অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাৱলম্বী হৈছে মৰিগাঁৱৰ নৈ পৰীয়া কৃষক

স্বাৱলম্বী হৈছে মৰিগাঁৱৰ নৈ পৰীয়া কৃষক

ব্ৰহ্মপুত্ৰৰ বলুকাত বাদামৰ খেতি

মৰিগাঁৱৰ এদল কৰ্মথ কৃষকে ব্ৰহ্মপুত্ৰৰ বলুকাত বাদাম খেতি কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে। সময়ৰ গতি আৰু পৰিৱেশ-পৰিস্থিতিৰ লগত সংগতি ৰাখি এক অভিনৱ কৃষি কাৰ্য্যৰে উপকৃত হ’বলৈ সমৰ্থ হোৱা এইসকল কৃষক হৈছে মৰিগাঁও জিলাৰ নৈপৰীয়া তথা ব্ৰহ্মপুত্ৰৰ খহনীয়াত বিধ্বস্ত ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বৰালিমাৰী অঞ্চলটোৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমিত লহপহীয়া হৈ উঠিছে বাদামৰ খেতি। অঞ্চলটোৰ তেনে কেইবাগৰাকীমান বাদামৰ খেতিয়ক মহেশ্বৰ ডেকা, মুন্সী আলী, চান মিঞা, সোণেশ্বৰ ডেকা, হিবজুৰ ৰহমান, আনেশ আলী আদিয়ে এই প্ৰতিবেদকক কোৱা মতে, এসময়ত অঞ্চলটোৰ এই কৃষিভূমিসমূহত কেৱল আহু-মৰাপাট, শালি, বৰো আদি শস্য হৈছিল যদিও ব্ৰহ্মপুত্ৰৰ গতিপথ সলনি হৈ ৰাজহ চক্ৰটোত আৰম্ভ হয় ভয়ংকৰ খহনীয়া। ফলত কৃষিভূমিসমূহ ব্ৰহ্মপুত্ৰৰ বালিৰে ভৰি পৰে আৰু পূৰ্বাপৰ কৰি অহা সেইবোৰ শস্যৰ বাবে কৃষি পথাৰবোৰ অনুপযোগী হৈ উঠে। এনে অৱস্থাত প্ৰথমে এইসকল কৃষকৰ মূৰে-কপালে হাত দিব লগা অৱস্থা হৈছিল যদিও কোনোদিনে কৰি নোপোৱা বাদাম খেতিৰ বাবে কৃষিভূমিসমূহ উপযোগী বুলি জানিব পাৰি একাগ্ৰতা আৰু ধৈৰ্য্যৰে কৃষকসকল নামে বাদামৰ খেতিত। সম্প্ৰতি অঞ্চলটোৰ কৃষকসকলৰ মাজত অধিক লাভজনক খেতি হিচাপে পৰিগণিত হৈছে এই বাদামৰ খেতি। তেওঁলোকে জনোৱা মতে, প্ৰতি বিঘা মাটিত বাদাম খেতিৰ বাবদ খৰচ হয় ২,৫০০-৩,০০০ টকা। ইফালে, ইয়াত উৎপাদন হিচাপে বিঘাই প্ৰতি কেঁচা অৱস্থাত ৭-৮ মোন বাদাম কৃষকসকলে পায়। বৰ্তমান বজাৰৰ মূল্য প্ৰতি মোন বাদাম (শুকান) ২,২০০ ৰ পৰা ৩,০০০ টকা আৰু (কেঁচা) ১,৫০০ টকা। বৰ্তমান সময়ত সামান্য খৰচ কৰি এই খেতিৰ জৰিয়তে অধিক লাভান্বিত হোৱা বুলি কয় নৈপৰীয়া কৃষকসকলে। আনহাতে, বিগত বছৰবোৰত কৃষকসকলে যিবোৰ স্থানীয় প্ৰজাতিৰ বাদাম খেতি কৰিছিল, এই বছৰ কিন্তু তেওঁলোকে সেই প্ৰজাতিৰ বাদামৰ খেতি কৰিবলৈ এৰি দিয়ে। বৰ্তমান কৃষকসকলে কম সময়ত অধিক উৎপাদন আৰু অধিক দাম লাভ কৰিব পৰাকৈ বৰ্ণসংকৰ জাতৰ বাদাম খেতি কৰিবলৈ ধৰিছে। সম্প্ৰতি বৰালিমাৰী অঞ্চলৰ কৃষকসকল বাদাম খেতি চপোৱা কৰ্মত নিয়োজিত হৈ পৰিছে। মাত্ৰ ৩ মাহতে চপাব পৰা এই বাদাম খেতিৰ পিছতে একেডৰা কৃষিভূমিতে নৈপৰীয়া কৃষকসকলে পুনৰ মাকৈ খেতি কৰিব। উল্লেখ্য যে প্ৰতি বছৰে ৰাজহ চক্ৰটোৰ চৰ-চাপৰিকে ধৰি বৃহত্তৰ বৰালিমাৰী অঞ্চলটোত শ শ কুইন্টল বাদাম উৎপাদন হৈ আহিছে। ইয়াৰ বাবে বৰালিমাৰী দ্বি-সাপ্তাহিক বজাৰত গঢ়ি উঠিছে এখন বৃহৎ বাদামৰ বজাৰ। এই বজাৰখনৰ পৰাই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হৈ আহিছে বৃহৎ পৰিমাণৰ বাদাম। আশ্চৰ্যকৰ বিষয় যে অঞ্চলটিৰ দুৰ্গম যাতায়ত ব্যৱস্থাৰ বাবেই অধিক লাভৰ পৰা বঞ্চিত হ’ব লগা হৈছে কৃষকসকল।

লিখক: বিষ্ণু ডেকা, ভূৰগাঁও, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate