অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাৱলম্বিতাৰ আদৰ্শ দেখুৱাইছে থমনাৰ যুৱকে

স্বাৱলম্বিতাৰ আদৰ্শ দেখুৱাইছে থমনাৰ যুৱকে

বাক্সাত কৃষি বিপ্লৱ


মন কৰিলে ছন বুলি অসমীয়াত কথা এষাৰ কথা আছে। এই কথাষাৰকে সাৰোগত কৰি বাক্সা জিলাৰ থমনাৰ এদল যুৱকৰ নেতৃত্বত আৰম্ভ হৈছে কৃষি বিপ্লৱ। মূলধন নহ’লেও তেওঁলোকৰ আছে একোটা উৎসাহী মন। অইন দহজন যুৱকে কৰ্ম সংস্থাপন বিচাৰি হামিয়াই বহি থকাৰ সময়তে থমনাৰ নগেন বসুমতাৰী, গণেশ ৰাভা, বিমল ৰাজবংশী আৰু পূৰ্ণ ৰাজবংশীয়ে থমনা অসম গ্ৰামীন বিকাশ বেংকৰ পৰা কে চি চি ঋণ লৈ নামি উন্নত জাতৰ ওলকবি, ফুলকবি, বিন, বেঙেনা, তিল, মটৰ, আলু, সৰিয়হ আদিৰে খেতি কৰিছে। প্ৰতিজনে ৭-৮ বিঘাকৈ মাটিত খেতি কৰি সম্প্ৰতি কবি আৰু বেঙেনা বিক্ৰীৰ আশানুৰূপ ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। অসম গ্ৰামীণ বিকাশ বেংকৰ থমনা শাখাৰ প্ৰবন্ধক লীলাধন দাসে প্ৰকাশ কৰা মতে, এই বেংকৰ পৰা তেওঁ অঞ্চলটোৰ ডেৰশ কৃষকক কৃষি ঋণ দি সমগ্ৰ অঞ্চলটোৰ কৃষিৰ ক্ষেত্ৰখনক আগুৱাই দিয়াৰ প্ৰয়াস চলাইছে। বেংক পৰিচালকগৰাকীয়ে কয় যে বহু যুৱকে মূলধনৰ অভাৱ দেখুৱাই এনেয়ে বহি থাকি অবাবত সময় নষ্ট কৰে। তেনে আগ্ৰহী যুৱক যদি কিবা এটা কৰাৰ মন লৈ আগুৱাই আহে, তেন্তে তেওঁক বেংকৰ পৰা ঋণ দিয়া হ’ব বুলি তেওঁ সদৰি কৰে।

ইফালে, উদ্যমী যুৱক পূৰ্ণ ৰাজবংশী, নগেন বসুমতাৰী, গণেশ ৰাভা, বিমল ৰাজবংশীয়ে প্ৰকাশ কৰা মতে, তেওঁলোকে বেংকৰ পৰা লোৱা কৃষি ঋণবোৰ সঠিকভাৱে পৰিশোধ কৰি নতুনকৈ ঋণ লৈ অহা বছৰ কৃষিৰ ক্ষেত্ৰখন বৃদ্ধি কৰিব। অহা বছৰ তেওঁলোকে উমৈহতীয়াভাৱে মৎস্য উৎপাদনতো গুৰুত্ব দিব। তেওঁলোকে প্ৰকাশ কৰা মতে, থমনা অঞ্চলত মাছৰ উৎপাদনত চাহিদা বেছি। এনে পৰিস্থিতিত চালানী মাছেই গ্ৰাহকৰ চাহিদা পূৰাই আহিছে। সেয়ে তেওঁলোকৰ মৎস্য ব্যৱসায় ভাল হ’ব বুলি ধাৰণা কৰিছে।

থমনাৰ এই যুৱকসকলে স্বাৱলম্বিতাৰ যি আদৰ্শ দেখুৱাইছে সি সঁচাকৈ প্ৰশংসনীয়। এই যুৱককেইজনৰ আদৰ্শ গ্ৰহণ কৰিলে বাক্সাত আৰম্ভ হ’ব আন এক কৃষি বিপ্লৱ।

লিখক: কাৰ্তিক দাস।

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate