অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

২৫০ বিঘা মাটিত ভেণ্ডী খেতি

২৫০ বিঘা মাটিত ভেণ্ডী খেতি

ধুবুৰী জিলাৰ গৌৰীপুৰ সমষ্টি তথা শিলাইপাৰ গাওঁ পঞ্চায়তৰ অধীনস্থ চাৰথুগিপাৰা গাঁৱত বহু সংখ্যক কৃষকে প্ৰায় ২৫০ বিঘা মাটিত ভেণ্ডী খেতি কৰি ব্যাপক মাত্ৰাত লাভৱান হ’বলৈ সক্ষম হৈছে। এই কৃষকসকলে প্ৰতিবছৰে আলু, ভেণ্ডী, জলকীয়া আদি খেতি কৰি স্থানীয় ৰাইজক কম মূল্যত এই পাচলিবোৰ যোগান ধৰি আহিছে। তদুপৰি এই কৃষকসকলৰ উৎপাদিত ফচল গুৱাহাটী, বৰপেটা, গোৱালপাৰা, বঙাইগাঁও, শ্বিলং আদিৰপৰা পাইকাৰী ব্যৱসায়ী আহি ক্ৰয় কৰিও আহিছে। এইবেলি অঞ্চলটোত উজিৰ হুছেইন, জাহানুদ্দিন শ্বেখ, ইয়াকুব আলী, জাকিৰ হুছেইন, আক্কাছ আলী, শিৰাজুল হক, নায়াব আলী, ওমৰ আলী আদি কৃষকসকলৰ প্ৰতিজনে ৩-৪ বিঘাকৈ মুঠ প্ৰায় ২৫০ বিঘা খেতি মাটিত ভেণ্ডী খেতি কৰিছে। এই সন্দৰ্ভত গাওঁখনৰ প্ৰাক্তন পঞ্চায়ত সভাপতি তথা কৃষক জাকিৰ হুছেইনে জানিবলৈ দিয়া মতে, অঞ্চলটোৰ কৃষকসকলে মাঘৰ প্ৰথম সপ্তাহৰপৰাই ভেণ্ডী খেতিৰ বাবে বীজ ৰোপণ আৰম্ভ কৰে। ইয়াৰ ১০-১২ দিন পিছত কীটনাশক ঔষধ প্ৰয়োগ কৰে। ভেণ্ডীৰ পুলি তিনিপতীয়া হোৱাৰ পিছত প্ৰথম পৰ্যায়ত পানী দিয়াৰ লগতে বনপাত আঁতৰোৱাৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ লগতে সময়ে সময়ে কীটনাশক ঔষধ, ৰাসায়নিক সাৰ, ভিটামিন, হৰমন আদি প্ৰয়োগ কৰিব লাগে। লগতে মুঠ ৩-৪ বাৰকৈ উক্ত খেতিত পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে। এই গোটেই প্ৰক্ৰিয়াৰ পিছত প্ৰায় ৫০-৬০ দিনৰ ভিতৰত ভেণ্ডী গছ ঠন ধৰি উঠে আৰু চপাবৰ বাবে উপযোগী হয়। প্ৰথম পৰ্যায়ত অঞ্চলটোৰ কৃষকসকলে প্ৰতি কি:গ্ৰা: ভেণ্ডী ৫০ টকা মূল্যত বিক্ৰী কৰিছিল যদিও বৰ্তমান ৪-৫টকা মূল্যতহে বিক্ৰী কৰিব লাগে। উৎপাদনৰ হাৰ বৃদ্ধি পোৱা বাবে অচিৰেই ইয়াৰ মূল্য ২ টকা প্ৰতি কি:গ্ৰা: হ’ব বুলিও আশংকা কৰিছে অঞ্চলটোৰ কৃষকসকলে। তৎসত্বেও ভেণ্ডী খেতি কৰি প্ৰতি বিঘাত প্ৰায় ৫০-৫৫ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা বুলি কৃষকসকলে জানিবলৈ দিয়ে। অঞ্চলটোৰ কৃষকসকলে অহা জেঠ মাহলৈ ভেণ্ডী চপাবলৈ সক্ষম হ’ব বুলিও তেওঁলোকে জনায়। সম্প্ৰতি উক্ত কৃষকসকলৰ উৎপাদিত ভেণ্ডী ক্ৰয় কৰিবলৈ গুৱাহাটী, শ্বিলং, বিলাসীপাৰা, কোকৰাঝাৰ, ভূটান, চাপৰ, গোৱালপাৰা আদিৰপৰা ব্যৱসায়ী অহা বুলি কৃষকসকলে জানিবলৈ দিয়ে। অৱশ্যে শেহতীয়াভাৱে ভেণ্ডী খেতিত অচিনাক্ত পোকে আক্ৰমণ কৰাৰ বাবে অঞ্চলটোৰ কৃষকসকল চিন্তিত হৈ পৰিছে। তাৰ নিৰাময়ৰ বাবে তেওঁলোকে বিভাগীয় বিষয়া-কৰ্মচাৰীৰ সহায় বিচাৰি আবেদন জনাইছে। এই সন্দৰ্ভত জিলা কৃষি বিষয়া মনোৰঞ্জন দাসৰ নিৰ্দেশ মৰ্মে অলপতে কৃষি উন্নয়ন বিষয়া মইনুল হক, এ এই এ ৰাজীৱ অধিকাৰীসহ তিনিজনীয়া দল এটাই উক্ত গাঁৱত উপস্থিত হৈ ভেণ্ডী খেতি পৰিদৰ্শন কৰাৰ লগতে হোৱাইট ফ্লাই নামৰ এজাক পোকে উক্ত খেতিত আক্ৰমণ কৰা বুলি চিনাক্ত কৰে। হোৱাইট ফ্লাই একধৰণৰ ৱাই এম ভি ভাইৰাছ বুলিও মইনুল হকে জানিবলৈ দিয়ে। এইক্ষেত্ৰত উন্নয়ন বিষয়াজনে বিভিন্ন পৰামৰ্শ দিয়াৰ লগতে উক্ত পোকৰপৰা পৰিত্ৰাণ পোৱাৰ দিহা দিয়া বুলি জানিব পৰা গৈছে। চাৰথুগিপাৰা গাওঁখন বানপীড়িত অঞ্চল হোৱা বাবে ইয়াৰ খেতি মাটি বিশেষভাৱে সাৰুৱা তথা উপযোগী হোৱা বুলিও তেওঁ মন্তব্য কৰে। আনহাতে, চাৰথুগিপাৰা গাঁৱক জৈৱিক গাওঁ হিচাপে ঘোষণা কৰাৰ বাবে বিষয়া মইনুল হকে ইতিমধ্যে চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

লিখক: অৰুণ পাল, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 1/20/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate