অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সেউজ বিপ্লৱী নীলম :

সেউজ বিপ্লৱী নীলম :

 

বিশ্বনাথ চাৰিআলিৰ এজন উচিত তাৰকা। তেওঁৰ নাম নীলম দত্ত। পেছাত নীলম এজন আদৰ্শ কৃষক। এখনি মনোৰম সেউজ স্বৰ্গৰ গৰাকী তেওঁ। নিজ হাতে গঢ় দিয়া ‘সেউজ স্বৰ্গ’ৰ বাবেই নীলম আজি সকলোৰে পৰিচিত। বৰ্তমান তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সেই পথকে বাট বুলিছে বহু শিক্ষিত নিবনুৱাই। অসম মূলত: কৃষি প্ৰধান ৰাজ্য। কিন্তু বৰ্তমান সময়ত কৃষিৰ প্ৰতি মানুহৰ আগ্ৰহ নগণ্য। যান্ত্ৰিকতাৰ মিছা মায়াত নিমগ্ন জনতা। চহৰমুখী জনতাই পাহৰি পেলাইছে ঘাই শিপা। কিন্তু এই সকলো কথা ওফৰাই পেলালে এজন যুৱকে। সেই ব্যতিক্ৰম চিন্তাধাৰাৰ যুৱকজনেই হ’ল নেলম দত্ত। চাকৰি বিচাৰি সময় নষ্ট কৰাৰ পৰা বিৰত থাকি নীলমে বাছি লৈছিল এক সুকীয়া পথ। নিজৰ অতীতৰ শিপাডাল খামুচি ধৰি নীলমে আৰম্ভ কৰিলে ‘সেউজ বিপ্লৱ’ । তেওঁৰ আত্মবিশ্বাস আছিল দৃঢ়, কাৰণ নীলমৰ শৰীৰত আছিল কৃষকৰে তেজ।

নীলমৰ পিতৃ আছিল এজন কৃষক। স্বৰ্গীয় হেমেন দত্ত আৰু পেছাত আছিল এজন চিকিৎসক। কেঁচা মাটি , কৃষিৰ প্ৰতি তেওঁৰ আছিল অক্লান্ত ভালপোৱা। যাৰবাবে তেওঁ স্বইচ্ছাই অৱসৰ গ্ৰহণ কৰিছিল চিকিৎসকৰ পদৰ পৰা। তাৰ পিচতে নিজক নিয়োজিত কৰে কৃষি কাৰ্যত। ১৯৭৮ চন-এয়াই আৰম্ভণি। বিৰতবিহীন এক সেউজ যাত্ৰা। কেইবিঘামান মাটিত কৰা ধান খেতি আৰু কেইটামান ফিছাৰীৰে আৰম্ভ কৰা কৃষি কাৰ্যই আজি পূৰ্ণতা লাভ কৰিছে। পিতৃৰ বিয়োগত সেই আদৰ্শ আগুৱাই নিয়ে পুত্ৰ নীলমে। দেউতাকে ৰুই যোৱা পুলিটো আজি বৃক্ষ হ’ল। সৰুকৈ আৰম্ভ কৰা খেতি আজি পাম হ’ল। ‘পাভৈ গ্ৰীন’ আজি সকলোৰে পৰিচিত নাম। এটা বৃহৎ অনুষ্ঠানত পৰিণত হ’ল ‘পাভৈ গ্ৰীন’। বিশ্বনাথৰ পৰা বিশ্ব দৰবাৰলৈকে আজি স্বমহিমাৰে মহিমামণ্ডিত ‘পাভৈ গ্ৰীন’।

সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰা হয় ‘পাভৈ গ্ৰীন’ত। উত্তৰ- পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত উপলব্ধ প্ৰায় ৮০ বিধ বিভিন্ন প্ৰজাতিৰ ধানৰ খেতি কৰা হয়। অকল ধানেই নহয়, বিভিন্ন শাক-পাচলি , ফল-মূল , কাঠফুলা, বতৰ অনুযায়ী ফল ইত্যাদিৰো উৎপাদন কৰে পামত। ৬ হেক্টৰ ভূমিত কেৱল জৈৱিক পদ্ধতিৰে ধান খেতি কৰে পাভৈ গ্ৰীনত। যাৰ বছৰি উৎপাদন প্ৰায় ২.২৫ টন। মীনপালনৰ পৰাও উৎপাদন যথেষ্ট লাভজনক নীলম দত্তৰ পামৰ। মীনপালনৰ বাবে আছে ৩০ টা পুখুৰী। প্ৰচুৰ পৰিমাণে গাখীৰো উৎপাদন হয় পামখনত। শেহতীয়াকৈ মৌ পালনৰ কামো আৰম্ভ কৰিছে পামতে। নীলম দত্তৰ পামৰ এটি উল্লেখযোগ্য দিশ হ’ল ৰাসায়নিক দিশ হ’ল ৰাসায়নিক সাৰ ব্যৱহাৰৰ পৰা বিৰত থকাটো। ৰাসায়নিক সাৰৰ পৰিৱৰ্তে গো মূত্ৰ, গোৱৰৰ পৰা তৈয়াৰ কৰে জৈৱিক সাৰ। পামতে প্ৰস্তুত কৰা জৈৱিক সাৰেই ব্যৱহাৰ কৰে কৃষি কাৰ্যত। পাভৈ গ্ৰীনত উৎপাদন হোৱা সামগ্ৰী যোগান ধৰা হয় সমগ্ৰ উত্তৰ-পূবতে।

নীলম দত্তৰ এই মহান কৰ্মই হ্ৰাস কৰিছে নিবনুৱা সমস্যাও। বৰ্তমান তেওঁৰ পামত নিয়োজিত হৈ আছে প্ৰায় ৩৪ জন কৰ্মচাৰী। ইয়াৰে কিছুসংখ্যক কৰ্মচাৰী নিয়োজিত হৈ আছে ৩০ বছৰৰো অধিক কাল। পামৰ কৰ্মচাৰীসকলৰ সন্তানৰ পঢ়া-শুনাৰ খৰচ বহন কৰি আহিছে নীলম দত্তই। প্ৰয়োজন সাপেক্ষে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত প্ৰশিক্ষণো দি আহিছে নীলম দত্তই। আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল যে কৃষিৰ ক্ষেত্ৰত আগ্ৰহী প্ৰতিজন লোকৰ বাবে নীলম দত্তৰ দুৱাৰ সদায় খোলা। তেওঁৰ পামত থাকি নিজ ইচ্ছামতেই প্ৰশিক্ষণ লোৱাৰ ব্যৱস্থা আছে। তাৰ বিনিময়ত দিব নালাগে কোনো মাননি। সম্পূৰ্ণ বিনামূলীয়া প্ৰশিক্ষণ। জৈৱিক উৎপাদন আৰু মীনপালন সন্দৰ্ভত সমগ্ৰ উত্তৰ-পূৰ্বৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত প্ৰশিক্ষণ প্ৰদান কৰিছে নীলম দত্তই। ভাৰত চৰকাৰ আৰু থাইলেণ্ড চৰকাৰৰ মাজত হোৱা এক কৃষি বিষয়ক আলোচনাত অংশগ্ৰহণৰ বাবেও নিৰ্বাচিত হ’ল দত্ত।

বহুকেইটা ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হৈছে নীলম দত্ত। নীলম দত্তৰ পাভৈ পাম স্বৰ্গৰ কোনো গুণেই কম নহয়। সেয়ে প্ৰথমেই এই লেখাত ব্যৱহাৰ কৰিছো ‘সেউজী স্বৰ্গ’। নীলম দত্তৰ দৰে যুৱকৰ আদৰ্শক শতবাৰ প্ৰণাম। সেইবাবেই পাভৈ গ্ৰীনলৈ দিনক দিনে বৃদ্ধি পাইছে দৰ্শনাৰ্থীৰ সংখ্যা। কৃষিক এক অন্য মাত্ৰা প্ৰদান কৰিছে নীলম দত্তই। এইজন সাহসী অসমীয়া যুৱকে প্ৰমাণ দেখুৱাইছে কৃষিৰ জৰিয়তে বহনযোগ্য অৰ্থনৈতিক উন্নয়নৰ ধাৰণা। কেৱল অসমৰ বাবেই নহয়, সমগ্ৰ ভাৰতৰ বাবে আজি আদৰ্শ যুৱতাৰকা নীলম দত্ত।

লেখিকা: প্ৰস্তুতি গগৈ

উৎস: দেওবৰীয়া সম্ভাৰ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate