অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিৱসাগৰৰ প্ৰগতিশীল মীনপালক তাজকিৰুশ আলম

শিৱসাগৰৰ প্ৰগতিশীল মীনপালক তাজকিৰুশ আলম

যি সময়ত ৰাজ্যখনৰ বহু শিক্ষিত নিবনুৱা যুৱকে চাকৰিৰ সন্ধানত মূল্যবান সময় নষ্ট কৰি দিকভ্ৰষ্ট হৈছে, সেই সময়তে কিছু কৰ্মোদ্যম শিক্ষিত যুৱকে মীন পালনৰ দৰে লাভজনক কৃষি পদ্ধতিত নিজকে আত্মনিয়োগ কৰি লাভৱান হৈছে। তেনে এজন শিক্ষিত যুৱক হ’ল শিৱসাগৰ জিলাৰ নাজিৰা উন্নয়ন খণ্ডৰ শিমলুগুৰিৰ সমীপৰ গোসীকলা গাঁৱৰ যুৱক মঃ তাজনিৰুপ আলম। সৰুৰে পৰা মীনপালনত আগ্ৰহী তাজকিৰুশে নগাঁও জিলাৰ অগ্ৰণী মীন পালক প্ৰয়াতলুটফুৰ ৰহমানৰ লগত থাকি মীনপোনা উৎপাদনৰ কৌশল আয়ত্ত কৰে। তাৰ পাছত টুকটুকী আদি অঞ্চলৰ পৰা মীনপোনা আনি পোনা প্ৰতিপালন ব্যৱসায়ত নিজকে আত্মনিয়োগ কৰে।

 

অতি কৰ্মদক্ষ এই শিক্ষিত মীনপালকে ২০০৭-০৮ চনত সূৰুযমুখী চি আই জিৰ এজন সক্ৰিয় সদস্য হিচাপে বিশ্ববেংকৰ অৰ্থ সাহায্যত অসম কৃষি সামৰ্থ্যবৰ্ধন প্ৰকল্পৰ জৰিয়তে তিনিবিঘা পানীকালিৰ এটা পুখুৰী উন্নয়ন কৰি তাত মীনপালন আৰম্ভ কৰে। এই পুখুৰীটোত প্ৰথম বছৰতে ১৩৫০ কিঃ গ্ৰাঃ মাছ উৎপাদন কৰিবলৈ সক্ষম হোৱা তাজকিৰুশে শেহতীয়াকৈ মীন পোনা উৎপাদন হেচ্ছাৰী কেইবাখনো নাৰ্ছাৰী আৰু ৰিয়াৰিং পুখুৰী খান্দি তাত মীন পোনা প্ৰতিপালনৰ ব্যৱস্থা কৰে। আলম নামৰ প্ৰগতিশীল মীনপালকজনে প্ৰতি হেক্টৰ পানীকালিৰ পৰা বছৰি ৪-৫ টন মাছ উৎপাদন কৰিবলৈ সক্ষম হৈছে।

 

তদুপৰি তেওঁ কেইবাটাও সৰু সৰু পুখুৰীৰ পৰা মোৱা মাছ, শিঙি, মাগুৰ আদি মাছ বিজ্ঞানসন্মতভাৱে পালন কৰিবলৈ সক্ষম হৈছে। লাহে লাহে আলমে তেওঁৰ মীনপামখন সম্প্ৰসাৰণ কৰি ইয়াৰ কলেবৰ ৩ হেক্টৰলৈ বঢ়াবলৈ সক্ষম হৈছে আৰু ইয়াকে দেখ জিলাখনৰ বহু শিক্ষিত যুৱক মীনপালনৰ প্ৰতি আগ্ৰহী হৈ উঠিছে।

মীনপালনৰ দৰে লাভজনক কৃষি পদ্ধতিত নিজকে আত্মনিয়োগ কৰি নিজৰ লগতে আন চাৰিজন যুৱকক প্ৰত্যক্ষভাৱে আৰু কুৰিজনৰো অধিক লোকক পৰোক্ষভাৱে সংস্থাপন দিবলৈ সক্ষম হোৱা আলমে পঞ্চায়ত, উন্নয়ন খণ্ড আৰু জিলা ভিত্তিত পাৰদৰ্শিতাৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ২০১৩-১৪ বৰ্ষত মীন বিভাগৰ ফালৰ পৰা এই প্ৰগতিশীল মীনপালকজনক শ্ৰেষ্ঠ মীনপালক হিচাপে যোৱা ১০ জুলাইত ৰাষ্ট্ৰীয় মীনপালক দিৱসত মীন মন্ত্ৰীৰ দ্বাৰা পুৰস্কৃত কৰা হয়।

আলম আজি ৰাজ্যখনৰ মীনপালকসকলৰ মাজত এজন আদৰ্শ ব্যক্তি। নিজৰ সততা, কৰ্মদক্ষতা আৰু স্ব-নিৰ্ভৰশীলতাৰ প্ৰতি থকা গভীৰ আস্থাৰ বাবে এই তৰুণ মীনপালকজন আজি সকলোৰে অনুকৰণীয়। নিজৰ মীনপামখন আৰু সম্প্ৰসাৰণ কৰিবলৈ বদ্ধপৰিকৰ এই আদৰ্শ মীনপালকজন আৰু বেছি প্ৰগতিৰ সোপান বগাওক তাৰেই কামনাৰে…….

লিখকঃ ড০ সঞ্জয় শৰ্মা, অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate