অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শালি ধানৰ পথাৰত ব্যস্ত কামৰুপ জিলাৰ কৃষক

শালি ধানৰ পথাৰত ব্যস্ত কামৰুপ জিলাৰ কৃষক

চলিত শালি বতৰত আহৰি নোহোৱাকৈ ব্যস্ত হৈ পৰিছে কামৰুপ জিলাৰ কৃষক। এইবাৰৰ শালি বতৰত জিলা খনৰ প্ৰায় ৬,৮৫,৫১৫ বিঘা মাটি সামৰি লোৱা হৈছে যালি ধানৰ খেতিৰে। ইয়াৰ ভিতৰত প্ৰায় ৭০ শতাংশ কৃষি ভূমিয়েই (৪,৭৯,৮৬০ বিঘা) সামৰি লোৱা হৈছে অধিক উৎপাদনক্ষম জাতৰ ধান খেতিৰে। ৰঞ্জিত, মাচুৰী, আই আৰ-৩৬, স্বৰ্ণ মাচুৰী, স্বৰ্ণ চাব-১ আদি জাতৰ ধানৰ কঠীয়া ৰোৱা কামত ব্যস্ত হৈ পৰিছে ৰোৱনী। উল্লেখযোগ্য যে, বিগত বছৰৰ পৰা জিলা খনত এৰাইজ-৬৪৪৪, পি এ চি- ৮৫৭, চাহদ্ৰী- ৪ আদি জাতৰ বৰ্ণ সংকৰ ধানেও কৃষকৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰা পৰিলক্ষিত হৈছে।

কামৰুপ জিলাৰ যালি ধানৰ মুঠ উৎপাদন প্ৰায় ১.৭৮ লাখ মেট্ৰিকটন আৰু চলিত বৰ্ষত এই উৎপাদন ১.৮০ লাখ মেট্ৰিকটনলৈ বৃদ্ধি হোৱাৰ আশা কৰা হৈছে। জিলা কৃষি বিভাগে জিলা খনত উদ্ভৱ হ’ব পৰা যিকোনো প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সাজু হৈ আছে আৰু সেই অনুসৰি বিভিন্ন ব্যৱস্থাও আগতীয়াকৈ গ্ৰহণ কৰিছে।

২০১২-১৩ বৰ্ষত কামৰুপ জিলাত শালি ধানৰ খেতিৰ বিস্তৃত আচঁনি ৰুপায়ণ কৰি থকা হৈছে। পূৱ ভাৰতত সেউজ বিল্পৱৰ সূচনা আচঁনিৰ জৰিয়তে এৰাইজ- ৬৪৪৪ জাতৰ বৰ্ণ সংকৰ ধানৰ খেতি জিলা খনৰ ক্ষেত্ৰী, ৰামদিয়া, বৰগাওঁ আৰু ৰঙিয়া কৃষি চক্ৰত ৰুপায়ন কৰা হৈছে। কৃষি বিভাগে প্ৰথম বাৰৰ কাৰণে কৃষকৰ মাজত বিতৰণ কৰা বানপানী সহনশীল জাত স্বৰ্ণ চাব-১ ৰ খেতি সোণাপুৰ, মিৰ্জা, কমলপুৰ আৰু ছয়গাওঁ কৃষি চক্ৰত ৰুপায়ণ কৰি থকা হৈছে। ৰাষষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত শ্ৰী পদ্ধতি, বুনিয়াদী বীজৰ পৰা প্ৰমাণিত বীজ উৎপাদন, বৰষুণ নিৰ্ভৰ অঞ্চল উন্নয়ন আচঁনিৰ দৰে গুৰুত্ব পূৰ্ণ আচঁনি সমূহৰ জৰিয়তে জিলা খনৰ প্ৰায় বোৰ অঞ্চল সামৰি লোৱা হৈছে।

উৎস: কৃষি দাপোণ

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate