩০ বছৰ ধৰি ফুলৰ খেতি কৰি নিজৰ লগতে পাঁচজনীয়া পৰিয়ালটোক পোহপাল দি আহিছে। আন বহুতৰ বাবে আদৰ্শ হৈ পৰা উমেশ ডেকাই এইবাৰ মাত্ৰ এবিধ মাটিত ভোট জলকীয়াৰ খেতি কৰি বৰ্তমানলৈকে ৭০ হাজাৰ টকা লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি বিভিন্ন ফুলৰ খেতি কৰিও অঞ্চলটোৰ লগতে জিলাখনতে এক বিশেষ সুনাম অৰ্জন কৰিছে উমেশ ডেকাই। ডেকাৰ এই কৃষিকৰ্মত নিজৰ দুই কন্যা, পুত্ৰ আৰু পত্নীয়েও সহায় কৰি আহিছে। উল্লেখ্য যে শাৰদীয় পূজাৰ বিভিন্ন কামত অঞ্চলটোত উমেশ ডেকাই উৎপাদন কৰা ফুলে স্থান পাই আহিছে। ডেকাই জানিবলৈ দিয়া মতে, তেওঁ দীৰ্ঘদিন ধৰি ফুলৰ খেতি কৰি আহিছিল যদিও এইবাৰ প্ৰথমবাৰৰ বাবে ভোট জলকীয়াৰ খেতি কৰি লাভ অৰ্জন কৰিছে। তেওঁ কৃষি বিভাগৰপৰা লাভ কৰা এটি গ্ৰীণ হাউছৰ সহায়ত এই ভোট জলকীয়াৰ খেতি আৰম্ভ কৰিছে। তেওঁ প্ৰকাশ কৰা মতে, অকল ফুল আৰু ভোট জলকীয়াৰ খেতিৰে তেওঁ নিজৰ ল’ৰা-ছোৱালীক কলেজত পঢ়ুৱাই আছে। কৃষি বিভাগৰ সহায়ৰ কথা উল্লেখ কৰি ডেকাই কয় যে তেওঁ স্থায়ী আৰু বতৰৰ ফুলৰ খেতি কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।

লেখক: ৰমেন কলিতা(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate