অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শ্বেত বিপ্লৱৰ অংশীদাৰ সৰুপেটাৰ কেইজনমান কৃষকৰ কথাৰে...

শ্বেত বিপ্লৱৰ অংশীদাৰ সৰুপেটাৰ কেইজনমান কৃষকৰ কথাৰে...

উদ্ধৱ গোহাঁই দুগ্ধ উৎপাদক সমবায় সমিতি। স্থাপিত ২৬-০৫-০৭, পঞ্জীয়ন ন্ং- এন এল জেদ/বি-১৭/২০০৭-০৮, স্থান- কলবাৰী, ডাকঘৰ- ভৱানীপুৰ। বৰ্তমান নিৰ্মীয়মাণ অৱস্থাত থকা ভৱানীপুৰ- নাৰায়ণগুৰি স্ংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই সমীপত, ভৱানীপুৰৰপৰা ১ কিলোমিটাৰ উত্তৰে অৱস্থিত উক্ত সমিতিৰ স্থায়ী কাৰ্যালয় গৃহটো। আমি লগ পাইছিলো সমিতিখনৰ প্ৰতিস্থাপক সভাপতি সৰ্বেশ্বৰ দাসক। তেঁও আমাক ক’লে, ‘২০০৭ চনৰ কথা। সেই সময়ত আমাৰ গাঁৱৰে শুভানুধ্যায়ী যুৱ পশু চিকিৎসক ডাঃ ভাস্কৰ চৌধুৰীয়ে অসম চৰকাৰৰ কৃষি সামৰ্থ্যবৰ্দ্ধক প্ৰকল্প (দুগ্ধ উন্নয়ন) আঁচনিখনৰ বিষয়ে বিত্ংকৈ আমাক জনোৱাত আমি কেইবাজনো নিবনুৱা যুৱক লগ হৈ এখন ৰাজহুৱা সভা আহ্বান কৰো আৰু সেইটো বৰ্ষৰে কোনোবা এটা দিনত মোক সভাপতি আৰু মিণ্টু চৌধুৰীক সম্পাদকৰুপে লৈ ৭ জনীয়া কৰ্যনিৰ্বাহক কমিটী এখন গঠন কৰা হয়। আৰম্ভণিতে অস্থায়ী কাৰ্যালয় হিচাপে সমিতিৰ সদস্য হৰেকৃষ্ণ দাসৰ ঘৰতে আমি কাম চলাওঁ। তেতিয়া পুৱাবেলা আৰু আবেলি মুঠ ১০০ লিটাৰমান গাখীৰহে আমি হিতাধিকাৰী কৃষক ৰাইজৰপৰা পাইছিলোঁ। এনদৰেই মনৰ কথা আমাৰ আগত খুলি কৈ গৈছিল শ্বেতবিপ্লৱৰ অংশীদাৰ সৰ্বেশ্বৰ দাসে। তেঁও কৈ গৈছিল- ‘পঞ্জীয়নভূক্ত হোৱাৰ পিছত সমিতিৰ নামত আমি ৫০,০০০ টকাৰ এটা অনুদান লাভ কৰো চৰকাৰৰপৰা। ২০১২ চনত পকাৰে নিৰ্মিত বৰ্তমানৰ স্থানলৈ সমিতিৰ গৃহটো স্থানান্তৰ কৰা হয়। বৰ্তমান সমিতিৰ সভাপতি প্ৰমথেশ দাস আৰু সম্পাদক হৰেকৃষ্ণ দাস। আমাৰ নিয়মীয়া গাখীৰ যোগান ধৰোতা হিতাধিকাৰীৰ বৰ্তমান সংখ্যা প্ৰায় ১০০ জন। পুৱাবেলা আৰু আবেলৰ দুয়োটা খেপত এতিয়ালৈ আমাৰ ওচৰত প্ৰায় ৪০০ লিটাৰকৈ গাখীৰ জমা দিয়ে হিতাধিকাৰী কৃষক ৰাইজে। মধ্যভোগী অবিহনে প্ৰত্যক্ষ লাভ আঁচনিৰ অধীনত গুৱাহাটীৰ পূৰবী ডয়েৰী আৰু বৰপেটাৰ ৰাইনো ডায়েৰীয়ে প্ৰতিদিনে এই গাখীৰ ক্ৰয় কৰি লৈ যায়’। বৰ্তমান সময়ত অসমত শ্বেত বিপ্লৱৰ দৈন্য দশাৰ বিষয়ে বিভিন্ন মাধ্যমত সঘনে চৰ্চিত হৈ থকাৰ সময়ত শ্বেত বিপ্লৱী নিবনুৱা এই যুৱকসকলৰ এই উদ্যম নিতান্তই এক আশাব্যঞ্জক কথা। আমি জানিব পাৰিলো কিছুস্ংখ্যক যুৱ উদ্যোগীৰ প্ৰচেষ্টাত প্ৰত্যক্ষ লাভ আঁচনিৰ অধীনত এনেদৰেই গঢ়ি উঠিছে কাষৰীয়া ‘পশ্চিম ভৱানীপুৰ দুগ্ধ উৎপাদন সমবায় সমিতি’ আৰু ‘গোপাল আতা দুগ্ধ উৎপাদক সমবায় সমিতি’। ‘লেক্ট’মিটাৰ যন্ত্ৰৰ সহায়ত প্ৰতিদিনেই সংগৃহীত গাখীৰৰ ঘনত্ব জোখা হয়। তদুপৰি গাখীৰত থকা স্নেহ পদাৰ্থ, মাখনৰ পৰিমাণ আদি নিৰুপণৰ বাবে বিভাগীয়ভাৱে এটা যন্ত্ৰ সমিতিৰ নামত অনুমোদিত হৈ আছে যদিও দক্ষ অপাৰেটৰ অবিহনে তাক আনি কামত লগাব পৰা হোৱা লাই’। - দাসে শলাগিলে জিলা সমন্বয়ক টিকেন্দ্ৰজিৎ দাসক, তেঁওলোকলৈ আগবঢ়োৱা উচিত সহায়ৰ বাবে। অসুচল পৰিৱহন ব্যৱস্থা আৰু উপযুক্ত বজাৰ ব্যৱস্থা অবিহনে মফচলীয়া এনেকুৱা অঞ্চলবোৰত সমবায় সমিতিৰ জৰিয়তে দুগ্ধ উৎপাদকসকললৈ সহায়ৰ হাত আগবঢ়োৱা সৰ্বেশ্বৰ দাস, হৰেকৃষ্ণ দাস, মিণ্টু চৌধুৰী, ভৃগু দাস, প্ৰঞ্জল দাস আৰু প্ৰমথেশ দাসৰ দৰে যুৱকসকলৰ এই প্ৰচেষ্টা ক্ষুদ্ৰ হ’লেও ‘শ্বেত বিপ্লৱ’ৰ ক্ষেত্ৰখনত বিন্দুতে সিন্ধু সৃষ্টি হ’ব পৰা নিশ্চয়কৈ এক আশাপ্ৰদ বতৰা।

লিখক: গপীশ দাস।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate