অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শুকান মাছে লাভাম্বিত কৰিছে মুকালমুৱাৰ মৎস্যজীৱীক

শুকান মাছে লাভাম্বিত কৰিছে মুকালমুৱাৰ মৎস্যজীৱীক

নলবাৰী জিলাত প্ৰাকৃতিক জলাশয়ৰ সংখ্যা বেছি হোৱা বাবে জিলাখনে মাছ উৎপাদনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বিশেষকৈ জিলাখনৰ মুকালমুৱা অঞ্চলত নৈ-খাল-বিলৰ পৰিমাণ অত্যধিক হোৱাত অঞ্চলটোৱে বুজন পৰিমাণৰ থলুৱা মাছ উৎপাদন কৰি আহিছে। বৰ্তমান সময়ত নৈ-খাল-বিলবোৰৰ পানী ক্ৰমাত শুকাই আহিবলৈ আৰম্ভ কৰাত অঞ্চলটোত বিভিন্ন প্ৰকাৰৰ থলুৱা মাছৰ উভৈনদি হৈ পৰিছে। ইপিনে প্ৰতি বছৰে খৰালিৰ এই সময়ছোৱাত মৎস্যজীৱিসকলে খাল-বিলত একেলগে মাছ ধৰাৰ ফলত বজাৰত এনে মাছৰ দাম অভাৱনীয়ভাবে হ্ৰাস পায়। মুকালমুৱাৰ ওচৰৰ লাউতোলাৰ মৎস্যজীৱী যুৱক হিকমত আলীয়ে ‘দৈনিক অসম’ক জানিবলৈ দিয়া মতে এই সময়ছোৱাত তেওঁলোকে প্ৰতি কিলোগ্ৰাম পুঠি, খলিহনা, ডঁৰিকনা আদি মাছ ৩০ টকা দৰত বিক্ৰী কৰিব লগা হয়। ফলত তেওঁলোক লোকচানৰ সন্মুখীন হ’ব লগা হয়। এনে লোকচানৰ পৰা হাত সৰাৰ বাবে মুকালমুৱা অঞ্চলৰ প্ৰায়ভাগ মৎস্যজীৱী লোকে আৰম্ভ কৰে শুকান মাছৰ ব্যৱসায়। এই সময়ছোৱাত অঞ্চলটোৰ মৎস্যজীৱীসকলে খাল-বিল বোৰত উৎপাদিত মাছ বিল বা খালৰ পাৰতে বাঁহৰ ঢাৰিত মেলি ৰ’দত শুকুওৱাৰ ব্যৱস্থা কৰে। এনে শুকান মাছৰ পৰা মৎস্যজীৱীসকলে সৰ্ব্বাধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হয়। মুকালমুৱা অঞ্চলৰ হামলাকুঁড়  (লোহাৰকঠা) ৰ শুকান মাছৰ ব্যৱসয়ৰ লগত জড়িত ইউনুছ আলিয়ে জানিবলৈ দিয়া মতে, যি সময়ত তেওঁলোকে খাল-বিলত উৎপাদিত মাছ এই সময়ছোৱাত প্ৰতি কিলোগ্ৰামত ৩০ টকাৰ পৰা ৫০ টকা দৰত বিক্ৰী কৰিব লাগে, সেই সময়ত তেওঁলোকে শুকান মাছ প্ৰতি কিলোগ্ৰামত ২৫০ টকা দৰত বিক্ৰী কৰে। তেওঁ পুনৰ জানিবলৈ দিয়া মতে, প্ৰতি কুইণ্টল কেঁচা মাছৰ পৰা ৪০ কিলোগ্ৰাম শুকান মাছ পাবলৈ সক্ষম হয়। তাৰ পিছতো মতস্যজীৱীসকলে যথেষ্ট লাভ আৰ্জিবলৈ সক্ষম হয়। শুকান মাছৰ বজাৰৰ ক্ষেত্ৰতো মৎস্যজীৱীসকলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব লগা নহয়। কিয়নো, বৰ্তমান ৰাজ্যখনৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া ৰাজ্যসমুহত আৰু ওচৰৰ ভূটানত শুকান মাছৰ এখন গুৰুত্বপূৰ্ণ বজাৰ আছে। ইউনুছ আলিয়ে জানিবলৈ দিয়া মতে, কলিতাকুছি আৰু ঘগাৰ পৰা অহা ব্যৱসায়ীয়ে মৎস্যজীৱীসকলৰ পৰা শুকান মাছবোৰ মাছ শুকুওৱা স্থানৰ পৰাই ক্ৰয় কৰি জাগীৰোড আৰু শ্বিলঙলৈ বিক্ৰীৰ বাবে লৈ যায়। এনে পৰিপ্ৰেক্ষিতত সম্প্ৰতি মুকালমুৱা অঞ্চলৰ প্ৰায়বোৰ গাঁৱতে খাল-বিলৰ দাঁতিত মাছ ৰ’দত শুকুৱাই থকাৰ দৃশ্য সহজসলভ্য। মুঠতে শুকান মাছৰ ব্যৱসায়ে কিছু পৰিমাণে হ’লেও মৎস্যজীৱীসকলক লোকচানৰ পৰা ৰক্ষা কৰি তেওঁলোকৰ পৰিয়ালৰ জীৱন জীপাল কৰি তুলিছে।

ৰমেন কলিতা, দৈনিক কলিতা।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate