অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰজনী গন্ধা ফুলৰ খেতিৰে স্বাৱলম্বী যুৱক ৰমণী কুমাৰ

ৰজনী গন্ধা ফুলৰ খেতিৰে স্বাৱলম্বী যুৱক ৰমণী কুমাৰ

 

কৰ্ম সংস্থাপনৰ বাট বিচাৰি ৰাজ্যখনৰ শ শ নিবনুৱা যুৱকে দিহিঙে-দিপাঙে ঘূৰি ফুৰাৰ সময়ত উক্ত যুৱকসকলৰ বাবে এক কৰ্মপ্ৰেৰণা তথা পথ প্ৰদৰ্শক হিচাপে আশাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে নাওকাটাৰ এজন যুৱকে। নিজা কৃষিভূমিতে সুগন্ধি ৰজনীগন্ধা ফুলৰ খেতি কৰি স্বাৱলম্বী হৈ অঞ্চলটোৰ সমাজ জীৱনলৈ এক উজ্জ্বল নিদৰ্শনৰুপে চিহ্নিত হৈছে পূব নাওকাটা গাঁৱৰ যুৱক ৰমণী কুমাৰে । পেছাত এগৰাকী শিক্ষক কুমাৰে কাৰ্যনিৰ্বাহ কৰা পূব নাওকাটা প্ৰাথমিক বিদ্যালয়খন কিন্তু বিগত ৩০ বছৰে প্ৰাদেশিকৰণ হোৱা নাই । ফলস্বৰুপে অঞ্চলটোৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠান উত্তৰ বেতনা সমাজ সংস্কাৰক বাহিনীৰ উদ্যোগত নিবনুৱা যুৱক-যুৱতীসকলৰ কৰ্ম সংস্থাপনৰ পথ নিৰ্দেশনা শীৰ্ষক এক কৰ্মশালাত অংশগ্ৰহণ কৰি অসম কৃষি বিজ্ঞান কেন্দ্ৰ, কাঁহিকুছিৰ অনুপ্ৰেৰণাত উন্নতজাতৰ ৰজনী গন্ধা ফুলৰ খেতি কৰিবলৈ লয় । সেই উদ্দেশ্য আগত ৰাখি পূব নাওকাটা কৃষক ক্লাবৰ সৌজন্যত অসম কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানী পূব নাওকাটালৈ আহি ফুলৰ খেতিডৰাৰ মাটি বিনামূলীয়াকৈ পৰীক্ষা কৰি ফুলৰ খেতিৰ বাবে প্ৰমানপত্ৰ প্ৰদান কৰে । লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা প্ৰায় এক কুইণ্টল ৰজনী গন্ধা ফুলৰ আলু বীজৰুপে বিনামুলীয়াকৈ দিয়ে । যুৱকজনৰ নিজা কৃষিভূমিৰ প্ৰায় তিনি কঠা কৃষিক্ষেত্ৰত ফুলৰ আলু ৰোপণ কৰে । প্ৰতিবছৰে তেওঁ জানুৱাৰী, ফেব্ৰুৱাৰী, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, নৱেম্বৰ আৰু ডিচেম্বৰ মাহত উৎপাদিত ফুলৰ ডাল বিক্ৰী কৰি আহিছে । তেওঁৰ পৰা জানিব পৰা অনুসৰি কিছুসংখ্যক লোকে নিজৰ প্ৰয়োজনত ঘৰৰ পৰা ফুল নিয়াৰ উপৰি তেওঁ নিজেও ৰঙিয়া আৰু গুৱাহাটীত প্ৰতিডাল ফুলত ৪ টকাকৈ বিক্ৰী কৰি আহিছে যদিও উচিত মূল্য লাভ কৰিবলৈ সক্ষম হোৱা নাই । ৰজনীগন্ধা ফুলৰ খেতি কৰি স্বাৱলম্বী যুৱকগৰাকীয়ে ফুলৰ খেতিৰ উপৰি ঘৰতে জৈৱিক সাৰ উৎপাদন কৰি কুইণ্টল প্ৰতি পাঁচশ টকাকৈ বিক্ৰী কৰিও অতিৰিক্তভাৱে লাভৱান হ’ব পাৰিছে ।

লেখক :- ৰবীন্দ্ৰ কুমাৰ ডেকা

উৎস :- অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate