অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ষ্ট্ৰ’বেৰী উৎপাদনেৰে সফলতা পাটাছাৰকুছিৰ গৌৰীকান্ত ডেকাঃ

ষ্ট্ৰ’বেৰী উৎপাদনেৰে সফলতা পাটাছাৰকুছিৰ গৌৰীকান্ত ডেকাঃ

পাটাছাৰকুছিৰ বেজকুছিৰ আদৰ্শ কৃষক গৌৰীকান্ত ডেকাই প্ৰথমবাৰৰ বাবে ষ্ট্ৰ’বেৰী খেতি কৰি বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। কৃষিকে জীৱনৰ ব্ৰত হিচাপে লোৱা ৬৭ বছৰীয়া কৃষকজনে নিজৰ কৃষি উদ্যানখনত ন ন চিন্তাৰে উন্নত আৰু বিজ্ঞানসন্মতভাৱে মীনপালন, হাঁহপালন আৰু বিভিন্ন প্ৰকাৰৰ উদ্যান শস্যৰ কৃষিকাৰ্য কৰি ইতিমধ্যে নিজকে এগৰাকী সফল আৰু আদৰ্শ খেতিয়ক হিচাপে প্ৰতিষ্ঠা কৰিছে। নিত্য-নতুন চিন্তাৰে কৃষিকাৰ্যক আগবঢ়াই নিয়া আদৰ্শ কৃষক ডেকাই এইবছৰ প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে ষ্ট্ৰ’বেৰীৰ খেতি কৰিছিল। এইক্ষেত্ৰত কৃষি বিভাগে তেওঁক কিছুসংখ্যক ষ্ট্ৰ’বেৰীৰ পুলি আৰু অন্যান্য সা-সুবিধা আগবঢ়াইছিল। অৱশ্যে এইবোৰ ঠাইত ষ্ট্ৰ’বেৰী খেতি কৰিব পৰা যাব নে নাই এই লৈ প্ৰথমে তেওঁ বিমোৰত পৰিছিল যদিও দীৰ্ঘদিনীয়া কৃষিকাৰ্যৰ অভিজ্ঞতাৰে পুষ্ট ডেকাই এই খেতি কৰিবলৈ আগবাঢ়িছিল। নিজে প্ৰস্তুত কৰা কেঁচুমতা সাৰ প্ৰয়োগ কৰিছিল। অৱশ্যে প্ৰথম অৱস্থাত কিছু পুলি মৰহি গৈছিল। বৰ্তমানে প্ৰায় ডেৰকঠা মাটিত এহাজাৰমান পুলি ঠন ধৰি উঠিছে। ঔষধি প্লাষ্টিকৰ ওপৰত ৰোপণ কৰা পুলিবোৰ থোপা ধৰি লাগিবলৈ আৰম্ভ কৰিছে। ষ্ট্ৰ’বেৰীবোৰ ডাঙৰ ডাঙৰ লগতে সোৱাদযুক্ত হোৱাৰ বাবে বৰ্তমানে ফলৰ ব্যৱসায়ীৰ লগতে ব্যক্তিগতভাৱে গ্ৰাহকে প্ৰতিকিলোত তিনিশ টকা দৰত এইবোৰ ক্ৰয় কৰিছে। ডেকাই জনোৱা মতে, বৰ্তমান প্ৰতি তিনি-চাৰিদিনৰ অন্তৰত প্ৰায় ৮ কিলোগ্ৰাম ষ্ট্ৰ’বেৰী উৎপাদন হৈছে। এতিয়ালৈকে তেওঁ প্ৰায় ২৫,০০০ টকাৰ ষ্ট্ৰ’বেৰী বিক্ৰী কৰিবলৈ সক্ষম হৈছে। তেওঁৰ এই কৃষিকাৰ্যত একাণপতীয়াকৈ সহায়ৰ হাত আগবঢ়াইছে তেওঁৰ পুত্ৰ খগেন ডেকাই। ইণ্টাৰনেটযোগে তেওঁ কৃষি পদ্ধতিৰ জ্ঞান আহৰণ কৰি পিতৃৰ কৃষিকাৰ্যত সেইবোৰ প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছে। বৰ্তমান তেওঁৰ ষ্ট্ৰ’বেৰী খেতিডৰা চাবলৈ বিভিন্ন ঠাইৰ লোকে ঢাপলি মেলিছে কৃষি উদ্যানখনলৈ। বিভিন্নজনে তেওঁৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ শলাগ লৈছে আৰু উৎসাহিত কৰিছে। কৃষি বিভাগৰ বিভিন্ন পৰ্যায়ৰ বিষয়াৰ উপৰি প্ৰশাসনিক বিষয়াও তেওঁৰ উদ্যানত উপস্থিত হৈ তেওঁক উৎসাহিত কৰিছে। ইতিমধ্যে ডেকাই ষ্ট্ৰ’বেৰী খেতিৰ জৰিয়তে আন কৃষিকাৰ্যৰ তুলনাত বহুগুণে লাভৱান হ’ব পাৰি বুলি প্ৰমাণ কৰাৰ লগতে এনে খেতি এই অঞ্চলত যে কৰিব পাৰি তাকো প্ৰমাণ কৰিলে।

(উৎসঃ নিয়মীয়া বাৰ্তা, উৎপল মেধী, পাটাছাৰকুছি)।

শেহতীয়া উন্নীতকৰণ: : 2/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate