অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

৮০ বিঘা মাটিত ৰবি শস্যৰ খেতিৰ প্ৰস্তুতি

৮০ বিঘা মাটিত ৰবি শস্যৰ খেতিৰ প্ৰস্তুতি

খৰালি বতৰৰ আগমনৰ লগে লগে কলিয়াবৰ কৃষি মহকুমাটোৰ অধীনৰ বিভিন্ন ঠাইৰ কৃষকসকলে ৰবি শস্যৰ খেতি কৰিবলৈ সাজু হোৱা দেখা গৈছে। কৃষি মহকুমাটোৰ অধীনৰ জখলাবন্ধাৰ সমীপৰ কেৰিবাকৰিত ১৯৭৭ চনতে স্থাপিত কেৰিবাকৰি সমবায় সমিতিখনৰ অধীনৰ ৩০ জন কৃষকে এইবেলিও বিভিন্ন প্ৰজাতিৰ ৰবি শস্যৰ খেতি কৰাৰ বাবে মাটি চহাই কৃষি উপযোগী কৰি তোলা পৰিলক্ষিত হৈছে। ইফালে, দুই হেক্টৰ কৃষিভূমিত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত মটৰ মাহৰ খেতি কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। অলপতে সমবায় সমিতিখনৰ চৌহদৰ আয়োজিত এখনি কৃষক সভাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত মটৰ মাহৰ বীজ বিতৰণ কৰি এই কৃষিকাৰ্য্যৰ শুভাৰম্ভ কৰে নগাঁও জিলা কৃষি বিষয়া প্ৰীতম ৰংপিয়ে। কলিয়াবৰৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া নিৰেন গগৈ, জখলাবন্ধাৰ কৃষি উন্নয়ন বিষয়া প্ৰাঞ্জল শৰ্মা, কৃষি সম্প্ৰসাৰণ কৰ্মী, টংকেশ্বৰ বৰা, মুক্তিনাথ শৰ্মা, অতুল গগৈ, সুৰজিৎ হাজৰিকা আৰু লক্ষী ভাগৱতী আদি উপস্থিত থকা সভাখনত জিলা কৃষি বিষয়া ৰংপিয়ে কৃষকসকলক নিষ্ঠাৰে কৃষিকাৰ্য্যত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়। সভাত সমবায় সমিতিখনৰ সভাপতি লক্ষীৰাম দাস, প্ৰাক্তন পঞ্চায়ত সভাপতি তথা কৃষক ৰমেশলাল চৌহান আদিয়ে দীৰ্ঘদিন ভোগ কৰি অহা কৃষক ৰাইজৰ সমস্যাসমুহ সমাধান কৰাৰ বাবে উদ্যোগ ল’বলৈ জিলা কৃষি বিষয়াগৰাকীক আহ্বান জনায়। লগতে বিশেষকৈ বনৰীয়া হাতী, ম’হ, গাহৰি আদিৰ উপদ্ৰৱ ৰোধ কৰিবলৈ কৃষিক্ষেত্ৰৰ চৌদিশে বেৰা দিয়াৰ ব্যৱস্থা কৰিবলৈকো দাবী জনায়। এই সমবায় সমিতিখনে ২ হেক্টৰ সৰিয়হ আৰু ১ হেক্টৰ মাটিত বিলাহীৰ খেতি কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে বুলি ৰাজহুৱা সভাত সমিতিখনে উল্লেখ কৰে। ইতিমধ্যে ২ হেক্টৰ কৃষিভূমিত মগু মাহে ঠন ধৰি উঠা কথাও সভাত উল্লেখ কৰা হয়। বিগত সময়ছোৱাতো সমবায়খনৰ কৃষক ৰাইজে ৰাসায়নিক সাৰ প্ৰয়োগৰ পৰা আঁতৰত থাকি কেৱল জৈৱিক পদ্ধতিৰে খেতি কৰি অধিক লাভৱান হোৱা বুলিও কৃষকসকলে প্ৰকাশ কৰে। উল্লেখ্য যে যি সময়ত ৰাসায়নিক সাৰ প্ৰয়োগেৰে দেশৰ জনসাধাৰণক কোঙা কৰি পেলোৱা বুলি অভিযোগ উঠিছে সেই সময়ত কেৰিবাকৰি সমবায় সমিতিখনে জৈৱিক পদ্ধতিৰে কৃষি কৰি যি নিদৰ্শন দাঙি ধৰিছে, তাক সচেতন ৰাইজে আদৰণি জনাইছে।

লিখক: তৰুণ মুক্তিয়াৰ, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 6/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate