অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰঙালাউ-বেঙেনাৰ খেতিৰে উজলিছে গোৱালপাৰা জিলাৰ আমগুৰি :

ৰঙালাউ-বেঙেনাৰ খেতিৰে উজলিছে গোৱালপাৰা জিলাৰ আমগুৰি :

 

সম্প্ৰতি গোৱালপাৰা জিলাত এক সেউজ বিপ্লৱৰ সূচনা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ বিভিন্ন ঠাইত এতিয়া কৃষকে ভিন ভিন পদ্ধতিৰে খেতি কৰা দেখা গৈছে। ক’লা ধান, কল, অমিতা তৈল খেজুৰ, ৰবৰ, আনাৰস, ফুলৰ খেতি, চক’ খেতি, বেঙেনা, কবি খেতিৰে জিলাখনৰ কৃষিখণ্ডৰ এক বিৰাট সম্ভাৱনা সৃষ্টি হৈছে। সমান্তৰালভাৱে ৰঙালাউৰ খেতিয়েও গোৱালপাৰাৰ কৃষিক্ষেত্ৰখনলৈ প্ৰভূত অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। গোৱালপাৰা জিলাৰ তিনিজন শিক্ষিত যুৱকে আৰম্ভ কৰিছে ৰঙালাউৰ খেতি। জিলাখনৰ মালাধৰাৰ নিকটৱৰ্তী আমগুৰি গাৱৰ কনক ৰাভা, অকণ ৰাভা আৰু মালাধৰাৰ প্ৰস্তুত ৰাভাই মিলি এই ৰঙালাউৰ খেতি কৰিছে। বহুদিন আগৰপৰাই খেতিৰ পৰিকল্পনা কৰা যুৱককেইজনে ২০১৭ চনৰপৰা ৰঙালাউৰ খেতি আৰম্ভ কৰে। সেই মৰ্মে তেওঁলোকে দেপালচুং ৰাহজ গাৱৰ অধীনস্থ বাঙালপাৰা গাঁৱত ১৫ বিঘা মাটিত আঢ়ৈ হাজাৰ ৰঙালাউৰ পুলি ৰোপণ কৰে। হাজাৰী, ৰাণা, মাহিকো আদি বৰ্ণসংকৰ জাতৰ ৰঙালাউসমূহ সৰু আকাৰৰ। ৫-৬ জনীয়া পৰিয়ালে এটা ৰঙালাউ সুন্দৰভাৱে খাব পাৰে। যুৱ খেতিয়ক কনক ৰাভাই জানিবলৈ দিয়া মতে, বৰ্তমান এটা পকা ৰঙালাউ ৩০ টকাৰপৰা ৫০ টকালৈকে বিক্ৰী হৈ আছে। তেওঁলোকে প্ৰতিদিনে গড়ে ১২-১৪ টাকৈ ৰঙালাউ গছৰপৰা ছিঙি আনি বজাৰত বিক্ৰী কৰি আহিছে। পাহাৰৰ নামনিৰপৰা বৈ আহি বাঙালপাৰা গাঁৱৰ মাজেৰে যোৱা জিলাখনৰ ঐতিহাসিক জিঞ্জিৰাম নৈখনৰ পাৰতে সুন্দৰভাৱে কৰা ৰঙালাউৰ খেতিয়ে অইন লোককো আকৰ্ষণ কৰিছে। যুৱ খেতিয়ককেইজনক ৰঙালাউৰ খেতি পদ্ধতি সম্পৰ্কে বিভিন্ন দিশত দিহা-পৰামৰ্শ আগবঢ়াই আছে দুধনৈস্থ কৃষি বিজ্ঞান কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত সমন্বয়ক ড° হিতু চৌধুৰী, কৃষি বিজ্ঞানী ড° হৰিচৰণ কলিতা আৰু শস্য ৰক্ষা বিশেষজ্ঞ ড° উৎপল ভট্টাচাৰ্যই। ৰঙালাউৰ খেতি পৰিদৰ্শন কৰি সাৰ প্ৰয়োগৰ পৰিমাণ, পোকৰপৰা পৰিত্ৰাণ, প্ৰয়োজনীয় পানীৰ পৰিমাণ সম্পৰ্কেও বিজ্ঞানীসকলে খেতিয়কসকলক বুজাই দি আহিছে।

আনহাতে, ওচৰৰে বালাচাৰী গাঁৱৰ সুদৰ্শন ৰাভা নামৰ যুৱকজনে ১৫-১৬ বছৰ ধৰি অকলেই বেঙেনাৰ খেতি কৰাৰ পিছত যোৱা বৰ্ষৰপৰা পাণডোবাৰ সঞ্জীৱ ৰাভা আৰু মালাধৰাৰ মৃদুল ৰাভাৰ লগ লাগি বালিচাৰী গাঁৱত বেঙেনাৰ খেতি কৰিছে। অইন ঠাইৰ তুলনাত বালাচাৰীৰ বেঙেনাৰ সোৱাদ অলপ বেলেগ বুলি যুৱ খেতিয়কসকলে জানিবলৈ দিছে। বছৰটোৰ অক্টোবৰ মাহৰ শেষৰপৰা মাৰ্চ মাহলৈ বেঙেনা গছৰপৰা ফল লাভ কৰিব পাৰি। প্ৰতি কিলোগ্ৰামত ৪০ টকা দৰত বিক্ৰী কৰি এই যুৱ খেতিয়ককেইজন ইতিমধ্যে আৰ্থিকভাৱে কিছু সবল হ’ব পাৰিছে। খেতিৰ প্ৰতি আকৃষ্ট হৈ এইদৰে এইকেইজন যুৱক আগবাঢ়ি অহাত অইন যুৱকেও অনুপ্ৰেৰণা লাভ কৰিছে। এনেদৰে সম্প্ৰতি গোৱালপাৰা জিলাৰ কৃষকসকলে কৃষিকাৰ্যৰ জৰিয়তে ৰাজ্যখনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। জিলা কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰই পূৰ্ণ সহযোগ আগবঢ়ালে জিলাখনৰ কৃষকসকল আৰু ন ন পদ্ধতিৰে বিভিন্ন ধৰণৰ খেতিত নিয়োজিত হ’ব পাৰিব বুলি উদ্যগী খেতিয়কসকলে আশা প্ৰকাশ কৰিছে।

লেখক: খগেন্দ্ৰ ৰাভা(দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate