অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰজনীগন্ধা খেতিৰে স্বাৱলম্বিতা :

ৰজনীগন্ধা খেতিৰে স্বাৱলম্বিতা :

 

অসমৰ মাটি আৰু জলবায়ু ৰজনীগন্ধা ফুলৰ বাবে বেছ উপযোগী। ৰজনীগন্ধাৰ বৈজ্ঞানিক নাম পলিয়েনথাচ টিউবৰোচা। কাঠফ্লাৱাৰ বা ছিঙা ফুল, বাগিচাৰ সৌন্দৰ্য বৰ্দ্ধন, বিয়া, অভ্যৰ্থনা, সম্বৰ্দ্ধনা, জন্মদিন ইত্যাদিত ব্যৱহাৰ কৰাৰ উপৰি এইবিধ ফুলৰ বাণিজ্যিক ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আছে। এইবিধ ফুলৰপৰা বিভিন্ন সুগন্ধি দ্ৰব্য, সৌন্দৰ্য চৰ্চাৰ দ্ৰব্য, সৌন্দৰ্য চৰ্চাৰ দ্ৰব্য, ধূপকাঠি ইত্যাদি প্ৰস্তুত কৰা হয়। এইবিধ ফুল দুই শ্ৰেণীৰ পোৱা যায়- একক শ্ৰেণী আৰু দ্বৈত শ্ৰেণীত ফুলৰ পাহিসমূহ এপাহ-এপাহকৈ থাকে আৰু দ্বৈত শ্ৰেণীত ফুলৰ পাহিসমূহ দুই বা তিনিশাৰীৰ হয়।

একক শ্ৰেণীৰ জাত:

কলকাতা ছিংগল, মেক্সিকান ছিংগল, ফুলে ৰজনী, ৰজত ৰেখা, শ্ৰীনগৰ, আৰকা নিয়ন্ত্ৰ।

দ্বৈত শ্ৰেণীৰ জাত:

কলকাতা ডাবল, হায়দৰাবাদ ডাবল, পাৰ্ল ডাবল, স্বৰ্ণ ৰেখা, সুভাসিনী, বৈভৱ।

ৰজনীগন্ধা ফুলৰ খেতি কৰিবলৈ ওখ, ৰ’দঘাই, পানী জমা নোহোৱা মাটি বাছনি কৰিব লাগে। এইবুলি ফুলৰ খেতিৰ বাবে দিনৰ ভাগত ৬-৮ ঘন্টা সূৰ্যৰ পোহৰৰ দৰকাৰ। সেয়েহে ছাঁ পৰা ঠাইত ফুলৰ উৎপন্ন কম হয়। মঙহাল আলু বা বালব বসন্তৰ অৰম্ভণি বা মাৰ্চ-এপ্ৰিল মাহত ৰোপণ কৰিব লাগে। আলুসমূহ ৫ ছেন্টিমিটাৰ দ গাঁত আৰু ৩০ ছেন্টিমিটাৰ*৩০ ছেন্টিমিটাৰ ব্যৱধানত ৰোপণ কৰিব লাগে। প্ৰতি বিঘাত দুই টন পচন সাৰ আৰু ৯ কুইন্টল খলিহৈ প্ৰয়োগ কৰিলে ফুলৰ মান উন্নত হয়। আলু ৰোপণৰ ২৫-৩০ দিনৰ ভিতৰত প্ৰতি বিঘাত ইউৰিয়া আৰু মিউৰেট অব পটাছ ক্ৰমে ৬ কিলোগ্ৰাম আৰু ১০ কিলোগ্ৰাম প্ৰয়োগ কৰিব লাগে। বালব ৰোপণ কৰাৰ পিছত পানী প্ৰয়োগ কৰিব লাগে বালবৰ কাষৰ মাটি ভালকৈ স্থাপন কৰিবলৈ। বৰষুণৰ বতৰত যাতে ফুলৰ গুৰিত পানী জমা নহয়, তাৰ ব্যৱস্থা কৰিব লাগে। মাটি সাধাৰণতে শুকান ৰাখিব লাগে, কিন্তু একেবাৰে শুকাই যোৱাৰ আগত পানী প্ৰয়োগ কৰিব লাগে। কেইসপ্তাহমানৰ পিছত সেউজীয়া আগ আৰু শিপা ওলোৱাৰ পিছত পানীৰ পৰিমাণ বঢ়াই দিব লাগে। ৰজনী গন্ধাৰ বৰ্দ্ধনৰ সময়ত ২.৫-৩.৭৫ ছেন্টিমিটাৰ পানী এবাৰ প্ৰয়োগ কৰিব লাগে। এইবিধ ফুলৰ গছত সঘনাই অলপ অলপ পানী প্ৰয়োগ কৰিলে ফুলৰ উৎপাদন বৃদ্ধি হয়। ৰজনীগন্ধাত কোনো বিশেষ ধৰণৰ জটিল বেমাৰ নহয় আৰু পোকেও আক্ৰমণ নকৰে। আলু ৰোপণৰ সময়ত প্ৰতি বিঘাত এক কিলোগ্ৰাম ট্ৰাইক’ডাৰ্মা ভিৰিডি প্ৰয়োগ কৰি ভেঁকুৰজনিত ৰোগৰপৰা ৫-৬ মাহৰ পিছত ফুল ছিঙিব পাৰি। প্ৰতি বিঘাত প্ৰায় ৭৫ কুইন্টল ফুল পোৱা আৰু ফুলবোৰৰ বিক্ৰীমূল্য প্ৰায় ১ লাখ ৩৫ হাজাৰ টকা হয়।

লেখিকা: ড° মিনছুৰা বেগম(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 5/13/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate