অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৰুপথাৰৰ গেলাবিলৰ ৰাজু শ্ৰেষ্ঠ উৎকৃষ্ট নিদৰ্শন :

সৰুপথাৰৰ গেলাবিলৰ ৰাজু শ্ৰেষ্ঠ উৎকৃষ্ট নিদৰ্শন :

 

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰৰ গেলাবিল দীঘলগাঞ্জা গাঁৱৰ যুৱক ৰাজু শ্ৰেষ্ঠই ৰবৰ, কল, তামোল, পাণ, জালুক, কুঁহিয়াৰ, শাক-পাচলি আদিৰ খেতি কৰি বছৰি লক্ষ লক্ষ টকা উপাৰ্জন কৰি এজন আদৰ্শবান কৃষক হিচাপে পৰিচিত হৈছে। যুৱকজনে বৰ্তমান প্ৰায় ৮০ বিঘা মাটিত ৰবৰ খেতি, ২৫ বিঘাত তামোল খেতি, ২০ বিঘাত কুঁহিয়াৰ খেতিৰ উপৰি কল, পাণ, জালুক আদিৰ খেতি কৰি স্বচ্ছল জীৱন অতিবাহিত কৰিবলৈ সক্ষম হৈছে। ৰাবাৰ ব’ৰ্ড অব ইণ্ডিয়াৰ সাহায্য পোৱাৰ বাহিৰে অসম চৰকাৰৰপৰা আজিলৈ কোনো আৰ্থিক অনুদান লাভ কৰা নাই কৃষকজনে। তথাপি নিজা পুঁজিৰে কৃষিকৰ্ম কৰি স্বাৱলম্বী হৈছে কৃষক ৰাজু শ্ৰেষ্ঠ। তেওঁৰ কৃষিকৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈ বহু যুৱক-যুৱতীয়ে কৃষিকৰ্মত মনোনিৱেশ কৰিছে। ধনশিৰি মহকুমাৰ সাংবাদিকৰ এটি দলে অলপতে কৃষকজনৰ কৃষিকৰ্ম পৰিদৰ্শন কৰে আৰু ৰাজু শ্ৰেষ্ঠৰ কৃষিকৰ্ম দেখি তেওঁলোক আপ্লুত হয়। চৰকাৰী কৰ্ম সংস্থাপনৰ বাবে হাবাথুৰি খাই ফুৰা যুৱকসকলৰ বাবে ৰাজু শ্ৰেষ্ঠ প্ৰেৰণাৰ উৎস হ’ব পাৰে বুলি সচেতন ৰাইজে প্ৰকাশ কৰিছে।

উৎস: দৈনিক অসম(মাণিক শৰ্মা)

শেহতীয়া উন্নীতকৰণ: : 1/7/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate