শাৰী শাৰী সৰিয়হৰ ফুল। যেন কোনোবাই প্ৰকৃতিৰ বুকুত সৰিয়হফুলীয়া এখন দলিচাহে পাৰি থৈছে। যেনিয়ে চকু যায় তেনিয়েই দৃষ্টিনন্দন প্ৰকৃতিৰ অপৰূপ শোভা। এই শাৰী শাৰী সৰিয়হ আৰু খেতিৰ মাজত জীৱন আৰু জীয়াই থকাৰ অৰ্থ বিচাৰি স্বাৱলম্বনৰ বাৰ্তা কঢ়িয়াই অঞ্চলটোত বহু নিবনুৱা যুৱকৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে এজন যুৱক। যুৱকজন হৈছে লখিমপুৰ নগৰৰ সমীপৰ চমুৱা গাঁৱৰ প্ৰয়াত মাণিক গগৈ আৰু পূৰ্ণিমা গগৈৰ দ্বিতীয় গসন্তান প্ৰশান্ত গগৈ। উদ্যমী যুৱকজনে পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ বাবে তেওঁৰ পিতৃ-মাতৃ আৰু ভাতৃৰ দায়িত্ব লৈ ঘৰখনক আৰ্থিক দিশত সকাহ দিয়াৰ বাবেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পাঠ্যক্ৰম সম্পূৰ্ণ নকৰাকৈ পঢ়া এৰিব লগা হয়। ১৯৯১ চনৰ পৰাই কৃষি-কৰ্মৰে স্বাৱলম্বনৰ বাট দেখুওৱা গগৈয়ে সোৱণশিৰীৰ পাৰৰ বিভিন্ন চাপৰিৰ বাবে ধোৱা পথাৰত আলু, বেঙেনা, বিলাহী, ওলকবি আদি খেতি কৰাৰ লগতে দাতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ মাটি লীজত লৈ সৰিয়হৰ খেতি কৰি উপাৰ্জনৰ বাট মুকলি কৰিছিল। লখিমপুৰ জিলাৰ লখিমপুৰ পঞ্চায়তৰ অন্তৰ্গত গোসাঁই চাপৰি-বিলৰগুৰি, ঢলঘাট আদি ঠাইসমূহত বছৰি হৈ অহা সোৱণশিৰীৰ বানত শালি খেতি নষ্ট হোৱাত ধানখেতিয়ে বছৰটো চলিবলৈ নোজোৰাত ৰবি শস্যৰ খেতিৰে ঘৰখন চলাবলগীয়া হয় বুলি তেওঁ এই প্ৰতিবেদকক জানিবলৈ দিয়ে। বৰ্তমান তেওঁ ৬০ বিঘা মাটিত জৈৱিক পদ্ধতিৰে খেতি কৰিছে। গোসাঁই চাপৰি বিলৰগুৰিত ২৬ বিঘা মাটিত আৰু ঢলঘাট মথাউৰিৰ সমীপৰ ঢলনদীৰ বানে ধোৱা চাপৰিত ২৬ বিঘাসহ মুঠ ৫২ বিঘাত তেওঁ সৰিয়হৰ খেতি কৰিছে। সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাত চৰকাৰৰ কোনো আৰ্থিক সাহায্য নোপোৱাকৈ ভাৰাত লোৱা ট্ৰেক্টৰেৰে মাটি চহাই তেওঁ খেতি কৰিছে বুলি জানিবলৈ দিয়াৰ লগতে নিজাববীয়াকৈ এখন ট্ৰেক্টৰ থকা হ’লে অধিক মাটিত, কমখৰচতে বহুলভাৱে ব্যৱসায়িক ভিত্তিত খেতি কৰিবপৰা গ’লহেঁতেন বুলি তেওঁ আক্ষেপ কৰে। সৰিয়হৰ খেতি কৰাৰ পূৰ্বে তেওঁ আহিনীয়া বাও, কাতি শালি, পকোৱা বাও আদিৰ খেতি কৰিছিল যদিও বানৰ বাবে আশানুৰূপে ধান নাপালে আনহাতে, খৰালি অঞ্চলটোত জলসিঞ্চনৰ কোনো ব্যৱস্থা নথকাত খেতিৰ বাবে সম্পূৰ্ণ বতৰৰ ওপৰতে নিৰ্ভৰশীল হ’বলগা হয় বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ অঞ্চলটোৰ বিৰদিয়া পথাৰত প্ৰায় ৮ বিঘা মাটিত এইবাৰ জাতিলাও, বেঙেনা, ফ্ৰেন্সবীন, ৰঙালাও, কবি, মটৰ, আলু, নহৰু, পিয়াঁজ, ধনীয়া, লাই আদিৰ শাক-পাচলিৰ খেতি কৰিছে। সাৰ হিচাপে খেতিত তেওঁ একমাত্ৰ গোবৰ সাৰ ব্যৱহাৰ কৰিছে বুলি জানিবলৈ দিয়ে। উদ্যমী যুৱকজনে খেতিৰ উপৰি মাজৰ পুখুৰী ডাকতলৈও স্বাৱলম্বনৰ পথ দেখুৱাইছে। পূৰ্বতে ২০০৬-২০০৯ লৈ লখিমপুৰ সমবায় সমিতিৰ সভাপতি হিচাপে দায়িত্ব পালন কৰা বৰ্তমান ৪৫ বছৰীয়া যুৱকজনে জানিবলৈ দিয়ামতে, বতৰ অনুকূল হ’লে ৫২ বিঘা মাটিৰ সৰিয়হ বিক্ৰী কৰি তেওঁ ১.৫-২ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ’ব। শাক-পাচলিৰ খেতিৰে ঘনখনৰ বাবে প্ৰয়োজনীয় শাক-পাচলি যোগাৰ হোৱাৰ উপৰি বিক্ৰী কৰিব পাৰিব। বৰ্তমান পত্নী, মাতৃ আৰু এটি পুত্ৰ সন্তান আৰু এজনী জীয়ৰীৰে সুখৰ সংসাৰ কটোৱা যুৱকজন বহুতৰে বাবে প্ৰেৰণাৰ উৎসহ হৈ উঠিছে আৰু তেওঁকে দেখি অঞ্চলটোৰ যুৱকসকলে চৰকাৰী চাকৰিলৈ বাট চাই নাথাকি কৃষি কৰ্মৰে স্বাৱলম্বী হ’বলৈ আগবাঢ়ি আহিছে। ভৱিষ্যতে গগৈয়ে এটা সৰিয়হ পেৰি ক্ষুদ্ৰ মিল খুলি নিজাববীয়াকৈ এটি সৰিয়হৰ ব্ৰেণ্ড মুকলি কৰি বটল আকাৰে সৰিয়হৰ তেল ব্যৱসায়িক ভিত্তিত বিক্ৰী কৰাৰ আশা মনত পুহি ৰাখিলে।
লেখক: প্ৰিয়মজ্যোতি ফুকন(দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 2/28/2024