অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ষ্ট্ৰবেৰী খেতিৰে স্বাৱলম্বী বিলাসীপাৰাৰ প্ৰণৱ কলিতা :

ষ্ট্ৰবেৰী খেতিৰে স্বাৱলম্বী বিলাসীপাৰাৰ প্ৰণৱ কলিতা :

 

ষ্ট্ৰবেৰী ফলবিধৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ সময়তে বিলাসী পাৰাত ষ্ট্ৰবেৰী খেতিৰে নৱ দিগন্তৰ সুচনা কৰিছে এচাম যুৱ খেতিয়কে। বিলাসীপাৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰাৱণটাৰী গাঁৱৰ উচ্চ শিক্ষিত কৃষক প্ৰণৱ কলিতাই গাওঁখনত প্ৰথমবাৰৰ বাবে কৰিছে এই ফলবিধৰ খেতি। প্ৰথমবাৰতেই সফলতাৰ লাভ কৰিছে কৃষকজনে। ধুবুৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত কৰা পৰীক্ষামুলক এই খেতি কৰি প্ৰণৱ কলিতা নিজে লাভৱান হোৱাৰ লগতে আন কেইবাজনকো এই খেতি কৰাৰ প্ৰতি আকৃষ্ট কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়াই জনোৱা মতে, যুৱকজনে যোৱা ২৫ নৱেম্বৰত পুলি ৰুই তিনি মাহ পাছতেই ষ্ট্ৰবেৰী ফল তুলিবলৈ সক্ষম হৈছে। অতি কম খৰচত কৰিব পৰা এই খেতিবিধৰ বাবে অসমৰ জলবায়ু, মাটি প্ৰকৃতি আৰু তাপমাত্ৰা অতিকৈ উপযোগী হোৱা বাবে অতি সহজে প্ৰযুক্তি কৌশল খটুৱাই এনে খেতি কৰিব পৰা যায়। যোৱা বছৰ ২৫ নৱেম্বৰত ষ্ট্ৰবেৰী খেতি আৰম্ভ কৰা প্ৰণৱে তিনি মাহ পাছতেই প্ৰতি কিল’গ্ৰাম ষ্ট্ৰবেৰী তেওঁ ৬০০ ৰ পৰা এহেজাৰ টকালৈকে বিক্ৰী কৰি আছে। অতি কম ঠাইত তামোল গছ, বাঁহ আৰু পলিথিনেৰে সজোৱা ঘৰ এটাৰ ভিতৰত ৩০০ পলিথিনৰ বেগ ওলমাই লৈ এই খেতি কৰা হৈছিল। প্ৰতি বেগত প্ৰায় তিনিশ গ্ৰামকৈ ষ্ট্ৰবেৰী উৎপাদন হৈছিল আৰু প্ৰতি দহ দিনৰ মুৰে মুৰে ষ্ট্ৰবেৰী ছিঙা হয়। উল্লেখযোগ্য যে পোন প্ৰথমবাৰৰ বাবে হোৱা এনে সম্ভ্ৰান্ত খেতিৰে বিলাসীপাৰাৰ লগতে কাষৰীয়া অঞ্চলৰ খেতিয়ককো উৎসাহিত কৰি তুলিছে। কৃষি বিজ্ঞান কেন্দ্ৰ, ধুবুৰীয়ে প্ৰণৱক পুলি যোগান ধৰাৰ লগতে প্ৰযুক্তি কৌশল যোগান ধৰিছে। অতি কম খৰচত ষ্ট্ৰবেৰী খেতি কৰি লাভৱান হোৱা প্ৰণৱে প্ৰচুৰ চাহিদা থকা খেতিবিধ কৰি আত্মসন্তুষ্টি লাভ কৰাৰ লগতে আগলৈ অধিক হাৰত এই খেতি কৰিব বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে ধুবুৰী জিলাখনৰ বিলাসীপাৰাত এয়াই প্ৰথম ষ্ট্ৰবেৰী খেতি। শিক্ষিত যুৱক- যুৱতীক উচ্চ মুল্যৰ খেতিৰ প্ৰতি আকৃষ্ট কৰাৰ বাবে ধুবুৰী কৃষি বিজ্ঞান কেন্দ্ৰই প্ৰদৰ্শনী, পৰীক্ষামুলকভাৱে এই খেতি কৰা হৈছিল। এই ক্ষেত্ৰত সফলতা লাভ কৰাৰ লগতে ইতিমধ্যে বহুসংখ্যক যুৱক-যুৱতী এনে খেতি কৰাৰ বাবে আগবাঢ়ি আহিছে। ষ্ট্ৰবেৰী খেতিৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰসমুহে সকলো ধৰণৰ পৰামৰ্শ, সহায়-সহযোগিতা কৰি যাব বুলি প্ৰকাশ কৰিছে। চৰকাৰী-বেচৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খোৱা নিবনুৱা যুৱক-যুৱতীসকল এনে খেতি কৰিবলৈ আগ বাঢ়ি আহিলে পশ্চিম অসমৰ ধুবুৰী জিলাখনো অৰ্থনৈতিক দিশত আগবাঢ়ি যাব বুলি এই খেতিত জড়িত লোকসকলে জনাইছে।

লেখক: নীলকমল নাথ (দৈনিক জনমভুমি)

শেহতীয়া উন্নীতকৰণ: : 1/20/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate