অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰজনীগন্ধা ফুলৰ খেতিৰে সংস্থাপনৰ বাট দেখুৱাইছে তামুলপুৰৰ দমন নাৰ্জাৰীয়ে

ৰজনীগন্ধা ফুলৰ খেতিৰে সংস্থাপনৰ বাট দেখুৱাইছে তামুলপুৰৰ দমন নাৰ্জাৰীয়ে

তামুলপুৰ মহকুমাৰ জামুগুৰিত জন্মগ্ৰহণ কৰা এটি আঢ্যৱন্ত কৃষক পৰিয়ালৰ সন্তান, নলবাৰী জিলা সদৰত থকা অসম এপেক্স বেংকৰ বিষয়া দমন নাৰ্জাৰী (অনিল) বৰ্তমান তামুলপুৰ মহকুমা সদৰৰ বাসিন্দা। কৃষি কাৰ্য্যৰ প্ৰতি থকা অদম্য হেঁপাহ আৰু ‘জন্মগতভাৱে থকা আন্তৰিকতাৰ বাবে প্ৰায় ডেৰ-দুবিঘা মাটিকালিৰ নিজৰ বাসস্থানৰ চৌহদতে সুন্দৰকৈ নানা তৰহৰ ফল-মূল, ফুল, শাক-পাচলি লগাই নিজৰ বাৰীখনৰ সৌন্দৰ্য বৃদ্ধি কৰিছে এইজন লোকে। দমন নাৰ্জাৰীৰ দূৰদৰ্শনৰ কৃষি শিতান চোৱাটো এটা চখ। এদিন কৃষি শিতানত ‘ৰজনীগন্ধা’ ফুলৰ খেতি বিষয়ক এটা অনুষ্ঠান দেখি তেওঁৰ নিজৰো ৰজনীগন্ধাৰ প্ৰতি আছিল দুৰ্বলতা। ৰজনীগন্ধাৰ প্ৰেমত পৰি এদিন দমন নাৰ্জাৰীয়ে ঢাপলি মেলে ৰঙিয়ালৈ ফুলৰ বীজ বিচাৰি। ৰঙিয়াৰ তুলসীবাৰীৰ এজন ফুলৰ যুৱ ব্যৱসায়ীয়ে ৰজনীগন্ধাৰ ভাল খেতি কৰে। তেওঁৰ পৰা ৰজনীগন্ধাৰ বীজ ক্ৰয় কৰি আনি ওচৰতে থকা এজন শিক্ষকৰ মাটি বন্ধকত লৈ নাৰ্জাৰীয়ে ৰজনীগন্ধাৰ খেতি আৰম্ভ কৰে। দমন নাৰ্জাৰীয়ে ৩ বিঘা মাটিত ৰজনীগন্ধাৰ খেতি কৰে। বাকী মাটিত আলু, ৰঙালাউ, জিকা, ভোল, নানা তৰহৰ বতৰৰ শাক-পাচলিৰ খেতি কৰি স্ব-নিৰ্ভৰশীল হোৱাৰ লগতে আৰ্থিকভাৱেও লাভান্বিত হ’বলৈ সক্ষম হৈছে।

দমন নাৰ্জাৰীৰ ৰজনীগন্ধাৰ খেতি ডৰাৰ বয়স দুবছৰ হ’ল। নাৰ্জাৰীয়ে জনোৱা মতে, এডৰা মাটিত একেৰাহে তিনি বছৰ ধৰি এই ফুলৰ খেতি কৰিব পাৰি। অৰ্থাৎ এবাৰ বীজ ৰোপণ কৰি তিনি বছৰ ইয়াৰ পৰা উৎপাদন পাব পাৰি। বছৰৰ জুন-জুলাই মাহত ৰজনীগন্ধাৰ খেতিৰ পৰা ফুল সংগ্ৰহ কৰিব পাৰি যদিও জুন-জুলাই মাহত ফুলবিধৰ চাহিদা বজাৰত নথকাৰ বাবে কৃষকসকল সমস্যাত পৰে। এই দুটা মাহত পূজা-পাৰ্বন, বিয়া-সবাহৰ আয়োজন কম। বছৰৰ বাকী ১০ টা মাহতহে ৰজনীগন্ধাৰ চাহিদা বেছি হয়। নাৰ্জাৰীয়ে জনোৱা মতে, প্ৰথম বছৰত তেওঁৰ ফুলৰ উৎপাদন কম আছিল আৰু মাৰ্চ-এপ্ৰিল মাহত দেখা দিয়া অলপ খৰাং অৱস্থাই তেওঁক জুৰুলা কৰিছিল। ৰজনীগন্ধা খেতিত যথেষ্ট পানীৰ প্ৰয়োজন হয় বুলি উল্লেখ কৰি তেওঁ কয় যে উপযুক্ত পৰিমাণে পানী যোগান ধৰিলেহে এইবিধ ফুলৰ উৎপাদন ভাল হয়। নাৰ্জাৰীয়ে নিজৰ ফুলনিডৰাত ওচৰতে থকা গোসাঁই ডোঙৰ পৰা নলা খান্দি পানী দিয়াৰ ব্যৱস্থা কৰিছে। নাৰ্জাৰীয়ে খেতিডৰা চোৱা-চিতাৰ বাবে কেইবাজনো শ্ৰমিক নিয়োজিত কৰিছে। তেওঁ ফুলনিডৰাৰ চাৰিওফালে কেইবাশ মালভোগ কলৰ পুলি ৰোপণ কৰিছে। তাৰ পৰাও যথেষ্ট পৰিমাণৰ কল উৎপাদন কৰাৰ আশা পুহি ৰাখিছে। নাৰ্জাৰীয়ে সম্প্ৰতি প্ৰতিটো ফুলৰ ডাল এটকাৰ পৰা ১.৫০ টকা পৰ্য্যন্ত দৰত বিক্ৰী কৰে। ৰঙিয়াৰ পৰা ব্যৱসায়ী আহি এই ডালসমূহ লৈ যায়। ৰঙিয়াৰ ব্যৱসায়ীয়ে গুৱাহাটীত প্ৰতিটো ফুলৰ ডাল দুটকা দৰত বিক্ৰী কৰে। দমন নাৰ্জাৰীয়ে জানিবলৈ দিয়া মতে, সপ্তাহটোত ৰজনীগন্ধা ডৰাৰ পৰা ২-৩ বাৰ ফুলৰ ডাল চপাব পাৰি। আনহাতে, মাহৰ চাৰিটা সপ্তাহতে ফুলৰ ডাল চপাই বিক্ৰী কৰিব পাৰি। সপ্তাহত এবিঘা মাটিৰ পৰা ৰজনীগন্ধাৰ ১০,০০০ টা ডাল পাব পাৰি। এইমৰ্মে তিনি বিঘাৰ ফুলনিডৰাৰ পৰা ৩০,০০০ টা ফুলৰ ডাল সংগৃহীত হয়। এইসমূহ ডাল বিক্ৰী কৰি নাৰ্জাৰীয়ে যিকোনো এজন লোকে সংস্থাপনৰ বাট মোকলাই ল’ব পাৰে বুলিও কয়। নাৰ্জাৰীয়ে জনোৱা মতে, তেওঁ এই পৰ্য্যন্ত ব্যৱসায় ভিত্তিত খেতি কৰা নাই, তথাপি ৰজনীগন্ধা ডৰাৰ পৰা সপ্তাহত এটি ভাল অংকৰ ধন লাভ বুলি জানিবলৈ দিয়ে।

লিখক: উৎপল ডেকা, তামুলপুৰ, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate