অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সেউজ গৃহত কৃষিকৰ্ম

সেউজ গৃহত কৃষিকৰ্ম

ৰহা বগৰিগুৰিৰ শচীদানন্দ তামুলীৰ প্ৰয়াস

গ্ৰীন হাউচ। অৰ্থাৎ সেউজ গৃহ।এই সেউজ গৃহতে খেতি কৰি লাভন্বিত হৈছে নগাঁৱৰ এজন কৃষক।নগাঁও জিলাৰ ৰহা বগৰিগুৰি শচীদানন্দ তামুলীয়ে তেওঁৰ বাসগৃহৰ সন্মুখতে চৰকাৰী সাহায্যৰে স্থাপন কৰি লৈছে এটা সেউজ গৃহ। তামুলীয়ে জনোৱা মতে ৰহা সমষ্টিৰ প্ৰাক্তন বিধায়ক পীয়ুস হাজৰিকাই এই সেউজ গৃহটো নিৰ্মান কৰাৰ ক্ষেত্ৰত তেওঁক সাহায্য আগবঢ়াইছে।তামুলীয়ে এই সেউজ গৃহটোক তিয়ঁহ,লেচেৰামাহ,বেঙেনা,বিলাহী,কেপচিকাপ আদিৰ খেতি কৰিছে।প্ৰকৃততে সেউজ গৃহবোৰ স্বচ্ছ সামগ্ৰীৰে নিৰ্মান কৰা হয়। সেউজ গৃহ বতৰ পৰিৱৰ্তন লগত খাপ খোৱাকৈ নিৰ্মান কৰা হয় যাতে ইয়াৰ ভিতৰত সূচাৰুৰুপে বিভিন্ন উদ্ভিদৰ বৃদ্ধি হব পাৰে।সেউজ গৃহৰ ভিতৰত সূৰ্য্যৰ ৰশ্মি মুকলি হৈ পৰে।সেয়ে বাহিৰৰ শীতল পৰিৱেশতকৈ সেউজ গৃহৰ ভিতৰৰ পৰিৱেশ যথেষ্ঠ উষ্ণ হয়। শচীদানন্দ তামুলীয়ে সেউজ গৃহটো বহলে প্ৰায় ৩০ ফুট আৰু দীঘলে প্ৰায় ৫০ ফুট। সেউজ গৃহটোৰ ভিতৰত পানী যোগানৰ উচিত ব্যৱস্থাও আছে।বাস্তৱিকতে শীতৰপৰা ৰক্ষা কৰি উপযুক্ত্ভাৱে উদ্ভিদৰ বৃদ্ধি ঘটাবলৈকে সেউজ গৃহ নিৰ্মান কৰা হয়।তামুলীয়ে সেউজ গৃহৰ ভিতৰত চাং পাতি লেচেৰামাহ,তিয়হঁ আদিৰ খেতি কৰিছে। বিগত সময়ছোৱাত তেওঁ লেচেৰা মাহ,বেঙেনা আদি যথেষ্ঠ পৰিমানে উৎপাদন কৰিবলৈ সক্ষম হৈছিল বুলিও জনায়।সেউজ গৃহ নিৰ্মান দুটা ভাগত বিভক্ত। এটা প্ৰকাৰ গ্লাছেৰে নিৰ্মিত আৰু আনটো ভাগ প্লাষ্টিকৰে নিৰ্মিত।শচীদানন্দ তামুলীয়ে গৃহত থকা সেউজ গৃহটোৰ ওপৰভাগ প্লাষ্টিকৰে নিৰ্মিত। ইয়াৰ চৌপাশ সেউজীয়া নেটেৰে আবৃত।সেউজ গৃহই পোহৰ, ছাঁ, গৰম, ঠাণ্ডা, পানী যোগান, সাৰ প্ৰয়োগ,জলৱায়ুৰ আদ্ৰতা আদি নিয়ন্ত্ৰন কৰে।সূৰ্য্যৰ ৰশ্মি সঠিকভাৱে নপৰা স্থানত সেউজ গৃহৰ ভিতৰৰ উষ্ণতা বৃদ্ধি কৰি কৃষি কৰ্ম কৰিব পাৰি। তামুলীয়ে প্ৰধানত শাক পাচলি খেতি কৰিহে যদিও সেউজ গৃহৰ ভিতৰত ফুল ফল আদিৰো খেতি কৰিব পাৰি।সেউজ গৃহৰ ভিতৰত বাৰ মাহে খেতি কৰিব পাৰি।উল্লেখ্য ৰোমানসকলৰ দিনৰ পৰাই কৃত্ৰিমভৱে বাৰ মাহে খেতি কৰিব পৰা পদ্ধতি উদ্ভাৱন হৈছিল।ৰোমান সম্ৰাট টাইবেৰিয়াছে তিয়হৰঁ দৰে এবিধ খাদ্য খাইছিল।ইয়াক বাৰমাহে উপলদ্ধ কৰিবৰ বাবে ৰোমান কৃষকসকলে সেউজগৃহৰ দৰে এবিধ সজুলিঁ প্ৰস্তত কৰি ইয়াৰ ভিতৰত এই খেতি কৰিছিল।তেৰশ শতিকাত ইটালীত প্ৰথম সেউজ গৃহ নিৰ্মান কৰি ইয়াৰ ভিতৰত খেতি কৰিছিল।১৪০৫ চনত কোৰিয়াত,সোতৰশ শতিকাত নেডাৰলেণ্ড,ইংলেণ্ড আদিত সেউজগৃহ পদ্ধতিৰে খেতি কৰা হৈছিল।১৮৮০ চনত জাপানত চেমুৱেল ককিং নামৰ এজন ব্যৱসায়ীয়ে প্ৰথম সেউজ গৃহ পদ্ধতিৰে খেতি কৰা পদ্ধতি আৰম্ভ কৰিছিল।পৰৱৰ্তী সময়ত এই সেউজ গৃহ পদ্ধতি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰে।

সেউজ গৃহ পদ্ধতিৰ মূল কথাটো হৈছে বতাহৰ সুচল ব্যৱস্থা। সম্প্ৰতি অসমৰ বিভিন্ন প্ৰান্তত সেউজ গৃহ পদ্ধতিৰে কৃষিকৰ্ম কৰি কৃষকসকল লাভান্বিত হৈছে। যদিও সেউজ গৃহ নিৰ্মান পদ্ধতি ব্যয়বহুল এইক্ষেত্ৰত চৰকাৰী সাহায্যই কৃষকসকলক সকাহ দিব।

চন্দনজ্যোতি বৰা, নগাওঁ

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate