অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হাজো অঞ্চলত ফুলৰ খেতিয়ে আনিছে নতুন বিপ্লৱ

হাজো অঞ্চলত ফুলৰ খেতিয়ে আনিছে নতুন বিপ্লৱ

প্ৰতিদিনে পুৱা গুৱাহাটীৰ ফাঁচীবজাৰৰ পথত বহে ফুলৰ বজাৰখন। দিনটোৰ বাবে লাগতিয়াল সতেজ ফুলবোৰৰ কিন-বেচা হয় ইয়াতে। বিভিন্ন ঠাইৰ পৰা অহা ফুলৰ ব্যৱসায়ীসকল লগ হয় আৰু বিভিন্ন স্থানলৈ ফুলসমূহ যোগান ধৰা হয়।

পুৱতি নিশা তিনি বজাতে মানুহজনো সাজু হয় বজাৰখনলৈ বুলি। প্ৰায় পঁচিশ বছৰ ধৰি প্ৰতিদিনে পুৱতি নিশা হাজোৰ পৰা গুৱাহাটীলৈ আহি ফুলৰ দৰদামত ব্যস্ত হৈ পৰে তেওঁ। এদিন বজাৰখন যাব নোৱাৰিলেই যেন মনত দুখ। কিন্তু বছৰজুৰি একাগ্ৰতাৰে লাগি থকা, নিজৰ কামত কোনোপধ্যেই আপোচ নকৰা মানুহজনে যেন ফুলৰ মাজতেই জীৱনক উপলব্ধি কৰে।

প্ৰভাত চন্দ্ৰ দাস- হাজো অঞ্চলত ফুলৰ খেতিৰে এক নতুন দিগন্তৰ সূচনা কৰা প্ৰভাত চন্দ্ৰ দাসে ১৯৯৩ চনৰ পৰাই ফুলৰ খেতি কৰি স্বাৱলম্বনৰ এক নতুন বাট মুকলি কৰিছে। কামৰূপ জিলাৰ কুলহাটিৰ বাসিন্দা প্ৰভাত চন্দ্ৰ দাসে পৰম্পৰাগত ধান-মাহ অথবা পাচলিৰ খেতিৰ বিপৰীতে নাৰ্জি, ৰজনীগন্ধা আৰু বিভিন্ন প্ৰকাৰৰ অৰ্কিডৰ ব্যৱসায়েৰে ইতিমধ্যে নিজকে প্ৰতিষ্ঠা কৰিছে। প্ৰায় পঁচিশ বছৰ পূৰ্বে একঠা মাটিত ফুলৰ খেতি কৰি আছে। লগতে অসমৰ বিভিন্ন ঠাইকে ধৰি অসমৰ বাহিৰতো সঘনে ফুলৰ যোগান ধৰি আহিছে। ২০০১ চনত তেওঁ আৰম্ভ কৰিছিল ৰজনীগন্ধা ফুলৰ খেতি। এই যাত্ৰাত তেওঁ বিভিন্ন ক্ষেত্ৰত কৃষি, উদ্যান শস্য বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা যথেষ্ট পৰামৰ্শ তথা সহায়-সহযোগিতা লাভ কৰি আহিছে।

মূলতঃ নাৰ্জি, ৰজনীগন্ধা আৰু অৰ্কিডৰ বজাৰত বিপুল চাহিদা থকালৈ লক্ষ্য ৰাখি তেওঁ পূৰ্ণোদ্যম এই ফুল কেইবিধৰ খেতি কৰি আহিছে। দাসে ফুল খেতিৰে কেৱল নিজেই স্বাৱলম্বী হোৱাই নহয়, আন বহুজনকো এই ব্যৱসায়ৰ যোগেদি কৰ্মসংস্থাপন দি আহিছে। ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ হাজো অঞ্চলৰ বহু লোকে বৰ্তমান ব্যৱসায়িক ভিত্তিত ফুলৰ খেতি কৰিবলৈ আগবাঢ়ি আহিছে। প্ৰ্ভাত চন্দ্ৰ দাসৰ এই কৰ্মোদ্যমক ইতিমধ্যে চৰকাৰ আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানেও জনাইছে স্বীকৃতি। হাজো অঞ্চলক অসমৰ ফুলখেতিৰ প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত প্ৰভাত চন্দ্ৰ দাসৰ অৱদান অতুলনীয়।

বৰ্তমান বজাৰত ফুলৰ চাহিদা লাহে লাহে বৃদ্ধি পাই আহিছে। বিয়া-সবাহ, পূজা-পাৰ্বণকে ধৰি বিভিন্ন সভা-সমিতি শোভিত কৰিবলৈ ফুলৰ ব্যাপক প্ৰয়োগ হোৱা দেখা যায়। গতিকে থলুৱাভাৱে ফুলৰ খেতি কৰি এই চাহিদাসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত এখন নতুন অৰ্থনৈতিক দুৱাৰ মুকলি হোৱাৰ যথেষ্ট থল আছে। অসমতো নাৰ্জি, ৰজনীগন্ধা, এন্থুৰিয়াম, গোলাপ, অৰ্কিড আদি ফুলৰ উৎপাদন আৰু চাহিদা যথেষ্ট আছে। ইয়াৰ বাবে Horticulture Mission for North East and Himalayan States(HMNEH), Rashtriya Krishi Vikas Yojana(RKVY), CM Floriculture Mission আদি আঁচনি উপলব্ধ। যাৰ যোগেদি ফুলৰ খেতিয়কসকলে সুবিধা লাভ কৰিব পাৰে।

এইক্ষেত্ৰত লাগিব ফুলৰ খেতিৰ প্ৰতি আগ্ৰহ। প্ৰভাত চন্দ্ৰ দাসে এই দিশত অনুপ্ৰাণিত কৰিছে বহুতকে। তেওঁৰ একান্ত সাধনৰ ফলতে বৃহত্তৰ অঞ্চল এতিয়া ফুল খেতিৰ প্ৰাণকেন্দ্ৰ ৰূপে পৰিগণিত হৈছে।

উৎস: ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 2/15/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate