অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সেউজ বিপ্লৱৰ ৰুপকাৰ টিংখ্ং আঘোণীবাৰীৰ গোলাপী চাংমাই

সেউজ বিপ্লৱৰ ৰুপকাৰ টিংখ্ং আঘোণীবাৰীৰ গোলাপী চাংমাই

 

কোনো ধৰণৰ চৰকাৰী সাহায্য অবিহনে সম্পুৰ্ণ একক প্ৰচেষ্টাৰে বুঢ়ী দিহিঙৰ পাৰত সেউজ বিপ্লৱৰ সুচনা কৰিছে এগৰাকী মহিলাই। খেতিৰ ফচলৰপৰা প্ৰতি বছৰে প্ৰায় তিনি লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হোৱা এই মহিলাগৰাকী হৈছে টিংখ্ং আঘোণীবাৰীৰ গোলাপী চাংমাই। এক কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে আহি নিজকে আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিছে বুঢ়ীদিহিঙৰ পাৰৰ এইগৰাকী মহিলাই। নিষ্ঠুৰ নিয়তিয়ে এদিন হঠাৎ মচি পেলাইছিল গোলাপী চাংমাইৰ কপালৰ সেন্দুৰ । তাৰ পিছতেই আৰম্ভ হৈছিল জীৱনৰ জটিল ক্ষণ। তিনিটি এমা-ডিমা কন্যা সন্তানক লৈ স্বামীগৃহ এৰি পিতৃগৃহলৈ ঘুৰি আহিবলৈ বাধ্য হৈছিল এইগৰাকী দুৰ্ভগীয়া মহিলা। সন্তানৰ লালন-পালনৰ উপায় নেদেখি এদিন গোলাপী চাংমায়ে কৃষিকাৰ্যকে জীৱন-জীৱিকাৰ একমাত্ৰ পথ হিচাপে গ্ৰহণ কৰিছিল। বয়সেও হাৰ মনাব নোৱাৰা এইগৰাকী মহিলাৰ বৃহৎ কৃষিভুমিত এতিয়া প্ৰাণ পাই উঠিছে ৰঙালাও, আলু, মটৰকে ধৰি বিভিন্ন শস্যই। কঠোৰ পৰিশ্ৰমৰ মাজেৰে কৃষিকাৰ্যৰ যোগেদি নতুন প্ৰজন্মৰ আদৰ্শ হৈ পৰিছে গোলাপী। ৫২ বছৰীয়া মহিলাগৰাকীৰ হাতৰ পৰশত ভৰুণ হৈ পৰিছে বুঢ়ীদিহিঙৰ বালিচঁহীয়া পাৰ। সেউজীয়া হৈ পৰিছে বুঢ়ীদিহিঙৰ বিস্তীৰ্ণ এলেকা। চালে চকুৰোৱা হৈ পৰিছে ভিন্নবিধৰ খেতি। যি সময়ত জলসিঞ্চন আৰু অন্যান্য সা-সুবিধাৰ অভাৱত যুৱ প্ৰজন্মই কৃষিকাৰ্যৰ প্ৰতি আওকণীয়া মনোভাব পোষণ কৰি আহিছে, যি সময়ত কৰ্ম সংস্থাপনৰ অভাৱত বহু নিবনুৱা যুৱক-যুৱতী বিপথে পৰিচালিত হৈছে বা বহি:ৰাজ্যলৈ ঢাপলি মেলিছে, তেনে সময়তে চৰকাৰ বা কৃষি বিভাগৰ কোনো সাহায্য অবিহনে গোলাপী চাংমায়ে প্ৰায় ৬০ বিঘা কৃষিভুমিত সম্পুৰ্ণ নিজস্ব প্ৰচেষ্টাৰে বিগত প্ৰায় ২০ বছৰে বিভিন্ন ধৰণৰ খেতি কৰি আহিছে। উজনি অসমৰ বিভিন্ন ঠাইৰ পাইকাৰী ব্যৱসায়ীয়ে প্ৰতি বছৰে ক্ৰয় কৰেহি গোলাপী চাংমাইৰ খেতিৰ ফচল। তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ইতিমধ্যে অঞ্চলটোৰ বহু যুৱকে কৃষিৰ প্ৰতি মন মেলিছে। বৃদ্ধি পাইছে বুঢ়ীদিহিঙৰ পাৰৰ সেউজ বিপ্লৱৰ পৰিসৰ। সমাজৰ বাবে অনুকৰণীয় এইগৰাকী মহিলাই কৃষিক্ষেত্ৰত কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে স্থানীয় বহুতো পুৰুষ-মহিলাক। তথাপি আজিও নিজৰ খেতিডৰাত কোৰ মৰা, দৰব দিয়া আদি কঠোৰ পৰিশ্ৰমত ব্ৰতী হৈ নতুন প্ৰজন্মৰ বাবে এক আশাৰ প্ৰতীক হৈ পৰিছে গোলাপী চাংমাই।

লেখক: আদিত্য শইকীয়া (দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 1/23/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate