অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিক্ষিত যুৱক-যুৱতীয়ে চাকৰিৰ মোহ এৰি কৃষিকৰ্মৰ দ্বাৰা স্বাৱলম্বী হওক:

শিক্ষিত যুৱক-যুৱতীয়ে চাকৰিৰ মোহ এৰি কৃষিকৰ্মৰ দ্বাৰা স্বাৱলম্বী হওক:

 

আমাৰ ৰাজ্যত শিক্ষিত নিবনুৱাৰ সংখ্যা লক্ষাধিক। স্নাতক, স্নাতকোত্তৰ ‘কৃষি বিভাগতে’ ডিগ্ৰীধাৰী যুৱক-যুৱতী আছে। কেইটামান টকাৰ বিনিময়ত কোনো কোম্পানীত বা তেনে অনুষ্ঠানত কাৰ্যনিৰ্বাহ বহুতে কৰি আছে। এই শিক্ষিত যুৱক-যুৱতীসকলক কেনেকৈ ‘কৃষি বিভাগৰ আঁচনিত আত্মনিয়োগ কৰিব পাৰি’ তেনে এক আলোচনা যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় হৈছিল। বিশ্ববিদ্যালয় কৃষি গৱেষণা আঁচনি আৰু কৃষি বিভাগৰ বীজ আঁচনিত বিশ্ববিদ্যালয়ৰ সহযোগিতা পাব পাৰি। বিভাগীয় বিভিন্ন আঁচনিৰ এই বৰ্ষত উচ্চ শিক্ষিত নিবনুৱাক কিদৰে কৃষিকৰ্মত নিয়োজিত কৰিব পাৰি, তাৰ বাবে ২/৩ বাৰ আমি মিলিত হৈছিলোঁ। উদ্দেশ্য- নিবনুৱা সমস্যা কিছু হ’লেও কমাব পাৰি নেকি? ইয়াৰ বাবে এলাহ এৰিব লাগিব। অসমীয়া শিক্ষিতচামে।

কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰতিখন জিলাতে ‘কৃষি বিজ্ঞান কেন্দ্ৰ’ আছে, তাত কৃষি বিজ্ঞানীসকলে ‘ফ্ৰন্ট লাইন ডেমনষ্ট্ৰেচন’ ভাল কৃষক গোটৰ পথাৰত কৰে। বিভিন্ন ন ন ধান, মাহ, ফুল, ফলৰ বীজ বিতৰণো কৰে। মাটি পৰীক্ষা, মৰাপাটৰ বীজ, চিলঙনী, নগাঁৱৰ পৰা আনিব পাৰিব। মই বৰপেটা, নলবাৰী, কামৰূপ, তেজপুৰ, বিশ্বনাথ চাৰিআলি আদি অঞ্চলত কাৰ্যনিৰ্বাহ কৰোঁতে কেভিকেৰ লগত নানা কৃষি মহাবিদ্যালয়ৰ বিজ্ঞানীসকলৰ সৈতে আলোচনা কৰিছিলোঁ। আটাইকেইজন বিজ্ঞানী মোৰ ভাল বন্ধু। লগতে ডাঃ হেমেন নাথ ভট্টাচাৰ্য, ডাঃ গিৰীন হাজৰিকা ছাৰৰ পৰা পৰামৰ্শ লৈ আছে। উপাচাৰ্য ছাৰৰ পৰাও সুযোগ বুজি দিহা-পৰামৰ্শ লওঁ। বুজৰবৰুৱা ছাৰৰ দৰে জ্ঞানী-বিজ্ঞানী মানুহৰ পৰামৰ্শ ল’লে বহু কথা শিকিব পাৰি।

এতিয়া আঁচনি সম্বন্ধত কথা কওঁ- ১ নং খেতি কৰিব লাগিলে টেক্টৰ, পাৱাৰ টিলাৰ আদি লাগিব। টেক্টৰ বৰ্তমান চৰকাৰে ৭০ শতাংশ ৰেহাই মূলত এই বছৰ ২০১৭-১৮ চনত দিব। লগতে পাৱাৰ টিলাৰৰ বিপৰীতে ৭৫,০০০ ৰাজসাহায্য পাব, অৰ্থাৎ পাৱাৰ টিলাৰ সম্পূৰ্ণ দামত কিনক। কৃষকৰ নিজৰ পছন্দ অনুযায়ী পাৱাৰ টিলাৰ আৰু ৭৫,০০০ টকাৰে পোনপটীয়াকৈ উপকৃত হওক। আৰু সেই ধন কৃষকৰ নিজে বেংক একাউন্টত জমা দিব কৃষি বিভাগে। এইবাৰ সুবিধা ল’বলৈ কৃষক একগোট হওক। গাঁওখনৰ ১০০-২০০ কৃষক লগ লাগি একোটা গোট গঠন কৰি পঞ্জীয়নভুক্ত হ’ব লাগে। ইয়াৰ বাবে প্ৰথমে ১০ জন কৃষকৰ সম্পূৰ্ণ নাম-ঠিকনা, শিক্ষাগত অৰ্হতা, মাটিকালিৰ পৰিমাণ, আনুমানিক উৎপাদন শস্যভেদে উল্লেখ কৰি কৃষি বিভাগৰ কৃষি সঞ্চালক আৰু উদ্যান শস্যৰ সঞ্চালকলৈ আবেদন কৰিব নিজ নিজ জিলাত থকা জিলা কৃষি বিষয়াৰ জৰিয়তে। বৰ্তমান ৫০-৬০ টা এনে এফ পি অ’, এফ পি চিৰ দায়িত্বত মই আছোঁ আৰু মোৰ চাকৰি ২০১৭ চনত উকলিব। গতিকে বিভিন্ন জিলাৰ উদ্যমী কৃষক আগবাঢ়ি আহক, আমি নিশ্চয় সহায় কৰিম। এনে প্ৰচেষ্টা ল’বলৈ বৰ্তমানৰ কৃষিমন্ত্ৰী অতুল বৰা ছাৰ, কৃষি উৎপাদন আয়ুক্ত কে কে মিট্টাল ছাৰৰ পৰা পূৰ্ণ সমৰ্থন সহযোগিতা পাইছোঁ। সেয়ে তেজপুৰ, বিশ্বনাথ চাৰিআলি, মৰিগাওঁ, নগাঁও, যোৰহাট, তিনিচুকীয়া, বৰপেটা, নলবাৰী জিলাত মই এ এছ এফ এ চিৰ পৰিচালক নন্দিনী শৰ্মা আৰু মানৱজ্যোতি দাসক লগত লৈ জিলাই জিলাই কৃষক উৎপাদন গোট গঠন কৰিছে।

লেখক: মনজিৎ তালুকদাৰ(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 2/22/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate