অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৰিয়হৰ খেতিৰে আৰ্থিক স্বচ্ছলতা বৃদ্ধি কৃষকৰ

সৰিয়হৰ খেতিৰে আৰ্থিক স্বচ্ছলতা বৃদ্ধি কৃষকৰ

তন্ত্ৰ-মন্ত্ৰ তথা যাদুৰ দেশ মায়ঙৰ খেতি পথাৰ এতিয়া ৰঙীণ হৈ উঠিছে সৰিয়হৰ হালধীয়া ফুলেৰে। সৰিয়হ ফুলৰ ফুৰ ফুৰীয়া গোন্ধত যেন মতলীয়া হৈ উঠিছে পবিতৰা অভয়াৰণ্য। এসময়ত বৰো ধানৰ খেতিৰে মৰিগাঁও জিলাত সেউজ বিপ্লৱৰ সূচনা কৰা বৃহত্তৰ মায়ং আঞ্চলৰ কৃষক সকলে এতিয়া সৰিয়হৰ খেতিৰে অঞ্চলটোত কৃষি ভিত্তিক উদ্যোগ গঢ়ি তোলাৰ পূৰ্ণ সম্ভাৱনা গঢ়ি তুলিছে। প্ৰতি বছৰৰ দৰী এই বছৰো মায়ঙৰ হাজাৰ হাজাৰ হেক্টৰ ভূমিত নদন-বদন হৈ উঠিছে সৰিয়হৰ খেতি। অঞ্চলটোৰ সৰিয়হৰ খেতিয়ক ইদ্ৰিছ আলী আৰু হুছেইন আলীয়ে জনোৱা মতে, মায়ঙৰ ২ নং খলাভূঞাৰ পৰা উত্তৰে হাতীভাঙী, পূবত আলীজড় আৰু পশ্চিমত শিলডুবি লৈকে আৰু একেদৰে উত্তৰে ২ নং খলাভূঞাৰ পৰা দক্ষিণে দিপ্ৰাং, পশ্চিমে নেকেৰা হাবি আৰু পূবত বুঢ়াবুঢ়ী লৈ এই বৃহৎ অঞ্চল সমূহত বছৰ বছৰ ধৰি ইয়াৰ কৃষক সকলে সৰিয়হৰ খেতি কৰি আহিছে। এই সৰিয়হৰ খেতিৰে আৰ্থিক ভাৱে স্বচ্ছল হ’বলৈ সক্ষম হৈছে বৃহত্তৰ মায়ং অঞ্চলৰ কৃষক সকল। ২ নং খলাভূঞা গাঁৱৰ কৃষক ইদ্ৰিছ আলীয়ে অৱগত কৰা মতে, অঞ্চলটোৰ কৃষক ৰেৰ্জ্জাক আলীয়ে ৮০ বিঘা, ওছমান আলীয়ে ৪০ বিঘা, হুছেইন আলীয়ে ২০ বিঘা, জাকিৰ হুছেইনে ১৫ বিঘাকে ধৰি অঞ্চলটোৰ প্ৰতি খন গাঁৱৰ প্ৰতি জন কৃষকে ১০-৮০ বিঘা পৰ্যন্ত সাৰিয়হৰ খেতি কৰিছে। অঞ্চলটোৰ এনে একাংশ কৃষকে জনোৱা মতে, সৰিয়হৰ খেতি অতি লাভ জনক। প্ৰতি বিঘা মাটিত সৰিয়হৰ খেতি কৰিবলৈ হ’লে খৰচ হয় মাত্ৰ ২০০০-২৫০০ টকা। ইফালে ইয়াৰ পৰা উৎপাদন হয় ৫-৬ মোন সাৰিয়হ তেওঁলোকে ১০০০-১৫০০ টকাত বিক্ৰী কৰি পায় ৭৫০০-৯০০০ টকা। সৰিয়হৰ খেতি উঠোৱাৰ পিছত পুনৰ সেই একেডৰা মাটিতে মাঘ মাহত অঞ্চলটোৰ কৃষক সকলে বৰোধানৰ খেতি কৰে। প্ৰতি বছৰে এনেদৰে একেডৰা মাটিতে দুটাকৈ ফচল উৎপাদন কৰি অধিক লাহৱান হৈ আহিছে মৰিগাওঁ জিলাৰ এই সকল উদ্যমী কৃষক। অঞ্চলটোৰ এই সকল কৃষকে এই প্ৰতিবেদকৰ আগত আক্ষেপ প্ৰকাশ কৰা মতে, বৃহত্তৰ মায়ং অঞ্চলত বিগত বহু বছৰ ধৰি হাজাৰ হাজাৰ মেট্ৰিকটন সৰিয়হ উৎপাদন হৈ আহিছে। ইয়াৰ ফল স্বৰুপে অঞ্চলটোত চৰকাৰে নিজাববীয়াকৈয়ে হওক বা শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ জৰিয়তে কৃষি ভিত্তিক উদ্যোগ গঢ়ি তোলাৰ যথেষ্ট সম্ভাৱনা সৃষ্টি হৈছে। কিন্ত এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো গুৰুত্ব দিয়া নাই। আনকি ৰাজ্যৰ কৃষক সকলক চৰকাৰে কৃষি বিভাগৰ বিভিন্ন অভিলাষী আঁচনিৰে সকাহ দি অহা বুলি ঢাক-ঢোল বজালেও মায়ং অঞ্চলৰ এই সকল সৰিয়হৰ কৃষক কিন্ত চৰকাৰৰ আঁচনিৰ পৰা বহু যোজনা দূৰত থাকিব লগীয়া হৈছে। তেওঁলোকে অভিযোগ কৰা মতে, কৃষক সকলে নিজা খৰচেৰে বিঘাই বিঘাই সৰিয়হৰ খেতি কৰি আহিছে। এই ক্ষেত্ৰত কিন্ত জিলা কৃষি বিষয়া দূৰৰে কথা, কৃষি চক্ৰ বিষয়া আৰু গ্ৰাম সেৱক সকলেও এতিয়া লৈকে কোনো দিনে তেওঁলোকৰ পথাৰ পৰিভ্ৰমণ কৰা নাই। ফলত কৃষক সকলে সৰিয়হৰ খেতিত বিভিন্ন সময়ত দেখা দিয়া ৰোগ নিৰাময়ৰ ক্ষেত্ৰত বিমোৰত পৰি আহিছে।

লেখক: বিষ্ণু ডেকা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate