সাহস আৰু ধৈৰ্য হ’ল মানুহৰ জীৱনৰ উন্নয়নৰ মূল আধাৰ। এই দুটা গুণৰ অধিকাৰী হ’লে যিকোনো মানুহেই জীৱনত উন্নতি কৰিব পাৰে। এনে গুণৰে অধিকাৰী এজন যুৱ কৃষক হ’ল মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত গৰাপাৰ গাঁৱৰ হৰিবিলাস পাতৰ আৰু প্ৰয়াত ফুলেশ্বৰী পাতৰৰ পুত্ৰ হৰিকান্ত পাতৰ। একমাত্ৰ কৃষি কৰ্মৰ জৰিয়তে স্ব-নিৰ্ভৰশীল হোৱা যুৱ কৃষকজনে খেতিপথাৰত পানী যোগানৰ সূচল ব্যৱস্থা অবিহনেই একমাত্ৰ প্ৰকৃতিৰ ওপৰত ভৰসা কৰিয়ে কৃষি কাৰ্যত নিয়োজিত হৈ আহিছে। এই দুই বিঘা মাটিৰ শাক-পাচলিৰ বাৰীখনত আছে এক বিঘা মাটিত পটলৰ চাং। বাকী এক বিঘা মাটিত আছে আগতীয়া মূলা আৰু লেছেৰীৰ খেতি। যুৱ কৃষকজনে জনোৱা মতে, বৰ্তমান সময়ত পটল খেতি চাং পদ্ধতিৰে কৰিলে অধিক উৎপাদন পোৱা যায়। এনেদৰে খেতি কৰিলে কৃষকসকল অধিক লাভান্বিত হ’ব পাৰে। উল্লেখ্য যে পাতৰে যোৱা বছৰতো পটলৰ খেতি কৰিছিল। এবছৰ পটলৰ লতা ৰোপণ কৰিলে তিনি-চাৰি বছৰলৈ ফল ছিঙিব পাৰি। তেওঁ জনোৱা মতে, ফাগুণ মাহৰ পৰা কাতি মাহলৈকে পটল ছিঙিব পৰা যায়। যোৱাটো বছৰত কৃষকজনে পটলৰ খেতিডৰাত যিটো উৎপাদন পাইছিল, এইবাৰ কিন্তু তাৰ দুগুণ পোৱা বুলি কয়। এই বছৰত খেতিয়কজনে পটল বিক্ৰী কৰি প্ৰায় ৫০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ইফালে এই পটলৰ চাঙৰ তলতে এতিয়া কৃষকজনে ৰোপণ কৰিছে প্ৰায় এক বিঘা মাটিত ৰোপণ কৰা লেছেৰি পুলিবোৰ বগাবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে তেওঁ মূলা খেতি উঠাই প্ৰতি তিনি মুঠিত ২০ টকা দৰত বিক্ৰী কৰি আছে। আনহাতে, মূলা উঠাই সেই মাটিডৰাতে উন্নত জাতৰ বিলাহীৰ পুলি ৰোপণৰ প্ৰস্তুতি চলাইছে যুৱ কৃষকজনে। অৱশ্যে কৃষকজনে দুখেৰে জনোৱা মতে, ভাদ মাহতে মূলা আৰু লেছেৰিৰ খেতি কৰা মাটিখিনিত বিলাহী পুলি ৰোপণ কৰিছিল যদিও কাতি বিহুৰ সময়ত হোৱা এজাক ধাৰাসাৰ বৰষুণে কৃষকজনৰ সকলো সপোন চূৰমাৰ কৰিলে। ইয়াৰ পিছতো হতাশ নহৈ পুনৰ কৃষকজনে বিলাহী খেতি কৰিবলৈ লৈছে। উল্লেখ্য যে খেতিয়কজনে শাক-পাচলিৰ খেতিৰ উপৰি ৮ বিঘা মাটিত জহা, বৰা, আইজুং, বাও আদি থলুৱা জাতৰ ধানৰ খেতি কৰাৰ লগতে এক বিঘা মাটিত একেলগে তিল আৰু মাটি মাহৰ খেতি কৰিছে। পৰিতাপৰ বিষয় যে এই যুৱ কৃষকজনৰ কিন্তু নাই খেতিপথাৰত জলসিঞ্চনৰ বাবে এটা শ্বেলো পাম্প নতুবা বৈদ্যুতিক মটৰ। তথাপি, তেওঁ কৃষি কাৰ্যত নিয়োজিত হৈ পোহপাল দি আহিছে ৭ জনীয়া সদস্যৰ এটি পৰিয়াল।
লিখক: বিষ্ণু ডেকা, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 3/12/2020