অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিক্ষিত নিবনুৱাৰ বাবে আদৰ্শ নলবাৰীৰ কৃষক

শিক্ষিত নিবনুৱাৰ বাবে আদৰ্শ নলবাৰীৰ কৃষক

 

নলবাৰী জিলাৰ বালিতাৰা গাঁৱৰ আদৰ্শ যুৱক পংকজ কলিতা ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এক আদৰ্শস্বৰুপ।পংকজে প্ৰমাণ কৰি দেখুৱাইছে কৃষিকৰ্মৰ জৰিয়তে নিজকে সংস্থাপন কৰিব পাৰি।১৯৯৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি যোগ্যতাৰ ভিত্তিত বাছনি হৈ বাগসা মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰে।কিন্তু ২০০০ বৰ্ষত কলিতাই প্ৰবক্তাৰ চাকৰি বাদ দি কৃষিকৰ্মৰ জৰিয়তে জীৱন নিৰ্বাহ কৰাৰ এক স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰে।প্ৰথমে নিজৰ পৈতৃক খেতি মাটিতে খেতি কৰিবলৈ আৰম্ভ কৰে।২০০৪ বৰ্ষত নলবাৰী জিলাত হোৱা বিধ্বংসী মানে পংকজৰ খেতিপথাৰ সমুলঞ্চে নষ্ট কৰে।সেই বৰ্ষতে নলবাৰী জিলাত কৃষি বিজ্ঞান কেন্দ্ৰ স্থাপন হয়।এই খবৰ পাই পংকজে কৃষি বিজ্ঞান কেন্দ্ৰলৈ ঢাপলি মেলে।সেই সময়ত কৃষি বিজ্ঞান কেন্দ্ৰ আঁচনি সমন্বয়ক আছিল প্ৰখ্যাত কৃষি বিজ্ঞানী ড° হেমেন চন্দ্ৰ ভট্টাচাৰ্য।ভট্টাচাৰ্যই পংকজ কলিতাৰ সমস্যা বুজি তেওঁক বানপানীয়ে ধুৱাই নিয়া কৃষিভুমিত ধনিয়া খেতি কৰিবলৈ পৰামৰ্শ দিয়ে।সেইদৰে ধনিয়া খেতি কৰি ৭০ হাজাৰ টকা লাভ কৰে।ইয়াৰ পাছৰে পৰা পংকজ কলিতাই পিছলৈ ঘুৰি চোৱা নাই।এটাৰ পাছত আন এটা বিভিন্ন জাতৰ খেতি কৰিবলৈ হাতত লয়।২০০৫ চনত সৰিয়হ,বেঙেনা আদি খেতিত হাত দিয়ে।২০০৬-০৮ বৰ্ষত কৃষি বিজ্ঞানী ড° ভট্টাচাৰ্যৰ পৰামৰ্শত পানীলাউৰ খেতি কৰি বছৰি ১ ৰ পৰা ১.৫ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়।২০০৯ বৰ্ষত পংকজে ৰঙালাউৰ খেতি কৰি যথেষ্ট লাভৱান হয় আৰু ইয়াৰ মাটিকালি ১ হেক্টৰলৈ বৃদ্ধি কৰে।সেই বছৰতে ফুল খেতিৰ প্ৰতি আকৰ্ষিত হয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ ওচৰ চাপে।কৃষি বিজ্ঞান কেন্দ্ৰৰ দিহা মতে পংকজে ১ কঠা মাটিত ৰজনীগন্ধা ফুলৰ প্ৰদৰ্শনমুলক খেতি আৰম্ভ কৰে।ৰজনীগন্ধা ফুলৰ খেতি কৰিও সেইবাৰ প্ৰায় ৪৫ হাজাৰ টকা উপাৰ্জন কৰে।এই বৃহৎ লাভ দেখি পিছলৈ ২ বিঘা মাটিত এই ফুলৰ খেতি সম্প্ৰসাৰণ কৰে আৰু বৰ্তমানেও কলিতাই গুৱাহাটীৰ বজাৰ দখল কৰি এই ফুল বিক্ৰী কৰি আছে।পংকজৰ মতে ফুলৰ খেতি অতি লাভজনক খেতি,ৰজনীগন্ধাৰ পাছত অন্যান্য ফুল যেনে-নাৰ্জী,জাৰবেৰা,গ্লেডিঅ’লাছ আদিৰ উট্পাদন কৰি বিক্ৰী কৰি আছে।এতিয়া পংকজক অনুসৰণ কৰি বালিতাৰা গাঁৱৰ নিবনুৱা বহুকেইজন যুৱকে ফুলৰ খেতি কৰাত মনোনিৱেশ কৰিছে।কৃষি ক্ষেত্ৰত কলিতাৰ মনোনিৱেশ,একাগ্ৰতা আৰু উদ্যমৰ বাবে ২০১২ বৰ্ষত কৃষি বিভাগৰ পৰা নলবাৰী জিলাৰ শ্ৰেষ্ঠ কৃষকৰ বঁটা লাভ কৰে।পংকজ কলিতাৰ নেতৃত্বত ছেভেন ষ্টাৰ পাচলি উৎপাদন সমিতি গঢ় লৈ উঠে।এই সমিতিখনে পাগলাদিয়া নদীৰ বাঢ়নী পানীয়ে পলস পেলাই থৈ যোৱা মাটিত মৈৰাদাংগা অঞ্চলৰ হাবি-জংঘল ভাঙি ৰঙালাউৰ খেতি আৰম্ভ কৰে।প্ৰথম বৰ্ষতে অধিক লাভাম্বিত হয়।আজি নলবাৰী জিলা ৰঙালাউ উৎপাদনত স্বাৱলম্বী আৰু ইয়াৰ গুৰিতে পংকজ কলিতাৰ সবল নেতৃত্ব।ইয়াত উৎপাদিত পাচলি অৰ্জুনা জাতৰ ৰঙালাউ।সম্প্ৰতি পংকজ কলিতা জ্যোতি ফাৰ্মা ক্লাবৰ সদস্য।ধনতোলাস্থিত পাগলাদিয়া নদীৰ পাৰৰ পতিত মাটিত এই ক্লাবৰ কৃষিপথাৰ।ইয়াত দহজনীয়া গোটটোৱে বিভিন্ন শস্যৰ খেতি যেনে-ৰঙালাউ,মালভোগ কল,উন্নত জাতৰ অমিতা,সৰিয়হ,কুঁহিয়াৰ,আপেল,বগৰী ইত্যাদিৰ খেতি কৰিছে।পংকজ কলিতাই নিজাববীয়াকৈ বিভিন্ন ধৰণৰ ফলমুলৰ বাগান এখন স্থাপন কৰিছে,য’ত আছে উন্নত জাতৰ মধুৰিআম,লিচু,বগৰী,মৌচুমী টেঙা,নেমু টেঙা ,অমিতা ,কল আদি।বৰ্তমান এক যৌথ সুখী পৰিয়ালৰ গৰাকী পংকজ কলিতাৰ বছৰেকীয়া আয় ৭ ৰ পৰা ১০ লাখ টকা।বৰ্তমান পংকজ কলিতা যেন এক অনুষ্ঠানহে।বিভিন্ন ঠাইৰ পৰা লোক আহি কলিতাৰ খেতিপথাৰ পৰিদৰ্শন কৰি আপ্লুত হয়।ইতিমধ্যে পংকজ কলিতাই ৰোপণ কৰা উন্নত জাতৰ অমিতাৰ বিক্ৰী আৰম্ভ কৰিছেপ্প্ৰায় ৩০০ দাল গছৰ  অমিতা বিক্ৰী কৰি প্ৰায় ৩ লাখ টকা উপাৰ্জন হ’ব।আনহাতে,ৰঙালাউৰে এই বছৰত লক্ষ্য ২০ লাখ টকা উপাৰ্জন।

লেখক: বীৰেন কলিতা (নিয়মীয়া বাৰ্তা )

শেহতীয়া উন্নীতকৰণ: : 11/28/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate