অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে লাহৰীঘাটৰ হেমেন বৰদলৈয়ে

স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে লাহৰীঘাটৰ হেমেন বৰদলৈয়ে

 

এগৰাকী কৰ্মোদ্যমী লোক। নাম হেমেন বৰদলৈ। বিভিন্ন কৃষিকৰ্মৰ লগতে মৎস্য পালন আৰু উদ্যান শস্যৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা এই লোকজনৰ মৰিগাওঁ জিলাৰ লাহৰীঘট ৰাজহ চক্ৰৰ অন্তৰ্গত বাটৰবড়ি গাঁৱত। সমগ্ৰ মৰিগাওঁ জিলাবাসীৰ বাবেই আদৰ্শ হৈ পৰা এইগৰাকী লোকে এইবেলি ৩২০ জোপা গছৰ লিচু বিক্ৰী কৰি ৩ লক্ষাধিক টকা উপাৰ্জন কৰিছে। উদ্যমী কৃষকজনে জনোৱা মতে, তেওঁৰ ৫০০ জোপাতকৈ অধিক লিচু গছ আছে যদিও এইবেলি ৩২০ জোপা গছত লিচু লাগিছে। বিহাৰৰ ছিডলেছকে ধৰি কেইবাটাও উন্নত প্ৰজাতিৰ লিচু ৰোপণ কৰিছে এইজন কৃষকে। লিচুৰ সমান্তৰালকৈ কৃষকজনে ৰোপণ কৰিছে উন্নতজাতৰ কেইবাবিধো আম। এইবেলি ৬০ জোপা গছৰ আম বিক্ৰী কৰি তেওঁ ৩০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। কৃষকজনে লিচু, আম গছৰ মাজে মাজে মধুৰীআম, টেমুটেঙাৰ লগতে নতুনকৈ আন এবিঘা মাটিত উন্নত পদ্ধতিৰে মালভোগ কলৰ খেতি কৰি অধিক লাভাম্বিত হৈছে। উদ্যান শস্যৰ এটা অংশ তেওঁ পুখুৰীৰ পাৰে পাৰেও ৰোপণ কৰিছে। কৃষজনৰ প্ৰায় ২০ বিঘা মাটিত পুখুৰী কেইবাটাও আছে। এই পুখুৰীৰ ওখ পাৰবোৰতে তেওঁ শাৰী শাৰীকৈ ৰোপণ কৰিছে লিচু গছ। একেদৰে আন আঠ বিঘা মাটিত লিচু, আম, তামোল, মধুৰীআম, নেমু আদি ৰোপণ কৰিছে।

উদ্যমী কৃষকজনে কিন্তু এনেবোৰ কৃষিকাৰ্যৰ বাবে কৃষি বিভাগৰ অভিলাষী আঁচনিসমূহৰ সুবিধা লাভ কৰা নাই। আনকি কৃষিৰ বাবে প্ৰয়োজনীয় দিহা-পৰামৰ্শ, প্ৰশিক্ষণ আদিও লাভ কৰা নাই। উল্লেখ্য যে আদৰ্শ কৃষক হেমেন বৰদলৈয়ে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত উত্তীৰ্ণ হৈ স্নাতক শাখাত নামভৰ্তি কৰিছিল যদিও কৃষিকে জীৱিকাৰ উৎস হিচাপে লৈ কৃষকৰ্মত মনোনিৱেশ কৰিছিল। ক্ষেত্ৰীৰ ডেফ’ডিল নাৰ্চাৰীৰ স্বত্তাধিকাৰীৰ সহযোগত তেওঁ উদ্যান শস্যত অধিক আগ্ৰহেৰে নামি পৰিছিল। সেই অনুসৰি এতিয়া তেওঁ কেৱল লাহৰীঘাট অঞ্চলবাসীৰ বাবে নহয়, সমগ্ৰ মৰিগাঁও জিলাবাসীৰ বাবেই আদৰ্শ হৈ পৰিছে। তেওঁৰ কৃষি কৰ্ম দেখি বাটবড়ি গাঁৱৰ বহুকেইজন শিক্ষিত যুৱকেও উদ্যান শস্য আৰু সমান্তৰালকৈ মৎস্য পালনত নামি পৰিছে। উল্লেখ্য যে হেমেন বৰদলৈয়ে এই সন্দৰ্ভত ক’তো প্ৰশিক্ষণ লাভ কৰা নাছিল যদিও কোনোদিনে থমকি ৰ’ব লগা হোৱা নাই। নিজা প্ৰচেষ্টাৰে উৎপাদন কৰা লিচু, আম, মালভোগ কল আদি জিলাখনৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ীসকলৰ হাতত তুলি দিবলৈ পাই কৃষকজন সন্তুষ্ট হৈ পৰিছে। তেওঁ কৃষিকৰ্মৰ প্ৰতি উদীয়মানসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।

উৎস: দৈনিক অসম(বিষ্ণু ডেকা)

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate