অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰঙিয়াৰ গৰমচুঙত ‘গ্ৰাম্য উন্নয়ন মঞ্চ’ ৰ সেউজ বিপ্লৱ

ৰঙিয়াৰ গৰমচুঙত ‘গ্ৰাম্য উন্নয়ন মঞ্চ’ ৰ সেউজ বিপ্লৱ

পুঠিমাৰী নদীৰ ভয়াৱহ বানে প্ৰতিবছৰে সংহাৰ সৃষ্টি কৰি থৈ যোৱা ৰঙিয়া মহকুমাৰ পশ্চিম বড়িগোগ মৌজাৰ কৃষি প্ৰধান অঞ্চল গৰমচুঙত এইবেলি আৰম্ভ হৈছে এক নৰূপত সেউজ বিপ্লৱ। অনগ্ৰসৰ অঞ্চলটোৰ কেইগৰাকীমান শিক্ষিত চফল ডেকাই আৰম্ভ কৰা সেউজ বিপ্লৱে ইতিমধ্যে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰণিধানযোগ্য যে গাঁওখনৰ অঞ্জন ডেকা নামৰ এজন যুৱকে বিগত সময়ত তাকৰীয়া মাটিতে ভোট জলকীয়াৰ খেতি কৰি লক্ষ্যণীয় সাফল্য লাভ কৰাৰ পিছৰে পৰা সমগ্ৰ অঞ্চলটোত কৃষিকৰ্মৰ প্ৰতি যুৱক চামৰ অনুৰাগ বৃদ্ধি পাবলৈ লৈছে। সম্প্ৰতি অঞ্জনে ভোট জলকীয়াৰ পুলি উৎপাদনেৰে আন এক সাফল্য অৰ্জন কৰাৰ উপৰি কৃষক সমাজক এইবিধ খেতিৰ প্ৰতি আগ্ৰহী কৰি তুলিছে।

শেহতীয়াকৈ অঞ্জনৰ সাফল্যত অনুপ্ৰাণিত হৈ গাঁওখনৰ একাংশ শিক্ষিত নিবনুৱাই ‘গ্ৰাম্য উন্নয়ন মঞ্চ’ নামেৰে এটি স্বেচ্ছাসেৱী অনুষ্ঠান জন্ম দি নানা কল্যাণকামী পদক্ষেপ হাতত লৈছে। গাঁওখনৰ দৰিদ্ৰ মহিলাসকলৰ মাজত বোৱন কাৰ্য্যৰ জৰিয়তে স্বাৱলম্বিতাৰ মানসিকতা গঢ়ি তোলাৰ লক্ষ্যৰে স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে তেওঁলোকক যোগান ধৰিছে ‘লেটা’।

তদুপৰি অঞ্চলটোৰ প্ৰধান পথৰ দাঁতিত কেইবা কিলোমিটাৰ জুৰি গছপুলি ৰোপণ কৰি স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে দাঙি ধৰিছে পৰিৱেশ সংৰক্ষণ নিদৰ্শন। ‘গছ থাকিলে মানুহ থাকিব’, ‘সেউজীয়া ধৰণী আমাৰ জননী’, ‘এক বৃক্ষ দশ পুত্ৰ সম’ আদি বাণী সম্বলিত প্লে-কাৰ্ডৰে স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে ৰাইজক প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰতি সজাগ কৰাৰ প্ৰয়াসো কৰিছে। ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগৰ প্ৰাক্তন সঞ্চালক নুৰ মহম্মদে অলপতে গৰমচুঙত উপস্থিত হৈ যুৱককেইজনৰ পদক্ষেপক ভূয়সী প্ৰশংসা কৰে। অঞ্চলটোৰ জনসাধাৰণৰ উৎসাহ-উদ্দীপনাই যুৱকসকলক অধিক কৰ্মোদ্যমী আৰু প্ৰাণ চঞ্চল কৰি তুলিছে। গছ-গছনিৰ সেউজীয়াৰ মাজত জীৱনৰ ৰং বিচৰাৰ প্ৰয়াসত ব্যস্ত যুৱকসকলে।

এইবেলি স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে কৃষি বিভাগৰ কাৰ্য্যালয়ৰ লগত যোগাযোগ কৰি প্ৰায় ৫০ বিঘা মাটিত ৰবি শস্যৰ খেতি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে জানিবলৈ দিয়া মতে, এইবেলি তেওঁলোকে আন শাক-পাচলিৰ লগতে চাৰি বিঘা মাটিত পৰীক্ষামূলকভাৱে ‘খুফৰি জ্যোতি’ আলুৰ খেতি কৰিছে। আনহাতে, যুৱকসকলে ২৫ বিঘা মাটিত কৰিছে সৰিয়হ খেতি। বিশাল খেতিডৰাত সম্প্ৰতি সৰিয়হৰ ছেউ উপচি পৰিছে। তদুপৰি প্ৰায় ২২ বিঘা মাটিত পিয়াজ, মটৰ মাহ, ৰঙালাউ, তিঁয়হ, বিন, গাজৰ, বন্ধাকবি, ওলকবি আদিৰ খেতি কৰিছে স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে।

ৰুবুল কলিতা, অঞ্জন ডেকা, নৱজ্যোতি শৰ্মা, দেৱজিৎ তালুকদাৰ, হেমন্ত শৰ্মা, ভবেন কলিতা, বাবুল কলিতা, চন্দন দাস, অমৰজিৎ তালুকদাৰ, মৃণাল কলিতা, মানৱেন্দ্ৰ শৰ্মা আদি শিক্ষিত নিবনুৱাৰে গঠিত ‘গ্ৰাম্য উন্নয়ন মঞ্চ’ই অঞ্চলটোৰ কৃষকসকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে। বৰপুল্লা, পূৰ্ণক্ষুমদুম, বাৰাংহাটী, ভঁৰালতোলা, গৰমচুঙ, লহকৰপাৰা, দিপলা, চাপোন, কঞা, পালেপাৰা, একাদি, দৈচপাৰা, সৌৰামুৰী, দিহিনা, সদৈকুছি, পৈলানি, বৰগাছা আদি গাঁৱৰ দুখীয়া কৃষকক স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে আগবঢ়াইছে ৰবি শস্যৰ বীজ।

সম্প্ৰতি ৫০ বিঘা মাটিত কৰা ৰবি শস্যৰ খেতিয়ে অঞ্চলটোৰ ৰাইজৰ মন-প্ৰাণ পুলকিত কৰি তুলিছে। তাকৰীয়া অৰ্থৰে আৰম্ভ কৰা এই খেতিডৰাৰ পৰা সম্প্ৰতি সুন্দৰ লাভ আশা কৰিছে। স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে। স্বনিৰ্ভৰশীলতাৰ এই পদক্ষেপ সম্প্ৰতি সমগ্ৰ অঞ্চলটোৰ বাবে হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

লিখক: মিৰাজুল ইছলাম, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate