অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শ্ৰীপদ্ধতিৰে খেতি কৰি লাভান্বিত কলাইগাঁৱৰ নৱজ্যোতি শৰণীয়া

শ্ৰীপদ্ধতিৰে খেতি কৰি লাভান্বিত কলাইগাঁৱৰ নৱজ্যোতি শৰণীয়া

ওদালগুৰি জিলাৰ উদ্যমী যুৱক নৱজ্যোতি শৰণীয়াই একান্ত নিজা প্ৰচেষ্টাৰে নিজ কৃষিভূমিত কৃষি সৱলীকৰণ পদ্ধতি (শ্ৰীপদ্ধতি আফ্ৰিকান)ৰে নিৰ্মল, ক্ৰান্তি আৰু এডভেন্টা নামৰ উন্নত ধানৰ বীজ ৰোপণ কৰি লাভৱান হৈছে। ওদালগুৰি জিলাৰ কলাইগাঁও ৰাজহ চক্ৰৰ অধীনৰ মৌগাঁৱৰ মণিৰাম শৰণীয়া, ৰিবি শৰণীয়াৰ জ্যেষ্ঠ পুত্ৰ নৱজ্যোতি শৰণীয়াই বিগত দুটা বছৰে কৃষিকাৰ্য্যত উন্নত পদ্ধতিৰে খেতি কৰি লাভৱান হৈ পৰিয়ালটো সুন্দৰভাৱে পৰিচালিত কৰি থকা বুলি জানিবলৈ দিছে। তেওঁ জানিবলৈ দিয়া মতে, এইবাৰ কঠীয়া সিঁচাৰ ১০-১২ দিনৰ ভিতৰত এডাল এডালকৈ ৰোপণ কৰা প্ৰতিটো ধানৰ গজালি লহ-পহকৈ বাঢ়ি আহিছে। শৰনীয়াই প্ৰতি বিঘা মাটিত ৩০ মোন ধান উৎপাদন হোৱাৰ লক্ষ্যৰে দিনে-নিশাই ধাননি পথাৰত ব্যস্ত হৈ পৰিছে। এই উন্নত পদ্ধতিৰ খেতিত প্ৰতি বিঘা মাটিত প্ৰায় তিনি হাজাৰ টকাকৈ মূলধন ব্যয় হোৱা বুলি সদৰি কৰে যুৱ উদ্যমী কৃষক নৱজ্যোতি শৰণীয়াই। টংলা জলসিঞ্চন বিভাগৰ দ্বাৰা নিৰ্মাণ হৈ উঠা মৌ-গাঁও বান্ধৰ পানীৰ দ্বাৰা লাভান্বিত হোৱাৰ কথা উল্লেখ কৰি শৰণীয়াই শেহতীয়াভাৱে ধাননিত এন্দুৰ, গান্ধী পোকৰ লগতে টুনী চৰাইৰ জাকে বিস্তৰ ক্ষতি সাধন কৰাৰ কথা প্ৰকাশ কৰে। টংলা মহলীয়াপাৰা পথৰ দাঁতিত নৱজ্যোতি শৰণীয়াই পাঁচ বিঘা মাটিত শ্ৰীপদ্ধতিৰে কৰা উন্নত জাতৰ ধানৰ খেতিয়ে সম্প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

লিখক: বাপন শৰ্মা, টংলা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate